ETV Bharat / sukhibhava

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সৌন্দৰ্য বৃদ্ধিতো অৰিহণা যোগোৱা ফলবিধ

author img

By

Published : Jun 9, 2022, 8:36 PM IST

আয়ুৰ্বেদত অৰ্জুন গছ অতি উপকাৰী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ প্ৰতিটো অংশই যেনে ফল, বাকলি, পাত আৰু শিপা এই সকলোবোৰ বিভিন্ন প্ৰকাৰৰ ৰোগ আৰু স্বাস্থ্য় সম্পৰ্কীয় সমস্যা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় (Arjuna fruits health benefit) ।

HEALTH BENEFITS OF ARJUNA FRUITS
হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সৌন্দৰ্য বৃদ্ধিতো অৰিহণা যোগোৱা ফলবিধ

আপোনালোকলৈ এনেকুৱা এবিধ ফলৰ গুণাগুণ আগবঢ়াইছো যিয়ে মানুহৰ স্বাস্থ্যৰ সৰ্বাংগীণ উন্নতি সাধন কৰাৰ সমান্তৰালকৈ সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে ৷

আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিত অৰ্জুন গছৰ বাকলি, ইয়াৰ শিপা আৰু পাতৰ লগতে ফলবোৰ বিভিন্ন প্ৰকাৰৰ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । দৰাচলতে, অৰ্জুন গছ শীতল প্ৰকৃতিৰ হয় ৷ ই কফ আৰু পিত্ত হ্ৰাস কৰে (Arjuna fruits health benefit) ।

অৰ্জুন গছক হৃদযন্ত্ৰ, বিষ, তেজ সম্পৰ্কীয় ৰোগ, মেদবহুলতা, মধুমেহ আৰু আলচাৰ আদিৰ দৰে সমস্যাত বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয় । ইটিভি ভাৰত সুখীভৱই মুম্বাইৰ নিৰোগ চিকিৎসালয়ৰ আয়ুৰ্বেদাচাৰ্য ডাঃ মনীষা কালেৰ সৈতে কথা পাতি অৰ্জুনৰ ফলৰ স্বাস্থ্যৰ লাভালাভ আৰু আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰৰ বিষয়ে তথ্য আহৰণ কৰে (Benefits of arjuna fruit)।

অৰ্জুন ফলৰ পুষ্টি

ডাঃ মনীষাই ব্যাখ্যা কৰে যে ই দাঁত, হাড় আৰু ছালৰ বাবে অতি উপকাৰী কিয়নো ই বিভিন্ন প্ৰকাৰৰ ভিটামিন, প্ৰ'টিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ । তেওঁ বৰ্ণনা কৰে যে কেৱল অৰ্জুনৰ ফলেই নহয়, অৰ্জুন গছৰ প্ৰতিটো অংশ যেনে পাত, বাকলি আৰু শিপাৰ পৰা তৈয়াৰ কৰা তেল, গুৰি আদি বিভিন্ন সমস্যা আৰু ৰোগত প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয় । বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু ঔষধতো ইয়াৰ ব্যৱহাৰ কৰা হয়।

অৰ্জুন ফলৰ লাভালাভ

ডাঃ মনীষাই বৰ্ণনা কৰে যে অৰ্জুন ফলৰ নিয়ন্ত্ৰিত আৰু উল্লেখিত পৰিমাণৰ সেৱনে বহুতো ৰোগ আৰু শাৰিৰীক পৰিস্থিতিত সকাহ দিয়ে । অৰ্জুন ফলৰ উপকাৰিতা তলত উল্লেখ কৰা হ’ল-

1. মানৱ দেহৰ হাড় বোৰ শক্তিশালী কৰাত অৰ্জুনৰ ফল আৰু বাকলি খোৱাটো অতি উপকাৰী । অৰ্জুনৰ ফল আৰু বাকলিৰ ব্যৱহাৰে দুৰ্বল হাড়বোৰক শক্তি প্ৰদান কৰে ৷ হাড় ভগাৰ পিছত অৰ্জুনৰ ফল আৰু বাকলিৰ ব্যৱহাৰে হাড় দ্ৰুতভাৱে সংযোগ কৰে । কেৱল এয়াই নহয় হাড়ত আঘাত প্ৰাপ্ত হ'লে অৰ্জুনৰ বাকলিৰ পাউডাৰ উক্ত স্থানত প্ৰয়োগ কৰা হয় আৰু তাৰ ওপৰত বেণ্ডেজ বান্ধি দিয়া হয় ৷ তেনেদৰে আঘাতৰ পৰা সোনকালে মুক্তি পাব পাৰি । আৰ্থ্ৰাইটিছ বা অন্যান্য ৰোগ আৰু হাড়ৰ সৈতে সম্পৰ্কিত সমস্যাৰ ক্ষেত্ৰত অৰ্জুনৰ ফল গ্ৰহণ কৰাটোও উপকাৰী ।

2. কেৱল অৰ্জুনৰ ফলেই নহয় ইয়াৰ পাতৰ ৰসেও হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে । অৰ্জুনৰ ফল আৰু পাতত থকা উপাদানবোৰ হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰাত সহায়ক । অৰ্জুনৰ ফলৰ সেৱনে ৰক্তনলীবোৰ অধিক শক্তিশালী সক্ৰিয় কৰি তোলে ৷ ই হৃদযন্ত্ৰৰ কাম সঠিকভাৱে চলাত সহায় কৰে আৰু হৃদস্পন্দনো ঠিকে ৰাখে ।

3. পুৰুষৰ শুক্ৰাণুৰ ৰোগ আৰু মহিলাৰ ঋতুস্ৰাৱৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ (ৰক্তচাপ)ৰ সমস্যাৰ ক্ষেত্ৰতো অৰ্জুনৰ ফল আৰু বাকলি উপকাৰী ।

4. প্ৰস্ৰাৱ বন্ধ হৈ পৰা সমস্যাত ইয়াৰ সেৱন যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় । অৰ্জুনৰ ফল আৰু বাকলি সেৱন কৰিলে প্ৰস্ৰাৱৰ সময়ত হোৱা জ্বলা-পোৰা, মূত্ৰনলীৰ সংক্ৰমণ আৰু অন্যান্য সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰি ।

5. অৰ্জুনৰ ফল খোৱাটোৱে হজম আৰু পাকস্থলীৰ সৈতে সম্পৰ্কিত বহুতো সমস্যাৰ পৰা সকাহ দিয়ে । যেনে গেছ, বদহজম, পেট ফুলা ইত্যাদিৰ পৰা সকাহ পোৱা যায় ।

6. অৰ্জুন গছৰ বাকলি আৰু ফল খোৱাটোৱে মুখৰ ফোঁহা আৰু আলচাৰত সকাহ দিয়ে । একে সময়তে, দাঁতৰ সৈতে সম্পৰ্কিত সমস্যা যেনে কেভিটী, দাঁতৰ আলুৰ সংক্ৰমণ, সেইবোৰৰ পৰা ৰক্তক্ষৰণ, দাঁতৰ বিষ আৰু মুখৰ গোন্ধ নাইকিয়া কৰে ।

7. ছাল সম্পৰ্কীয় সমস্যা বা ৰোগৰ ক্ষেত্ৰতো অৰ্জুনৰ ফল খোৱাটো অতি উপকাৰী । ইয়াৰ ব্যৱহাৰে পিম্পল বা শালমইনা, ছালৰ দাগ, ফ্ৰেকল আৰু বয়সৰ প্ৰভাৱ পৰাৰ চিন যেনে কোঁচ আদি নাইকিয়া কৰাত সহায় কৰে । কেৱল ছাল স্বাস্থ্যৱান ৰখাৰ বাবেই নহয়, অৰ্জুনৰ ফল বা ইয়াৰ পৰা তৈয়াৰ কৰা পাউডাৰো উপকাৰী ৷ এই পাউডাৰ আৰু মৌৰ পেষ্ট তৈয়াৰ কৰি ইয়াক মুখত প্ৰয়োগ কৰিলে ছাল পৰিষ্কাৰ, স্বাস্থ্যৱান আৰু উজ্জ্বল হয় ।

ডাঃ মনীষাই ব্যাখ্যা কৰে যে এই বোৰৰ উপৰিও জ্বৰ-ডায়েৰিয়া, ডায়েবেটিছ, কাণৰ বিষ আৰু প্ৰদাহ আদিৰ দৰে সমস্যাবোৰৰ পৰাও ইয়াৰ সেৱনৰ দ্বাৰা পৰিত্ৰাণ পাব পাৰি ।

সাৱধান হোৱা প্ৰয়োজন

ডাঃ মনীষাই কয় যে চিকিৎসাৰ অনুশাসন যিয়েই নহওঁক, আয়ুৰ্বেদেই হওঁক বা আধুনিক এলোপেথিয়েই হওঁক, যিকোনো ৰোগ বা সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ । লগতে যিকোনো পৰ্যায়ত তেওঁলোকে নিৰ্ধাৰণ কৰা ঔষধবোৰ তেওঁলোকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰিব লাগে । বহুসময়ত মানুহে কেৱল আনৰ কথা পঢ়ি বা শুনি আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰা আৰম্ভ কৰে, যি স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু বহুসময়ত ই ৰোগ বা সমস্যাটো আৰোগ্য কৰাতকৈ অধিক বৃদ্ধি কৰিব পাৰে । বিশেষকৈ আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত সেইবোৰ সদায় চিকিৎসকে উল্লেখ কৰা পৰিমাণ অনুসৰি আৰু তেওঁলোকে উল্লেখ কৰা সকলো সাৱধানতা অবলম্বন কৰ ব্যৱহাৰ কৰিব লাগে ।

লগতে পঢ়ক: সাতটা কম মূল্যায়ন কৰা উৎকৃষ্ট খাদ্য যি স্বাস্থ্যৰ বাবে উপকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.