ETV Bharat / sukhibhava

Health: শোৱাৰ সময়ত মোজা পৰিধান কৰে নেকি ? যদি হয়, তেন্তে নিশ্চিতভাৱে এই কথা জানি লওক - শোৱাৰ সময়ত মোজা পৰিধান কৰে নেকি

বহুতে ৰাতি ভৰি গৰম কৰিবলৈ মোজা পিন্ধি শুই ভাল পায় । বৰ্তমান এই সন্দৰ্ভত এক গৱেষণা পোহৰলৈ আহিছে, য’ত কোৱা হৈছে যে শোৱাৰ সময়ত ভৰি গৰম হ’লে আপোনাৰ টোপনিত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে ৷

Do you wear socks when you sleep?
শোৱাৰ সময়ত মোজা পৰিধান কৰে নেকি ? যদি হয়, তেন্তে নিশ্চিতভাৱে এই কথা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 5:24 PM IST

ভাল টোপনি অহাটো স্বাস্থ্যৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো সকলোৱে জানে ৷ গতিকে কাৰোবাৰ টোপনি নোহোৱাৰ সমস্যা হ'লে তেতিয়া টোপনিৰ ধৰণ উন্নত কৰিবলৈ মানুহে বহুতো টিপছ মানি চলে যেনে কোঠাৰ উষ্ণতা ঠাণ্ডা কৰা, ইলেক্ট্ৰনিক যন্ত্ৰ (ফোন, কম্পিউটাৰ আৰু টিভি)ৰ পৰা দূৰত্ব বজাই ৰখা, চকুৰ বাবে মাস্ক কিনা ইত্যাদি ৷ ভাল টোপনি অহাৰ এটা সাধাৰণ উপায় হ’ল ভৰি দুখন গৰম কৰা, সেয়া ভৰি দুখন গৰম পানীত ৰাখি লাহে লাহে তিয়াই থোৱাই হওক বা মোজা পিন্ধি শুই থকাই হওক ৷ বহু লোকে জাৰকালি প্ৰায়ে মোজা পৰিধান কৰি শুৱে, কিন্তু ইয়াৰ ফলত কি হয় জানেনে ?

আপুনি হয়তো বয়োজ্যেষ্ঠসকলৰ পৰাও ভৰিত মোজা পিন্ধি শুব নালাগে বুলি কোৱা শুনিছে ৷ এতিয়া এই বিষয়ে শেহতীয়াকৈ এটি গৱেষণা প্ৰকাশ পাইছে যাৰ পৰা এক বেলেগ তথ্যহে জানিব পৰা গৈছে ৷ গতিকে এই বিষয়ে বিতংভাৱে জানো আহক-

ৰাতি মোজা পিন্ধি শুলে কি হয় ?

ভাৰ্জিনিয়াৰ নেচনেল স্লিপ ফাউণ্ডেচনত কৰা একাংশ গৱেষণাৰ মতে, মোজা পিন্ধি শোৱা লোকৰ টোপনি বেছি সোনকালে আৰু ভাল টোপনি আহে ৷ ছান ফ্ৰান্সিস্কোৰ জৈৱ চিকিৎসা বিজ্ঞানী ডাঃ বিকান লুঅ’ৱেও এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে শোৱাৰ সময়ত ভৰি গৰম কৰি ৰাখিলে ভাল টোপনি অহাত সহায়ক হ’ব পাৰে ৷

ডাঃ বিকন লুঅ’ৰ মতে, শোৱাৰ সময়ত ভৰি গৰম হ’লে কিছুমান লোকে টোপনিত ইতিবাচক ফলাফল দেখা পাব পাৰে ৷ আচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল ই আপোনাৰ শৰীৰৰ তলৰ অংশক সকাহ দিয়ে আৰু আপুনি অধিক শিথিলতা অনুভৱ কৰিবলৈ সক্ষম হয় ৷ ডাঃ লুঅ’ৰ মতে, শৰীৰৰ উষ্ণতাই এজন ব্যক্তিৰ টোপনিৰ সময় নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

ভৰি গৰম কৰিলে টোপনিৰ চক্ৰ কেনেকৈ উন্নত হয় ?

ডাঃ লুঅ’ৰ মতে শুই উঠাৰ আগতে হিটিং পেড, ফুট স্পা বা মোজাৰে ভৰি গৰম কৰিলে ভৰিৰ ৰক্তবাহী নলী প্ৰসাৰিত হয় আৰু শৰীৰৰ আন অংশত তেজৰ সোঁত উন্নত হয় ৷ ফলত আপোনাৰ শৰীৰৰ তাপ কমোৱাত সহায় কৰে ৷ শুই থকাৰ সময়ত ভৰি গৰম কৰা স্বত্বেও যিসকল লোকৰ তেজৰ সঞ্চালন ভাল নহয় আৰু ভৰি টান মাৰি ধৰা, জিনজিননি আদি সমস্যাই দেখা দিয়ে তেওঁলোকৰ বাবে এয়া অতি উপকাৰী হ’ব পাৰে ৷

বিশেষজ্ঞৰ মতামত লোৱাটোও জৰুৰী

চিকিৎসকৰ মতে, ভৰি গৰম কৰিলে টোপনি ভাল হ’ব পাৰে, কিন্তু ইয়াৰ ফলাফল প্ৰতিজন ব্যক্তিৰ বাবে বেলেগ হ’ব পাৰে কাৰণ কিছুমান মানুহৰ ভৰি গৰম হৈ থাকিলে টোপনি ভাল হয় ৷ আনহাতে কিছুমানে ইয়াৰ পৰা অস্বস্তি অনুভৱ কৰিব পাৰে আৰু তেওঁ ভৰি ঠাণ্ডা কৰি শুই ভাল পায় ৷ গতিকে যদি আপুনি কাৰোবাৰ পৰামৰ্শ অনুসৰি ভৰিৰ উষ্ণতা গ্ৰহণ কৰি আপোনাৰ টোপনিৰ ধৰণ উন্নত কৰে তেন্তে নিশ্চিতভাৱে এবাৰ চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে ৷

লগতে পঢ়ক: Heart Health: নিয়ন্ত্ৰিত হ’ব কলেষ্টেৰল, সুস্থ হৈ থাকিব হৃদযন্ত্ৰ; আজিয়েই অনুসৰণ কৰক এই ডায়েট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.