ETV Bharat / sukhibhava

Gastritis: আপোনাৰো আছে নেকি গেছট্ৰিকৰ সমস্যা ? তেন্তে কামত আহিব এই ঘৰুৱা উপায়

author img

By

Published : Aug 15, 2023, 5:04 PM IST

যদি আপোনাৰ গেছষ্ট্ৰাইটিচৰ সমস্যা থাকে, তেন্তে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে, এনে পৰিস্থিতিত ঘৰুৱা উপায় কিছুমান অৱলম্বন কৰি আপুনি সোনকালে সকাহ লাভ কৰিব পাৰে ।

Bad condition due to stomach gas, if you try 4 tricks, you will get relief soon
আপোনাৰো আছে গেছট্ৰিকৰ সমস্যা ? তেন্তে কামত আহিব এই ঘৰুৱা উপায়

আজিকালি মানুহৰ খাদ্যাভ্যাস ইমানেই বেয়া হৈ পৰিছে যে কাৰোবাৰ গেছৰ সমস্যা হ’লেও আচৰিত নহয় । ভাৰতত তেলযুক্ত খাদ্যপ্ৰেমীৰ অভাৱ নাই । ইয়াৰ সোৱাদে সকলোকে নিজৰ ফালে টানি আনে, কিন্তু ই স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰে । ইয়াৰ সেৱনৰ বাবে হজম শক্তিৰ সৈতে জড়িত সমস্যা আৰম্ভ হয়, যাৰ ফলত গেছৰ সৃষ্টি হয় । যদি আপোনাৰো এই ধৰণৰ সমস্যা আছে, তেন্তে কিছুমান সহজ কৌশলৰ জৰিয়তে আপুনি সকাহ পাব পাৰে ।

গেছৰ পৰা মুক্তি পোৱাৰ কৌশল

১) কুহুমীয়া পানী খাব লাগে

যদি আপোনাৰ প্ৰায়ে গেছৰ সমস্যা হয়, তেন্তে আজিৰে পৰা কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত গেছ বাহিৰ কৰাত সহজ হ’ব আৰু গেছ গঠন নহ’ব । গৰম পানী খালে হজম শক্তি খৰতকীয়া হয়, যাৰ ফলত পেটে যথেষ্ট সকাহ লাভ কৰে ।

২) বজ্ৰাসন কৰা

গেছৰ পৰা মুক্তি পাবলৈ যোগাসনৰ সহায় ল’ব পাৰে । ইয়াৰ বজ্ৰাসন ভংগীমাত বহিব । প্ৰতিদিনে কমেও ১৫ মিনিট এই আসন কৰিলে তেতিয়া পাচনতন্ত্ৰ অতি শক্তিশালী হৈ উঠিব ।

৩) খাদ্য চোবাই থাকোঁতে মুখখন বন্ধ কৰি খাব লাগে

বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ সময়ত মুখখন বেছিকৈ মেলিলে তেতিয়া পেটত বায়ু ভৰি পৰিব পাৰে । সেইবাবেই মুখ বন্ধ কৰি খাদ্য চোবাই খোৱাটো ভাল, এনে কৰিলে গেছৰ সমস্যা দূৰ হ’ব পাৰে ।

৪) গৰম পানীৰ বেগ ব্যৱহাৰ কৰা

যেতিয়া পেটত গেছ অত্যধিক বৃদ্ধি পায় তেতিয়া গৰম পানীৰ বেগ এটা লৈ পেটৰ ওচৰত ৰাখক, যদি আপোনাৰ এই বস্তু নাই তেন্তে তিতা গৰম টাৱেল ব্যৱহাৰ কৰক । এই থেৰাপীৰ দ্বাৰা গেষ্ট্ৰাইটিছৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’বলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: Child Disease: গৰমত শিশুৰ হ'ব পৰা ৰোগ তথা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

লগতে পঢ়ক: Tricolour Recipes: স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ ব্যঞ্জনবোৰ ঘৰতে কৰক তৈয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.