ETV Bharat / sukhibhava

যৌন সম্ভোগৰ পৰা বিৰতিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে ?

author img

By

Published : May 14, 2022, 4:09 PM IST

যৌন প্ৰয়োজনীয়তা যিকোনো মানুহৰ বাবে মৌলিক বিষয় (Sexual needs are basic to any human being)। প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে লোকসকল যৌনতাৰ ক্ষেত্ৰত সক্ৰিয় হয়, কিন্তু কেতিয়াবা কিছুমান কাৰণত আৰু বয়সৰ লগে লগে ইয়াৰ পৰা আঁতৰিব লগীয়া হ'ব পাৰে । ই আপোনাৰ স্বাস্থ্যৰ ওপৰতো কেনেকুৱা প্ৰভাৱ পেলাব পাৰে ।

Sexual needs are basic to any human being
যৌন সম্ভোগৰ পৰা বিৰতিৰ প্ৰভাৱ

শোৱনি কোঠাত আপুনি কেইবাটাও কাৰণত নিৰাশ হ'বলগীয়া হ'ব পাৰে । সেয়া ব্ৰেক আপ হওঁক, ব্যস্ত সময়সূচী হওঁক বা কোনো এজনে বিৰতি লোৱাৰ সিদ্ধান্ত লোৱাই হওঁক । কাৰণ যিয়েই নহওঁক কিয়, যৌন সম্ভোগৰ পৰা দীঘলীয়া বিৰতিৰ ফলত এগৰাকী ব্যক্তিৰ দেহত কিছুমান প্ৰভাৱ পৰিব পাৰে । নিয়মীয়া যৌন সম্ভোগে আপোনাক কেৱল সুখী কৰাই নহয় আপোনাক স্বাস্থ্যৱান কৰিও ৰাখিব পাৰে । আপোনাৰ যৌন জীৱনৰ বিৰতিয়ে আনিব পৰা ৮ টা প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

  1. হৃদযন্ত্ৰত প্ৰভাৱ (Affects heart health): দীঘলীয়া সময়ৰ বাবে যৌন সম্ভোগ নকৰাটো আক্ষৰিকভাৱে আপোনাৰ হৃদযন্ত্ৰৰ বাবে ভাল নহয় (Not having sex for a long time is not good for your heart)! যৌন সম্ভোগ নকৰাৰ ফলত আপুনি কাৰ্ডিওভাস্কুলাৰ ৰোগত আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থাকে । অতিৰিক্ত কেলৰি দহন কৰাৰ এক উৎকৃষ্ট উপায় হোৱাৰ উপৰিও, যৌন সম্ভোগে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰনৰ স্তৰৰ মাজত ভাৰসাম্য বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ আশংকা হ্ৰাস হয় ।
  2. চাপ আৰু উদ্বেগ বৃদ্ধি (Leads to increased stress, anxiety level): যৌন সম্ভোগৰ সময়ত এণ্ডোৰ্ফিন আৰু অক্সিটচিনৰ দৰে সুখী হৰমন শৰীৰত নিৰ্গত হয় । যদি আপুনি ইয়াৰ পৰা বিৰতি লয়, আপোনাৰ শৰীৰে এই হৰমনবোৰ কম কৈ নিৰ্গত কৰে, যাৰ ফলত আপোনাৰ ওপৰত পৰা চাপৰ লগত মোকাবিলা কৰাত কঠিন হ'ব পাৰে আৰু উদ্বেগ বৃদ্ধি হ'ব পাৰে (Lack of sex leads to increased stress)।
  3. স্মৃতিশক্তিৰ সমস্যা (Increased memory issues): যৌনতাৰ অভাৱৰ ফলত আপুনি কথাবোৰ সোনকালে পাহৰি যাব পাৰে (Lack of sex can make you forgetful)। এক অধ্যয়নে প্ৰকাশ কৰিছে যে যেতিয়া যৌন সম্ভোগ বন্ধ কৰে তেতিয়া স্মৃতিশক্তিৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে (Lack of sex may increased memory issues)। আমোদজনক ভাৱে, নিয়মীয়া যৌন সম্ভোগে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে । বিশেষকৈ ৫০ৰ পৰা ৮৯ বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা যায় ।
  4. যৌন শক্তি হ্ৰাস (Reduced libido): যৌন সম্ভোগৰ এক দীঘলীয়া বিৰতিয়ে আপোনাৰ যৌনতাৰ প্ৰতি আগ্ৰহ কমাই আনিব পাৰে (Long dry spell can make you lose interest in sex altogether)। কেৱল নিয়মীয়া যৌন সম্ভোগেহে আপোনাৰ যৌন শক্তি বৃদ্ধি কৰিব পাৰে । গতিকে আপোনাৰ যৌন সম্ভোগ যিমানে বেছি হ'ব, ভৱিষ্যতে আপুনি ইয়াক কৰি থাকিব বিচাৰিব ।
  5. ৰোগ প্ৰতিৰোধ ব্যৱস্থা (Compromised immune system): দীঘলীয়া বিৰতিয়ে আপোনাক চৰ্দি আৰু সাধাৰণ ফ্লুৰ প্ৰতি সংবেদনশীল কৰি তুলিব পাৰে (Dry spell can leave you susceptible to cold and flu)। নিয়মীয়া যৌন সম্ভোগে শৰীৰটোক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰি ৰাখে কিয়নো ই শৰীৰত "ইমিউনোগ্লোবিউলিন এ" এণ্টিবডীৰ পৰিমাণ বৃদ্ধি কৰে ।
  6. যৌনাংগ অৱস্থা (Vaginal health): দীঘলীয়া যৌন বিৰতিৰ ফলত যৌনাংগ কম আৰামদায়ক হ'ব পাৰে ; সহজ আৰু আৰামদায়ক যৌন সম্ভোগৰ বাবে মহিলাৰ শৰীৰ উত্তেজিত আৰু চেল্ফ-লুব্ৰিকেট হ'বলৈ অধিক সময় লয় । নিয়মীয়াকৈ প্ৰেম কৰা বা হস্তমৈথুনে যৌনাংগৰ কোষবোৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে কিয়নো ই তেজৰ প্ৰবাহ সুচল কৰে ।
  7. বৰ্ধিত বিষ (Increased aches and pains): বিষৰ পৰা পৰিত্ৰাণ পাবলৈ যৌন উত্তেজনা এটা উত্তম উপায় । যৌন সম্ভোগৰ সময়ত এণ্ডোৰ্ফিন আৰু অন্যান্য হৰমনৰ উচ্চ প্ৰবাহে মুৰ, পিঠি আৰু ভৰিৰ বিষ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু আৰ্থ্ৰাইটিছৰ বিষ আৰু ঋতুস্ৰাৱৰ বিষৰ বাবেও উপকাৰী ।
  8. প্ৰষ্টেট কৰ্কটৰোগৰ অধিক সম্ভাৱনা (Higher chances of prostate cancer): কিছুমান অধ্যয়নত দেখা গৈছে যে যৌনতাৰ প্ৰতি অধিক সক্ৰিয় পুৰুষৰ প্ৰষ্টেট কৰ্কট হোৱাৰ আশংকা কম । ৩০,০০০ পুৰুষৰ ওপৰত কৰা এক অধ্যয়নত কোৱা হৈছে যে যিসকল পুৰুষে মাহত গড়ে ২১ বাৰতকৈ অধিক বীৰ্য্য স্খলন কৰে, মাহত ৪-৭ বাৰ কৰা পুৰুষৰ তুলনাত তেওঁলোকৰ প্ৰষ্টেট কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম । অৱশ্যে, একাধিক সংগীৰ সৈতে যৌন সম্ভোগ কৰা বা অসুৰক্ষিত যৌন অভ্যাসে আপোনাৰ প্ৰষ্টেট কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।

অৱশ্যে যৌন সম্ভোগৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা বিষয়বোৰৰ অৰ্থ এইটো নহয় যে যৌন সম্ভোগ স্বাস্থ্যৱান হোৱাৰ একমাত্ৰ উপায় । সুস্বাস্থ্যৱান হৈ থাকিবলৈ পুষ্টিকৰ আহাৰ আৰু স্বাস্থ্যকৰ জীৱনশৈলী অতি আৱশ্যক । প্ৰতিজন ব্যক্তিৰে নিজা যৌন আকাংক্ষা থাকে আৰু যৌন সম্ভোগৰ প্ৰতি আঁতৰি অহাটো সম্পূৰ্ণ স্বাভাৱিক ।

লগতে পঢ়ক :পুৰুষৰ বাবে যৌনাংগৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.