ETV Bharat / sukhibhava

Health Benefits of Antioxidants: বহুতো মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰে এন্টিঅক্সিডেন্ট সমৃদ্ধ এইসমূহ খাদ্যই

author img

By

Published : Jun 29, 2023, 1:51 PM IST

এন্টিঅক্সিডেন্টৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইহঁতে ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ৰোগৰ পৰা ৰক্ষা কৰে । এন্টিঅক্সিডেন্টে ডায়েবেটিছ, ৰক্তচাপ, চকুৰ সৈতে জড়িত সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ উপৰিও ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । জানো আহক আমি কিদৰে আমাৰ শৰীৰৰ বাবে কেনেকৈ এন্টিঅক্সিডেন্ট লাভ কৰিব পাৰো ৷

Foods rich in antioxidants reduce the risk of many serious diseases
বহুতো মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰে এন্টিঅক্সিডেন্ট সমৃদ্ধ এইসমূহ খাদ্যই

আমাৰ শৰীৰৰ বাবে যেনেকৈ প্ৰ’টিন আৰু ভিটামিন প্ৰয়োজনীয়, এন্টিঅক্সিডেন্টো প্ৰয়োজনীয় । এন্টিঅক্সিডেন্ট ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা শৰীৰক ৰক্ষা কৰে আৰু কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে । ইয়াৰ উপৰিও ইহঁতে কাৰ্চিনোজেনিক প্ৰতিৰোধী গুণৰ বাবে কেন্সাৰৰ দৰে কিছুমান জীৱন সংকটজনক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । শাক-পাচলি আৰু ফল-মূলত এন্টিঅক্সিডেন্ট প্ৰাকৃতিকভাৱে থাকে । বিটা-কেৰটিন, ভিটামিন E আৰু ভিটামিন C থকা খাদ্যই এন্টিঅক্সিডেন্টৰ উত্তম উৎস । ভাৰতীয় খাদ্যত ৰাজমা, পালেং, বিলাহী, বিট, হালধি, আদা, ধনীয়া, ডালিম, আমলখি, ডাৰ্ক চকলেটত ভাল পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে ।

এন্টিঅক্সিডেন্ট স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী ?

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, যাৰ ফলত বহু ধৰণৰ সংক্ৰামক ৰোগ দূৰ হয় । ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা পাবলৈ আৰু কোষক সুস্থ কৰি ৰাখিবলৈ এন্টিঅক্সিডেন্ট ।

কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পায়

এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য সেৱন কৰিলে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে । অধ্যয়নত দেখা গৈছে যে এন্টিঅক্সিডেন্ট কেন্সাৰৰ সময়ত ফ্ৰী ৰেডিকেল প্ৰক্ৰিয়াৰ ফলত হোৱা ক্ষতি ৰোধ কৰিব পাৰে । কিন্তু কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত এন্টিঅক্সিডেন্টৰ ভূমিকা সন্দৰ্ভত এতিয়াও গৱেষণা চলি আছে ।

চকুৰ বাবে উপকাৰী

চকু সুস্থ কৰি ৰাখিবলৈ এন্টিঅক্সিডেন্ট অতি প্ৰয়োজনীয় । ভিটামিন C চকুৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । বয়সৰ লগে লগে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰে । চকুৰ দৃষ্টিশক্তি চোকা কৰি ৰাখিবলৈ এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে ।

প্ৰদাহ কম কৰে

খাদ্যত এন্টিঅক্সিডেন্টৰ অভাৱৰ বাবে শৰীৰত প্ৰদাহৰ সমস্যা হয় । গতিকে যদি আপুনি এই সমস্যাৰ পৰা হাত সাৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্যত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক ।

ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

ফ্ৰী ৰেডিকেলৰ বাবে ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আৰু বাঢ়ি যায় । অধিক গ্লুক’জ সেৱন আৰু ইনচুলিনৰ পৰিমাণ কমি গ’লে শৰীৰৰ চেনি গ্ৰহণৰ ক্ষমতাত প্ৰভাৱ পৰে । এই ক্ষেত্ৰত ডায়েবেটিছ হ’ব পাৰে ।়

লগতে পঢ়ক: Hair loss: বহু চেষ্টাৰ পিছতো চুলি সৰা বন্ধ নহয় ! তেন্তে খাবলৈ পৰিহাৰ কৰক এই ৫বিধ বস্তু, দুদিনতে সৰা বন্ধ হ’ব চুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.