বেয়া জীৱনশৈলী, বিশেষকৈ অত্যধিক মিঠা খোৱাৰ ফলত শিশুৰ পেটত পেলু হয় ৷ পাকস্থলীত হঠাতে বিষ, ভোক নোহোৱা আৰু বমি হৈছে পেলুৰ মূল লক্ষণ ৷ বিশেষজ্ঞসকলৰ মতে, ৬ মাহতকৈ সৰু শিশুৰ পেলু হোৱাৰ আশংকা অধিক ৷ যদি পাকস্থলীত অধিক পেলু থাকে, তেনেহ'লে ই শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰে ৷ সন্তানৰ এই সমস্যাৰ বাবে বহু অভিভাৱক চিকিৎসকৰ কাষ চাপিবলগীয়া হয় ৷ কিন্তু ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাও পেলুৰ সমস্যা শেষ কৰিব পাৰি ৷আজি সেই বিষয়ে জানো আহক-
আজৱাইন
যদি শিশুৰ পেটত পেলু আছে, তেন্তে তেওঁলোকক আজৱাইন খুৱাব ৷ ইয়াত থকা এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণবোৰ পেলুৰ ঔষধ ৷ আপুনি ১/২ চাহ চামুচ আজৱাইন পাউডাৰত ১/২ চাহ চামুচ গুড় মিহলি কৰিব ৷ ইয়াৰে সৰু সৰু লাডু বনাই শিশুটোক দিনত ৩ বাৰকৈ খুৱাওক ৷ সন্তান যদি অলপ ডাঙৰ হৈছে, তেতিয়া আধা গ্ৰাম আজৱাইন পাউডাৰত এক চিমুটি ক'লা নিমখ মিহলি কৰি ৰাতি গৰম পানীৰ সৈতে খাবলৈ দিব ৷
নিমপাত
পেলুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতো ব্যৱহাৰ কৰিব পাৰি ৷ নিম পাতৰ বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণ আছে ৷ ইয়াৰ বাবে আপুনি নিমৰ পাত পিহি মৌৰ সৈতে মিহলি কৰি সন্তানক খালী পেটত খাবলৈ দিব ৷ খুব সোনকালেই পেলুৰ সমস্যাৰ পৰা সকাহ পাব ৷
নহৰু
পেটৰ পৰা পেলু দূৰ কৰিবলৈ নহৰুও যথেষ্ট সহায়ক ৷ ইয়াৰ বাবে নহৰুৰ চাটনিত ‘পিংক ছল্ট’ মিহলি কৰি দিনত দুবাৰকৈ খাব ৷ ই পেটৰ সকলো পেলু মৰাত সহায় কৰিব ৷
ডালিম
ডালিমে শৰীৰত তেজ বৃদ্ধি কৰাৰ লগতে পেটৰ পেলুও নাইকিয়া কৰে ৷ ডালিমৰ বাকলিবোৰ শুকুৱাই ইয়াৰ গুৰি কৰি ল’ব ৷ এনেদৰে দিনত কমেও ২ বাৰ এক চামুচ এক চামুচকৈ খাব ৷ এনেদৰে খালে খুব কম দিনতে আপোনাৰ সন্তানৰ পেলুৰ সমস্যা দূৰ হ'ব ৷
লগতে পঢ়ক: কি হ’ব যদি আমি 72 ঘন্টা কেৱল ফল-মূলেই গ্ৰহণ কৰো ?