ETV Bharat / sukhibhava

Hugging Benefits: প্ৰেম তথা স্বাস্থ্য দুয়োটাৰে বাবে প্ৰয়োজনীয় আলিংগন, ইয়াৰ ৪টা ডাঙৰ উপকাৰিতা জানি লওক

Benefits Of Hugging: আলিংগন কৰাটো প্ৰেম আৰু মৰম প্ৰকাশ কৰাৰ এক উত্তম উপায়, কিন্তু আপুনি জানেনে যে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাসমূহ ?

Hugging is necessary for both love and health, know its 4 big benefits
প্ৰেম তথা স্বাস্থ্য দুয়োটাৰে বাবে প্ৰয়োজনীয় আলিংগন, ইয়াৰ ৪টা ডাঙৰ উপকাৰিতা জানি লওক
author img

By

Published : Jul 31, 2023, 12:45 PM IST

Updated : Jul 31, 2023, 1:03 PM IST

যেতিয়াই আমি কাৰোবাক ভালপাওঁ বা যদি তেওঁৰ কথা বা আচৰণ ভালপাওঁ, তেতিয়া আমি নিশ্চিতভাৱে সেই ব্যক্তিজনক সাৱটি ধৰো বা আলিংগন কৰো, ই হৃদয় আৰু মনক শান্তি দিয়ে । আৱেগ প্ৰকাশৰ ই এক সুন্দৰ উপায় । যেতিয়াই আপুনি আপোনাৰ পিতৃ-মাতৃ, ভাই-ভনী, প্ৰেমিক বা বন্ধুক সাৱটি ধৰে, তেতিয়াই প্ৰেমৰ অনুভৱ বহুগুণে বৃদ্ধি পায় আৰু আপুনি এক মৰমৰ অনুভৱ কৰে, কিন্তু আপুনি জানেনে যে সাৱটি ধৰাটোৱে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰিব পাৰে ।

সাৱটি ধৰাৰ সুবিধা

বহু গৱেষণা আৰু অধ্যয়নত দেখা গৈছে যে, ওচৰৰ কাৰোবাক আলিংগন কৰিলে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰিতা সাধন হয়, ই বহু সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে । জানো আহক ইয়াৰ স্বাস্থ্য লাভালাভসমূহ...

১/ মেজাজ উন্নত হ’ব

যদিও আপুনি স্বাভাৱিক মেজাজত থাকে আৰু কোনো ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ সৈতে আলিংগন কৰে, তেতিয়াও মেজাজ বহুগুণে ভাল হৈ পৰে আৰু আপুনি ইতিবাচক অনুভৱ কৰিবলৈ আৰম্ভ কৰে । সেইবাবেই প্ৰতিদিনে আপোনজনক আলিংগন কৰিব লাগে ।

২/ টেনচন নাইকিয়া হৈ যাব

যেতিয়াই কাৰোবাক সাৱটি ধৰে তেতিয়াই আপুনি শিথিলতা অনুভৱ কৰে আৰু বহু ধৰণৰ দুখ পাহৰি যায় । মানসিক স্বাস্থ্যৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ, সেইবাবেই দুখী থকা লোকক আলিংগন কৰিলে তেওঁলোকে মানসিক চিন্তাৰ পৰা কিছু সকাহ লাভ কৰে ।

৩/ ৰক্ত সঞ্চালন ভাল হয়

আলিংগন কৰিলে শৰীৰত তেজ আৰু অক্সিজেনৰ পৰিবহন বৃদ্ধি পায়, যাৰ ফলত শৰীৰলৈ শক্তি আনে আৰু আপোনাৰ ভাগৰ দূৰ কৰিব পাৰে । ইয়াৰ লগতে শৰীৰৰ কাৰ্যক্ষমতাও ভাল হয় ।

৪/ মগজু চোকা হয়

প্ৰায়ে আলিংগন কৰা লোকসকলৰ স্মৃতিশক্তি ভাল হয়, কাৰণ এনে কৰিলে তেওঁলোকে অধিক সুখী আৰু শিথিলতা অনুভৱ কৰিব, গতিকে মনত ইতিবাচক প্ৰভাৱ পৰিব, যাৰ বাবে মনটো আগতকৈ চোকা হৈ পৰে ।

লগতে পঢ়ক: Skipping Dinner: ৰাতিৰ আহাৰ এৰি দিয়াটো কিয় বেয়া অভ্যাস বুলি কোৱা হয় ? কাৰণ জানিলে এই কাম কৰিবলৈ পাহৰি যাব আপুনি

Last Updated : Jul 31, 2023, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.