ETV Bharat / sukhibhava

Fathers Day 2023: পিতৃ দিৱসত আপোনাৰ দেউতাৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাসমূহ জানি লওক

author img

By

Published : Jun 18, 2023, 7:28 PM IST

আপোনাৰ পিতৃয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি যিদৰে চিন্তা কৰে, একেদৰে আপুনিও আপোনাৰ পিতৃৰ কিছুমান গুৰুত্বপূৰ্ণ চিকিৎসা পৰীক্ষা মনত ৰাখিব লাগে যাতে তেওঁ সদায় সুস্থ আৰু ফিট হৈ থাকিব পাৰে ।

Fathers Day 2023: Important Medical Test And Checkups For Fathers Here Is List
পিতৃৰ স্বাস্থ্য পৰিকল্পনা

পিতৃ হ’ল সেই জোপা গছ, যাৰ ছাঁৰ তলত ঘৰৰ প্ৰতিটো সন্তানে ফুলি উঠি ডাঙৰ হয় । কিন্তু এগৰাকী পিতৃয়ে সন্তানৰ যত্ন আৰু কামত ইমানেই ব্যস্ত হৈ পৰে যে তেওঁ কেতিয়াও নিজৰ স্বাস্থ্যৰ যত্ন নলয় ৷ ১৮ জুনত, সমগ্ৰ বিশ্বতে উদযাপন কৰা পিতৃ দিৱস ৷ সেয়াহে এই বৰ্ষৰ পিতৃ দিৱসত তেওঁক এক বিশেষ স্বাস্থ্য উপহাৰ দিয়ক আৰু তেওঁৰ স্বাস্থ্য সন্দৰ্ভত পৰিকল্পনা কৰক ।

পিতৃৰ স্বাস্থ্য পৰিকল্পনা

আপোনাৰ বাবে এইটো জনাটো গুৰুত্বপূৰ্ণ যে, আপোনাৰ পিতৃৰ স্বাস্থ্যৰ বাবে কিমান বয়সত, তেওঁৰ বাবে কোনটো স্বাস্থ্য পৰীক্ষা প্ৰয়োজনীয় । যদি আপুনি এই কথা জানিব পাৰে, তেন্তে পিতৃৰ মেডিকেল টেষ্ট কৰি আপুনি তেওঁক সুস্থ হোৱাৰ উপহাৰ দিব পাৰিব । যদি আপোনাৰ পিতৃয়ে চল্লিশ বছৰ বয়স অতিক্ৰম কৰিছে, তেন্তে বয়সৰ প্ৰতিটো মোৰতে কিছুমান গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰয়োজনীয় । সেয়াহে এই প্ৰতিবেদনত জানি লওক কোন বয়সত আপোনাৰ পিতৃয়ে কেনেধৰণৰ চিকিৎসা পৰীক্ষাৰ প্ৰয়োজন হয় ।

৪০ বছৰৰ পিচত এই পৰীক্ষাসমূহ প্ৰয়োজনীয়

যদি আপোনাৰ পিতৃৰ বয়স চল্লিশ বছৰ অতিক্ৰম কৰিলে তেন্তে তেওঁৰ হৃদযন্ত্ৰ, ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিছ, কেন্সাৰ আৰু হাড়ৰ ঘনত্ব পৰীক্ষা কৰিব লাগে । চল্লিশ বছৰৰ পাছত হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু সেয়েহে হাড়বোৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয় । চল্লিশ বছৰৰ পাচত হৃদৰোগৰ আশংকা বাঢ়ি যায়, গতিকে তেওঁলোকৰ হৃদযন্ত্ৰ পৰীক্ষা কৰিব লাগে । কেৱল এয়াই নহয়, ৰক্তচাপ আৰু মধুমেহৰ লগতো হৃদযন্ত্ৰৰ সম্পৰ্ক আছে আৰু সেয়েহে এইসমূহ পৰীক্ষাও প্ৰয়োজনীয় হৈ পৰে ।

৫০ বছৰৰ পিচত কৰিব লাগে এইসমূহ পৰীক্ষা

পঞ্চাশ বছৰৰ পিচত এজন ব্যক্তিয়ে হৃদ পৰীক্ষাৰ লগতে তেজৰ গণনাও কৰাব লাগে । বি পি, মধুমেহ, কলেষ্টেৰল স্ক্ৰীনিঙৰ উপৰিও শৰীৰৰ তেজৰ অৱস্থা পৰীক্ষা কৰাটো প্ৰয়োজনীয় । তেজত থকা প্লেটলেট, শ্বেত ৰক্তকণিকা আৰু ৰক্তকণিকাবোৰৰ সঠিক অৱস্থা জানিলে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ সঠিক যত্ন ল’ব পাৰিব । এই বয়সত মধুমেহ হোৱাৰ পোৱাৰ আশংকা বাঢ়ি যায়, গতিকে প্ৰতি ছমাহৰ মূৰে মূৰে মুধমেহৰ পৰীক্ষা কৰা জৰুৰী হৈ পৰে। ইয়াৰ উপৰিও ইউটিআইৰ বিপদৰ পৰা হাত সাৰিবলৈ প্ৰস্ৰাৱ পৰীক্ষাও কৰিব লাগে ।

প্ৰতি বছৰে কৰা উচিত এই পৰীক্ষাসমূহ

পিতৃৰ বাবে প্ৰতি বছৰে কিছুমান পৰীক্ষা কৰাটো প্ৰয়োজনীয় কাৰণ বৃদ্ধ বয়সত স্বাস্থ্যজনিত বিপদ বাঢ়ি গৈ থাকে । উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ বি পি পৰীক্ষাৰ প্ৰয়োজন । ইয়াৰ বাহিৰেও এই বয়সত ডায়েবেটিছৰ আশংকা থাকে, গতিকে চুগাৰ টেষ্টৰো প্ৰয়োজন । হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিবলৈ প্ৰতি বছৰে হৃদযন্ত্ৰৰ মূল্যায়ন কৰাব লাগে । কেন্সাৰ টেষ্টো কৰিব লাগে আৰু কলেষ্টেৰল স্ক্ৰীনিঙো প্ৰতি বছৰে কৰিব লাগে । এই পৰীক্ষাসমূহৰ বাবেই আপুনি আপোনাৰ পিতৃৰ যিকোনো স্বাস্থ্যজনিত বিপদৰ তথ্য লাভ কৰিব আৰু সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি তেওঁক সুৰক্ষা দিব পাৰিব ।

লগতে পঢ়ক: Happy Father's Day 2023: প্ৰতিগৰাকী পিতৃৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.