ETV Bharat / sukhibhava

Mental Health: আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব এইসমূহ কামে - কিকবক্সিং

আমি খোৱা খাদ্য আৰু আমাৰ দৈনন্দিন ৰুটিনৰ ওপৰতেই মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে ৷ যাৰ বাবে আপুনি আপোনাৰ দৈনিক কৰা কাম-কাজত সচেতন হোৱাটো খুবেই দৰকাৰ ৷ মন তথা মগজুক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি আপোনাৰ দৈনন্দিন ৰুটিনত কি কি অন্তৰ্ভুক্ত কৰিব, আজি জানো আহক-

How to improve your mental wellbeing
আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব এইসমূহ কামে
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:55 PM IST

শৰীৰৰ লগতে আমি মানসিকভাৱেও স্বাস্থ্যৱান হৈ থকাটো খুবেই জৰুৰী ৷ মনটো যদি স্বাস্থ্যৱান হৈ থাকে, তেতিয়া আমি শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিব পাৰো ৷ প্ৰকৃততে আমি খোৱা খাদ্য আৰু আমাৰ দৈনন্দিন ৰুটিনৰ ওপৰতেই মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে ৷ যাৰ বাবে আপুনি আপোনাৰ দৈনিক কৰা কাম-কাজত সচেতন হোৱাটো খুবেই দৰকাৰ ৷ মন তথা মগজুক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি আপোনাৰ দৈনন্দিন ৰুটিনত কি কি অন্তৰ্ভুক্ত কৰিব, আজি জানো আহক-

যোগ কৰাৰ বহুতো লাভালাভ আছে ৷ ই আপোনাক উশাহ-নিশাহৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ শিকায় ৷ মনোৰোগ বিশেষজ্ঞসকলে এইটোও বিশ্বাস কৰে যে যিসকলে দৈনিক যোগ কৰে, তেওঁলোকৰ মন শান্ত হৈ থাকে ৷ কিয়নো যোগ আধ্যাত্মিকতা, ধ্যান আৰু উশাহৰ চলাচলৰ ওপৰত আধাৰিত ৷ অনুলোম-বিলোম, ভুজংগাসন, বালাসন, বক্ষাসন, শৱাসনৰ দৰে আসনবোৰ মানসিক স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয় ৷

আপুনি এজন বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপোনাৰ পছন্দ আৰু মানসিক স্বাস্থ্যৰ বাবে উন্নত যোগাসন কৰিব পাৰে ৷ এক অধ্যয়নত প্ৰমাণিত হৈছে যে যিসকল লোকে দৈনিক ব্যায়াম কৰে তেওঁলোক আৱেগিক, শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ পৰে ৷

  • চাইকেল চলোৱা

চাইকেল চলোৱাটোক স্বাস্থ্যৰ বাবে এটা অতি উপকাৰী ব্যায়াম বুলি গণ্য কৰা হয় ৷ ই শৰীৰৰ পৰা এনে এবিধ হৰমন মুকলি কৰে, যিয়ে আপোনাৰ মনটোক সুখী অনুভৱ কৰাত সহায় কৰে ৷ মনোভাৱ উন্নত কৰি উদ্বেগ, হতাশা আঁতৰ কৰাত এই হৰমনটো অতি উপকাৰী ৷ এনে পৰিস্থিতিত, চাপৰ আশংকা হ্ৰাস কৰাৰ বাবে চাইকেল চলোৱা এক ভাল ব্যায়াম ৷

  • খোজ কঢ়া

বিশেষজ্ঞসকলৰ মতে, খোজ কঢ়াটোৱে বহুতো স্বাস্থ্য সমস্যা আঁতৰ কৰে ৷ যদি আপুনি মানসিকভাৱে স্বাস্থ্যৱান নহয় আৰু সকলো সময়তে সমস্যাত থাকে, তেনেহ'লে আপুনি খোজ কঢ়াটো আপোনাৰ দৈনন্দিন ৰুটিনৰ এটা অংশ কৰিব পাৰে ৷ বহুতো গৱেষণাত এইটো প্ৰমাণিত হৈছে যে দৈনিক খোজ কঢ়া লোকসকলৰ উদ্বেগ, হতাশাৰ স্তৰ কম হয় ৷ যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িব নোৱাৰে, সন্ধিয়া খোজ কাঢ়ক ৷ দৈনিক ৩০-৪০মিনিট সময় খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

  • সমৰ কলা

বক্সিং, কিকবক্সিঙকো ব্যায়ামৰ প্ৰকাৰ হিচাপে গণ্য কৰা হয় ৷ বিশেষজ্ঞসকলৰ মতে, ই কেৱল শাৰীৰিক সক্ৰিয়তাই নহয়, মনোভাৱ তথা মানসিক স্বাস্থ্য উন্নত কৰাতো যথেষ্ট সহায় কৰে ৷ সমৰ কলা কৰাৰ ফলত আত্মবিশ্বাস, শক্তিৰ লগতে একাগ্ৰতাও বৃদ্ধি হয় ৷ বিশেষজ্ঞসকলৰ মতে, এই সকলোবোৰ গুণে ব্যক্তিজনক আৱেগিকভাৱে শক্তিশালী কৰাত সহায় কৰে ৷ যাৰ ফলত মানসিক স্বাস্থ্য ভাল হয় ৷

  • দৌৰা

দৌৰাটোও স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ বাহিৰলৈ ওলাবলৈ সময়ৰ অভাৱ হ’লে আপুনি ট্ৰেডমিলত দৌৰিবলৈ চেষ্টা কৰিব পাৰে ৷ মানসিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ আছে ৷ বিশেষজ্ঞসকলৰ মতে, ব্যায়ামৰ এক এণ্টিডিপ্ৰেচেণ্ট প্ৰভাৱ আছে ৷যিয়ে আৱেগিক আৰু শাৰীৰিক চাপৰ প্ৰতি মগজুৰ সঁহাৰি উন্নত কৰে ৷

লগতে পঢ়ক: World Osteoporosis Day 2023: আজি বিশ্ব অষ্টিঅ’পৰ’ছিছ দিৱস; এই ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.