ETV Bharat / sukhibhava

খাদ্যৰ তালিকাত যোগ কৰক এই 5 বিধ খাদ্য, হ্ৰাস পাব হাৰ্ট এটাকৰ সম্ভাৱনা - হাৰ্ট এটেক ৰোগীৰ বাবে খাদ্য

Food For Heart Health: দৈনন্দিন খাদ্য তালিকাত যোগ কৰক এইসমূহ বস্তু, যিবোৰে হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব ।

Food For Heart Health: 5 Super foods for heart health
এই 5 বিধ খাদ্যই দূৰ কৰিব হাৰ্ট এটাকৰ সম্ভাৱনা
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 11:58 AM IST

প্ৰায়ে আমি শুনো যে হঠাৎ হাৰ্ট এটাকৰ ফলত কাৰোবাৰ মৃত্যু হৈছে ৷ তেতিয়া হয়তো আপোনাৰো মনলৈ প্ৰশ্ন আহে যে, হঠাৎ হোৱা হাৰ্ট এটাকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ? নিজৰ হৃদয়খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি ? এনে বহু প্ৰশ্ন আমাৰ মনত উদয় হয় ৷ নহয় জানো ? কিন্তু আপুনি জানেনে যে খাদ্যাভ্যাসেও হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আজি আমি আপোনাক ক’ম কিছুমান খাদ্যৰ বিষয়ে, যিবোৰ খাদ্য খালে আপুনি হাৰ্ট এটাকৰ আশংকাৰ পৰা হাত সাৰিব পাৰিব । গতিকে, আজি এই প্ৰতিবেদনত আমি ক’ম এনে কিছুমান খাদ্যৰ বিষয়ে কওঁ, যিয়ে এজন ব্যক্তিৰ হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে-

নহৰু

আমাৰ দৈনন্দিন খাদ্যত ব্যৱহৃত নহৰু হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী । কাৰণ ইয়াৰ সোৱাদৰ লগতে বহুতো ঔষধি গুণ আছে । নহৰু খালে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে । ইয়াৰ উপৰিও ৰক্ত সঞ্চালন উন্নত কৰে । এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি সিজোৱা নহৰুতকৈ কেঁচা নহৰু অধিক উপকাৰী ।

গোটা শস্য

বৰ্তমান চিকিৎসক আৰু ডায়েটচিয়ানসকলে সকলোকে খাদ্যত গোটা শস্য অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে । গোটা শস্য যেনে ব্ৰাউন ৰাইচ আৰু কৰ্ণৰ পৰা তৈয়াৰী খাদ্য আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি উত্তম হ’ব পাৰে । কাৰণ এনে শস্যত কাৰ্বহাইড্ৰেটৰ লগতে প্ৰচুৰ পৰিমাণে আঁহ থাকে । এইবোৰে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে বুলি জনা যায় ।

বাদাম

প্ৰতিদিনে বাদাম খালে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰি । কাৰণ বাদামত অসংপৃক্ত চৰ্বি থাকে । লগতে এই বাদামবোৰে বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰে । কেৱল এয়াই নহয়, বাদামত ওমেগা-৩ ফেটি এচিড আৰু এমিনো এচিড থাকে যিয়ে ৰক্ত সঞ্চালন সঠিকভাৱে ৰখাত সহায় কৰে । বাদামৰ ভিতৰত বিশেষকৈ আখৰোট হৃদযন্ত্ৰৰ বাবে উত্তম বুলি বিবেচিত হয় ।

চৰ্বিযুক্ত মাছ

ছালমন, চাৰ্ডিন, মেকেৰেল আদি চৰ্বিযুক্ত মাছকো হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয় । এই ধৰণৰ চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে হৃদস্পন্দন অনিয়মিত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ ধমনীত প্লেক গঠন হ্ৰাস কৰাত সহায় কৰে ।

মচুৰ দাইল

হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ কথা আহিলে আমি মচুৰ দাইলক পাহৰিব নোৱাৰো । হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস কৰাত মচুৰ দাইল খোৱাটো অতি সহায়ক । ইয়াত ফ’লেট, উচ্চ আঁহ আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে মচুৰ দাইল খোৱাটো আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়।

লগতে পঢ়ক: পুৱা খালী পেটত গৰম পানী খালে পেটৰ চৰ্বি কমে নেকি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.