ETV Bharat / sukhibhava

হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ আমি কি কি খাদ্য গ্ৰহণ কৰাটো উচিত ?

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:31 PM IST

Best Food For Lungs: হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ হাঁওফাঁওক স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কোনবোৰ খাদ্য খাব লাগে, আজি জানো আহক-

Eat these foods to keep your lungs healthy
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ আমি কি কি খাদ্য গ্ৰহণ কৰাটো উচিত ?

হাঁওফাঁওক শৰীৰৰ এক অন্যতম মুখ্য অংশ বুলি গণ্য কৰা হয় ৷ স্বাস্থ্যৱান হাঁওফাঁওৱে আমাক হাপানি, নিউমোনিয়া আদিৰ দৰে বহুতো ৰোগৰ আশংকাৰ পৰা সুৰক্ষিত কৰে ৷ আজিকালি পৰিৱৰ্তনশীল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহৰ হাঁওফাঁও দুৰ্বল হৈ পৰিছে ৷ যাৰ ফলত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ হাঁওফাঁওক স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কোনবোৰ খাদ্য খাব লাগে, আজি জানো আহক-

  • ব্ৰকলী

হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত ব্ৰকলী অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ই ভিটামিন-চি, ফলেট আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণৰ দৰে বহুতো পুষ্টিৰে সমৃদ্ধ ৷ এই গুণাগুণবোৰে হাঁওফাঁও স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷

  • নহৰু

পুষ্টিসমৃদ্ধ নহৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত যথেষ্ট সহায়ক ৷ নহৰুৰ নিয়মীয়া সেৱনে বহু প্ৰকাৰৰ সংক্ৰমণ প্ৰতিহত কৰে ৷ তদুপৰি, ই হাঁওফাঁওৰ বাবেও যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় ৷

  • আদা

আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু লগতে ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে, যিয়ে হাঁওফাঁও স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷ ইয়াক আহাৰত অন্তৰ্ভুক্ত কৰি আপুনি আপোনাৰ হাঁওফাঁও শক্তিশালী কৰিব পাৰে ৷

  • জামু

জামু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ৷ ই হাঁওফাঁওক ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে যাতে আপুনি হাঁওফাঁওৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে ৷

  • হালধি

ই বহুতো ঔষধি গুণেৰে সমৃদ্ধ ৷ হালধীয়ে শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে ৷ হালধি সমৃদ্ধ খাদ্য সেৱন কৰিলে হাঁওফাঁওৰ প্ৰদাহৰ সমস্যা হ্ৰাস হয় ৷

  • পালেং শাক

ই এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণেৰে সমৃদ্ধ ৷ এই গুণাগুণবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা হ্ৰাস কৰে ৷ ইয়াৰ বাহিৰেও পালেং শাকত ভিটামিন-চি থাকে ৷ যিয়ে হাঁওফাঁও স্বাস্থ্যৱান কৰি ৰাখে ৷

লগতে পঢ়ক: আপোনাৰো খুব চুলি সৰে নেকি ? জানি লওক ইয়াৰ প্ৰকৃত কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.