ETV Bharat / sukhibhava

Health Tips: দিনটোত কেইখন ৰুটি খালে আপোনাৰ অপকাৰ নহয় ! সবিশেষ জানি লওক...

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:31 PM IST

ৰুটিত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু প্ৰ’টিন থাকে । ইয়াত এনেধৰণৰ আন বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰৰ শক্তি বজাই ৰাখে আৰু ব্যক্তিজনৰ শৰীৰ সুস্থ কৰি ৰাখে । কিন্তু এদিনত কিমান ৰুটি খাব লাগে জানেনে ।

Health Tips: How many rotis should be eaten in a day, do you know the answer?
আমি দিনটোত কিমানখন ৰুটি খাব লাগে, আপুনি ইয়াৰ উত্তৰ জানেনে ?

ঘেঁহুৰ ৰুটি আমাৰ খাদ্যাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে ৷ ঘেঁহুৰ ৰুটিত কেলচিয়াম আৰু প্ৰ’টিন প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ বাহিৰেও ঘেঁহুৰ ৰুটিত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে আমাৰ শৰীৰত শক্তি বজাই ৰাখে ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আমি এদিনত কেইখন ৰুটি খাব লাগে ?

যদিও মিলেট আৰু মাকৈৰ ৰুটি খোৱা হয়, কিন্তু ভাৰতৰ বেছিভাগ ঘৰতে কেৱল ঘেঁহুৰ ৰুটিহে খোৱাৰ প্ৰথা চলি আহিছে ৷ সেয়ে এই প্ৰতিবেদনত আমি আপোনালোকক জনাম যে এদিনত কিমান ৰুটি খাব লাগে আৰু এমাহৰ বাবে ঘেঁহুৰ ৰুটি এৰি দিলে আপোনাৰ শৰীৰত কি প্ৰভাৱ পৰিব পাৰে ৷ জানো আহক...

ঘেঁহুৰ ৰুটি কিমান পৰিমাণে খাব লাগে

সাধাৰণতে ঘেঁহুৰ আটাৰে তৈয়াৰী ৰুটিত প্ৰায় ১২০ কেলৰি থাকে ৷ এনে ক্ষেত্ৰত যদি স্বাস্থ্য বিশেষজ্ঞসকলৰ পৰা চোৱা হয় যদি, মহিলাসকলে দিনত অৰ্থাৎ পুৱাৰ ভাগত মাত্ৰ দুখন ৰুটি আৰু পুৰুষে পুৱা তিনিখন ৰুটি খাব লাগে ৷ আনহাতে, ৰাতিৰ আহাৰ খোৱাৰ সময়ত প্ৰয়োজন অনুসৰি ৰুটি খাব পাৰে ৷ কিন্তু ৩ বা ৪ খনতকৈ অধিক ৰুটি হজম কৰাতো স্বাস্থ্যৰ পক্ষে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

১ মাহ যদি ৰুটি নাখায় ?

আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি এমাহ ঘেঁহুৰ ৰুটি নাখায় তেন্তে শৰীৰত কেনে পৰিৱৰ্তন হ’ব পাৰে ? স্বাস্থ্য বিশেষজ্ঞৰ মতে, ৰুটি খোৱাটো সম্পূৰ্ণৰূপে এৰি দিয়াটো সম্ভৱ নহয় ৷ অৱশ্যে আপুনি নিশ্চিতভাৱে ৰুটিৰ পৰিমাণ অলপ কমাই দিব পাৰে ৷ যিসকলে ওজন হ্ৰাসৰ যাত্ৰাত আছে, তেওঁলোকে ৰুটিৰ সলনি সেউজীয়া শাক-পাচলিৰ চালাড খাব পাৰে ৷ উল্লেখ্য যে, ঘেঁহুৰ ৰুটি খাই শৰীৰত কাৰ্বহাইড্ৰেট আৰু গ্লুটেনৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে ৷

ইয়াৰ উপৰিও ঘেঁহুৰ ৰুটি বেছিকৈ খালে ৰক্তশৰ্কৰা মাত্ৰা বৃদ্ধি পায় ৷ ঘেঁহুত কাৰ্বহাইড্ৰেট পোৱা যায় ৷ যাৰ ফলত ৰক্তচাপ বৃদ্ধিৰ সমস্যা হ’ব পাৰে ৷ যিহেতু ৰুটিয়ে শৰীৰক শক্তি প্ৰদান কৰে, সেয়েহে ইয়াক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰাৰ পৰিৱৰ্তে ইয়াৰ পৰিমাণ হ্ৰাস কৰিব পাৰিলে ভাল ৷

লগতে পঢ়ক: Stomach Pain: পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.