ETV Bharat / sukhibhava

Papaya Seeds: অমিতা খাই কেতিয়াও পেলাই নিদিব ইয়াৰ গুটি; অন্যথা এই 4টা লাভৰ পৰা বঞ্চিত হ’ব আপুনি

আমি সকলোৱে জানো যে অমিতা খালে স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন হয়, কিন্তু আপুনি জানেনে যে ইয়াৰ গুটিৰো অনেক উপকাৰিতা আছে যদি নাজানে তেন্তে তলত সম্পূৰ্ণ প্ৰতিবেদনৰ জৰিয়তে জানি লওক...

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:59 PM IST

Do you know the health benefits of papaya seeds?
অমিতা খাই কেতিয়াও পেলাই নিদিব ইয়াৰ গুটি; অন্যথা এই 4টা লাভৰ পৰা বঞ্চিত হ’ব আপুনি

অমিতা এবিধ অতি সোৱাদযুক্ত ফল, বিশেষকৈ হজম শক্তি বজাই ৰাখিবলৈ ইয়াক খোৱা হয়, কিন্তু আমি ইয়াৰ গুটিবোৰ প্ৰায়ে আৱৰ্জনা বুলি ভাবি ডাষ্টবিনত পেলাই দিওঁ ৷ অমিতাৰ গুটিৰ সোৱাদ অলপ জলা আৰু দেখাত সাইলাখ জালুকৰ দৰে ৷ ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন হ’ব পাৰে ৷ আপুনি এই গুটিবোৰ ৰ’দত শুকুৱাই গুড়িলৈ পৰিণত কৰে ৷ এই গুড়ি খাদ্যত মিহলাই ল’ব পাৰে বা জুতি বঢ়াবলৈ ব্যৱহাৰ কৰিব পাৰে ৷

অমিতাৰ গুটি খোৱাৰ উপকাৰিতা

১/ হজম শক্তি ভাল

অমিতাৰ গুটিত এক বিশেষ ধৰণৰ এনজাইম থাকে যাক পেপেইন বুলি জনা যায়, ইয়াৰ সহায়ত হজম শক্তি উন্নত হয় ৷ আহাৰ খোৱাৰ পিছত এচামুচ অমিতাৰ গুটি খাব লাগে ৷ এনে কৰিলে কোষ্ঠকাঠিন্য, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি দূৰ হয় ৷

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

অমিতাৰ গুটিক ভিটামিন চি সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, এইটো এবিধ পুষ্টিকৰ উপাদান যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে জনাজাত ৷ এই গুটিবোৰ খালে চৰ্দি, কাহ, ফ্লু আৰু ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷

৩/ কম হ’ব ওজন

সম্ভৱতঃ অতি কম সংখ্যক লোকে এই কথা জানে যে অমিতাৰ গুটি খালে ওজন নিয়ন্ত্ৰণত সহায় কৰে, আচলতে ইয়াত থকা আঁহৰ পৰিমাণ অতি বেছি, যাৰ বাবে আপুনি বহুসময়লৈকে ভোক অনুভৱ নকৰে, আৰু আপুনি প্ৰয়োজনতকৈ অধিক ভোজন গ্ৰহণৰ পৰা বিৰত থাকে ৷

৪/ কৰ্কট ৰোগ প্ৰতিৰোধ

আমি সকলোৱে এই বিষয়ে জ্ঞাত যে কৰ্কট ৰোগ এটা অতি বিপজ্জনক ৰোগ যিয়ে কেতিয়াবা মানুহৰ প্ৰাণো কাঢ়ি লৈ ​​যায়, ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি নিয়মিতভাৱে অমিতাৰ গুটি খাব লাগিব ৷ বহু গৱেষণাত প্ৰমাণিত হৈছে যে ইয়াৰ বীজত কেন্সাৰ প্ৰতিৰোধী গুণ পোৱা যায়, যাৰ ফলত কিছুমান কেন্সাৰ কোষৰ বৃদ্ধি হোৱাটো ৰোধ কৰে ৷

লগতে পঢ়ক: High uric acid: এইবিধ পানীয়ে তেজৰ পৰা বাহিৰ কৰিব ইউৰিক এচিড; আজিয়েই খালী পেটত খাবলৈ আৰম্ভ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.