ETV Bharat / sukhibhava

Healthy Snacks Diet : উৎসৱৰ সময়ত ৰোগমুক্ত হৈ থাকিবলৈ খাওক এই স্বাস্থ্যকৰ খাদ্য - স্বাস্থ্যকৰ সন্ধিয়াৰ আহাৰ

উৎসৱৰ বতৰত আমাৰ ঘৰত সন্ধিয়াৰ সময়ত বহু ধৰণৰ বস্তু প্ৰস্তুত কৰা হয় যদিও বহুলোকে বাহিৰৰ পৰাও বহু ধৰণৰ সন্ধিয়া খাব পৰা খাদ্য ক্ৰয় কৰে ৷ কিন্তু বজাৰৰ পৰা অনা এই খাদ্যবোৰত চেনি আৰু ছ’ডিয়ামৰ পৰিমাণ যথেষ্ট বেছি ৷ সেয়ে এই উৎসৱৰ বতৰত আপোনাৰ স্বাস্থ্যৰ কথা মনত ৰাখি আমি লৈ আহিছো সন্ধিয়া খাব পৰা কিছুমান সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ খাদ্য ৷ ই খাবলৈ সুস্বাদু হোৱাই নহয় আমাৰ স্বাস্থ্যৰ বাবেও অতি লাভদায়ক ৷

Eat these healthy snacks during festivals, cholesterol will not increase in the body, know from experts
উৎসৱৰ সময়ত ৰোগমুক্ত হৈ থাকিবলৈ খাওক এই স্বাস্থ্যকৰ খাদ্য
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:57 AM IST

উৎসৱৰ বতৰত ভাৰতীয় ঘৰত বহু ধৰণৰ ব্যঞ্জন আৰু সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয় ৷ পিচে ব্যঞ্জন অবিহনে আমাৰ উৎসৱবোৰো যেন অসম্পূৰ্ণ ৷ উৎসৱৰ বতৰত আমাৰ ঘৰত সন্ধিয়াৰ সময়ত বহু ধৰণৰ বস্তু প্ৰস্তুত কৰা হয় যদিও বহুলোকে বাহিৰৰ পৰাও বহু ধৰণৰ সন্ধিয়া খাব পৰা খাদ্য ক্ৰয় কৰে ৷ কিন্তু বজাৰৰ পৰা অনা এই খাদ্যবোৰত চেনি আৰু ছ’ডিয়ামৰ পৰিমাণ যথেষ্ট বেছি ৷ ইয়াক গ্ৰহণ কৰিলে কলেষ্টেৰল বৃদ্ধি আৰু ৰক্তচাপ (বি পি) বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কিন্তু এই উৎসৱৰ বতৰত আপোনাৰ স্বাস্থ্যৰ কথা মনত ৰাখি আমি লৈ আহিছো সন্ধিয়া খাব পৰা কিছুমান সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ খাদ্য ৷ এই খাবলৈ সুস্বাদু হোৱাই নহয়, আমাৰ স্বাস্থ্যৰ বাবেও অতি লাভদায়ক ৷ স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে, উৎসৱৰ বতৰত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত ৷

এই সন্দৰ্ভত ডায়েটিচিয়ানে কয় যে উৎসৱৰ বতৰত এনে বহুতো চৰ্বিমুক্ত আহাৰ বা স্নেকছ থাকে যিবোৰ খাবলৈ অতি স্বাস্থ্যকৰ ৷ গতিকে এই উৎসৱৰ বতৰত কোনবোৰ স্বাস্থ্যকৰ সন্ধিয়াৰ আহাৰ খাব লাগে জানি লও আহক ৷

কেৰট ষ্টিকছ

ডায়েটিচিয়ানে কয় যে উৎসৱৰ সময়ত বেছিকৈ চেচুৰেটেড ফেট খোৱাৰ পৰিৱৰ্তে সতেজ ফল-মূল, দৈ, এয়াৰ পপড পপকৰ্ণ বা খৰখৰীয়া গাজৰ বা কেৰট ষ্টিকছ পদিনা চাটনি-দৈত ডুবাই খাওক ৷ ই অধিক স্বাস্থ্যকৰ ৷ ই পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আৰু স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াৰ লগতে ইহঁতে শৰীৰক শক্তি প্ৰদান কৰে ৷

মাখানা-বাদামৰ ভেল

উৎসৱৰ বতৰত মাখানা-বাদামৰ ভেলো খাব পাৰে ৷ ইয়াক বনাবলৈ অতি সহজ ৷ ইয়াক বনাবলৈ মাখানা আৰু বাদাম পৃথকে পৃথকে ঘিউত অলপ ভাজি লওক ৷ এটা পাত্ৰত ভাজি লোৱা মাখানা-বাদামখিনি উলিয়াই দুয়োবিধ উপাদান দি তাৰ ওপৰত মিহিকৈ কটা পিঁয়াজ, বিলাহী, সেউজীয়া ধনীয়া, সেউজীয়া জলকীয়া আৰু নেমু দিব ৷ এতিয়া আপুনি নিমখ বা চাট মছলাৰ লগত পৰিবেশন কৰক ৷ ইয়াৰ উপৰিও চাউলৰ পিঠা বা কম চৰ্বিযুক্ত কটেজ চীজো খাব পাৰে ৷ গতিকে এই উৎসৱৰ বতৰত আপুনি স্বাস্থ্যকৰ আৰু সোৱাদ দুয়োটাকে মনত ৰাখি এই খাদ্যবোৰ খাব পাৰে ৷

সিজোৱা মিঠা আলু

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে মিঠা আলু সৰ্বোত্তম বিকল্প হ’ব পাৰে ৷ বেকড আৰু সিজোৱা মিঠা আলুত বিটা কেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াত আঁহো প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ উৎসৱৰ বতৰত এইটো এটা স্বাস্থ্যকৰ সন্ধিয়াৰ খাদ্য হ’ব পাৰে ৷

খাদ্যৰ সৈতে মিহলাই লওক এই বীজ

ফ্লেক্সচিড, সূৰ্যমুখী, তৰমুজ, খৰবুজ, ক’লা তিল আৰু ৰঙালাওৰ গুটিও স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত গণ্য কৰা হয় ৷ উৎসৱৰ বতৰতো এই বীজবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

লগতে পঢ়ক: Male Infertility: নতুন গৱেষণাৰ ডাঙৰ দাবী, শুক্ৰাণুৰ সংখ্যা দুৰ্বল থকা পুৰুষো হ'ব পাৰে পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.