ETV Bharat / sukhibhava

থাইৰয়ড ৰোগীয়ে এই ৪ বিধ আয়ুৰ্বেদিক ঔষধ অৱলম্বন কৰক, কেইদিনমানৰ পাচতে দেখা পাব প্ৰভাৱ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 1:22 PM IST

Thyroid : আজিকালি এটা ৰোগ অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে ৷ সেয়া হৈছে থাইৰয়ড ৰোগ । এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা গৈছে । এই ৰোগ নিয়ন্ত্ৰত ৰাখিবলৈ অৱলম্বন কৰক তলত দিয়া পদ্ধতি ৷

Easy ways to treat thyroid problems at home
থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিব বিচাৰে নেকি

বৰ্তমান সময়ত মহিলাৰ ক্ষেত্ৰত থাইৰয়ডৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । WHO ৰ তথ্য অনুসৰি যোৱা ১০ বছৰত সমগ্ৰ বিশ্বতে এই ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে । এই গুৰুতৰ সমস্যাটো বেছিভাগ ৩০ বছৰৰ তলৰ মহিলাৰ ক্ষেত্ৰত দেখা যায় । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বেয়া খাদ্যাভ্যাস আৰু পৰিৱৰ্তীত জীৱনশৈলীৰ বাবে এই ৰোগ বাঢ়িছে । শৰীৰত থকা থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলত থাইৰয়ড ৰোগ বাঢ়ি যোৱা দেখা গৈছে । এনে পৰিস্থিতিত থাইৰয়ড নিয়ন্ত্ৰণত ৰখাত আয়ুৰ্বেদ অতি উপযোগী হ’ব পাৰে । জানি লওক সবিশেষ এই প্ৰতিবেদনত...

থাইৰয়ড ৰোগ কি ?

আজিকালি মহিলাসকল থাইৰয়ডত অধিক আক্ৰান্ত হোৱা দেখা গৈছে । যেতিয়া শৰীৰত উপস্থিত থাইৰয়ড গ্ৰন্থিৰ কাৰ্যত কোনো ধৰণৰ অভাৱ হয়, তেতিয়া থাইৰয়ড ৰোগ হয় । আয়’ডিনৰ অভাৱৰ বাবেও থাইৰয়ড ৰোগ হ’ব পাৰে । এনে পৰিস্থিতিত আয়’ডিনৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।

থাইৰয়ড কমাবলৈ আয়ুৰ্বেদিক ঔষধ

চালকুঁৱৰী (এলোভেৰা)

বিশেষজ্ঞসকলৰ মতে মহিলাসকলে চালকুঁৱৰী সেৱন কৰি থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিব পাৰিব । চালকুঁৱৰী সেৱনে কফ নিয়ন্ত্ৰত ৰাখে । লগতে শৰীৰত থাইৰয়ড ৰোগ হোৱাত বাধা প্ৰদান কৰে ।

ধনিয়া

থাইৰয়ড নিয়ন্ত্ৰণত ধনিয়া অতি ফলপ্ৰসূ । ধনিয়া আৰু জিৰা একেলগে খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায় । ইয়াৰ বাবে ধনিয়া আৰু জিৰা নিশা পানীত তিয়াই থ’ব লাগে ৷ ইয়াৰ পিচত পুৱা ফিল্টাৰ কৰি খালী পেটত খাব লাগে । ইয়াৰ দ্বাৰা থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি ।

পুৱা খোজ কাঢ়িবলৈ যাওক (Morning Walk)

পুৱা খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী । ইয়াৰ বাবে সমগ্ৰ শৰীৰে ভালদৰে অক্সিজেন লাভ কৰে । যাৰ সহায়ত থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি । প্ৰতিদিনে পুৱা প্ৰায় ১৫ ৰ পৰা ২০ মিনিট খোজ কাঢ়িলে স্বাস্থ্য উন্নতি হয় ।

প্ৰাণায়াম

প্ৰাণায়ামৰ জৰিয়তেও থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি । পুৱাৰ প্ৰাণায়াম অতি উপকাৰী । সন্ধিয়াও এই কাম কৰিব পাৰে । ই থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত সহায় কৰে । প্ৰতিদিনে ১০-১৫ মিনিট প্ৰাণায়াম কৰিলে নিশ্চয় ইয়াৰ লাভ পাব ।

Disclaimer: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয়য় ল’ব ।

লগতে পঢ়ক : শীতকালত এই ৰোগৰ আশংকা সৰ্বাধিক ! প্ৰতিৰোধৰ পদ্ধতি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.