ETV Bharat / sukhibhava

Diet for Breastfeeding Moms : স্তনপান কৰাই থকা মহিলাসকলে গ্ৰহণ কৰিব লাগে বিশেষ আহাৰ

জন্মৰ প্ৰথম ছমাহলৈ এটি শিশুৰ বিকাশৰ ক্ষেত্ৰত স্তনপানে বিশেষ ভূমিকা পালন কৰে ৷ শিশু এটি সম্পূৰ্ণ ৰূপে প্ৰথমাৱস্থাত মাতৃদুগ্ধৰ ওপৰতেই নিৰ্ভৰ কৰে ৷ এই মাতৃদুগ্ধত থাকে শিশু এটিৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ লগতে আন বহুতো প্ৰয়োজনীয় উপাদান, যি শিশু এটিৰ মানসিক শাৰিৰীক বিকাশত সহায় কৰে (Breastfeeding helps in developing Child health and immunity) ৷ সেয়ে কোৱা হয় যে দুগ্ধপান কৰোৱা মহিলাসকলেও নিজৰ খাদ্যভ্যাসৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে (Diet for Breastfeeding Moms) ৷

Diet for Breastfeeding Moms
স্তনপান কৰাই থকা মহিলাসকলে গ্ৰহণ কৰিব লাগে বিশেষ আহাৰ
author img

By

Published : Jan 26, 2022, 1:19 PM IST

দুগ্ধপান কৰোৱাতো এগৰাকী নাৰীৰ জীৱনৰ পৰম প্ৰাপ্তি বুলি অভিহিত কৰা হয় ৷ শিশু এটিৰ বাহ্যিক আৰু আভ্যন্তৰীণ বিকাশ সম্পূৰ্ণৰূপে এই মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰ কৰে (Breastfeeding helps in developing Child health and immunity) ৷ মাতৃ এগৰাকীয়ে নিয়মিত গ্ৰহণ কৰা খাদ্যই মাতৃদুগ্ধৰ গুণাগুণৰ ওপৰত প্ৰভাৱ পেলায় ৷

মাতৃদুগ্ধৰ মানদণ্ড আৰু পৰিমাণ মাতৃগৰাকীয়ে গ্ৰহণ কৰা খাদ্যভ্যাসৰ ওপৰতে নিৰ্ভৰ কৰে ৷ সেয়েহে আমি আপোনালোকলৈ লৈ আহিছো বিশেষজ্ঞই আগবঢ়োৱা আহাৰ গ্ৰহণৰ কেইটামান বিশেষ পৰামৰ্শ...

নিউট্ৰিছ’নিষ্ট দিব্যা গুপ্তাই কৈছে যে ৰেকমেণ্ডেড ডায়েটৰী এলাউন্সৰ মতে স্তনপান কৰাই থকা মাতৃ এগৰাকীক নিতৌ 74 গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন, যিয়ে প্ৰথম ছমাহৰ স্তনপানৰ সময়চোৱাত 18-20 গ্ৰামলৈ প্ৰ’টিন বৃদ্ধি কৰাত সহায় কৰে ৷ শস্য, মাহজাতীয় খাদ্য, সতেজ ফল, শাক-পাচলি, মাছ-মাংস, কণী, দুগ্ধজাত সামগ্ৰী এই সকলোবোৰ হৈছে প্ৰ’টিনযুক্ত আহাৰ ৷

স্তন্যপান কৰাই থকা মাতৃসকলক প্ৰতিদিনে 10-15 গিলাচকৈ পানী খোৱাৰ বাবে উৎসাহিত কৰিব লাগে ৷ কিয়নো দেহত গাখীৰ উৎপাদনৰ পৰিমাণ তৰল জাতীয় খাদ্য গ্ৰহণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে । হায়দৰাবাদৰ এএমডি আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, এমডি আয়ুৰ্বেদ, ডাঃ ৰাজ্যলক্ষ্মী মাধৱমে কৈছে যে, এবাৰতে অধিক পৰিমাণে পানী খোৱাতকৈ গোটেই দিনটো অলপ অলপকৈ পানী খাব লাগে ৷ মাতৃসকলে নাৰিকলৰ পানীও খাব পাৰে, যি মাতৃদুগ্ধ বৃদ্ধিত সহায় কৰে । নাৰিকলৰ পানীত প্ৰয়োজনীয় পুষ্টি থাকে আৰু ই শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷

কেলছিয়ামৰে সমৃদ্ধ গাখীৰ পান কৰিব লাগে ৷ লগতে দুগ্ধজাত সামগ্ৰী, তিল আৰু ডাঠ সেউজীয়া পাচলি যি উপযুক্ত কেলছিয়ামৰ সমাহাৰ সেয়াও মাতৃসকলে নিজৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে ৷

আদা এবিধ উৎকৃষ্ট খাদ্য ৷ আদাত কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হোৱাই নহয়, বৰঞ্চ ইয়াত এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণ আছে । দৈনিক ৰন্ধন প্ৰণালীত আদা যোগ দি মাতৃসকলে খাব পাৰে । ইয়াৰ উপৰিও অন্যান্য মচলা যেনে ক'লা জালুক, জিৰা, ডালচেনি, কেৰোম বীজ আদি হৈছে কিছুমান মচলা যাক দৈনন্দিন ৰন্ধনত যোগ দিব পাৰি । স্তনপানৰ সময়ত জলকীয়া খোৱাৰ পৰা পাৰিলে বিৰত থাকক ৷

লো আৰু কেলচিয়াম সমৃদ্ধ খাদ্য বাছনি কৰক । দাইল, খাদ্য শস্য, সেউজীয়া শাক-পাচলি, কিচমিচ ইত্যাদিত লোৰ পৰিমাণ বেছি । শৰীৰে যাতে লো জাতীয় খাদ্য ভালদৰে সেৱন কৰিব পাৰে, তাৰ বাবে লোৰ সৈতে ভিটামিন চি যুক্ত ফল, যেনে নেমু খাওক ৷

মেথিগুটিত অ’মেগা-3 ফেটি এচিড থাকে, যি কেঁচুৱাৰ মগজুৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ । ইয়াক দৈনিক খাদ্য ৰন্ধনত মচলা হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ পানীত মেথিগুটি তিয়াই থৈ সেই পানীও আপুনি খাব পাৰে ৷

চফগুটিয়ে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰে আৰু ই হজম প্ৰক্ৰিয়াতো সহায়ক হয় । ইয়াক আপুনি এনেও খাব পাৰে ৷ নতুবা 1/2 চামুচ চফগুটিৰ গুৰিৰ সৈতে 100 মিলিমিটাৰ গাখীৰ মিহলি কৰি খাব পাৰে ৷

প্ৰতিটো ঋতুৰে ফল খাওক ৷ বিশেষকৈ ডালিম খাওক ৷ ই তেজ পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে মাতৃদুগ্ধ বৃদ্ধিত সহায় কৰে ৷

স্তনপানৰ সময়ত পৰিহাৰ কৰিবলগা কেইটামান বস্তু :

ডায়েটিঙৰ নামত স্তনপানৰ সময়ত নোখোৱাকৈ নাথাকিব ৷ কিয়নো ই গাখীৰৰ মানদণ্ড আৰু পৰিমাণ হ্ৰাস কৰিব পাৰে । খোজকঢ়াৰ দৰে পাতল ব্যায়াম আপুনি দৈনিকভাৱে কৰিব পাৰে ৷

সুৰাপান আৰু ধূমপান পৰিহাৰ কৰিব, কিয়নো এই অভ্যাসে কেঁচুৱাক প্ৰভাৱিত কৰিব পাৰে ।

মাত্ৰাধিক মিঠা আৰু চৰ্বীযুক্ত খাদ্য পৰিহাৰ কৰি চলক ৷ তাৰ পৰিৱৰ্তে শাক-পাচলিৰ ৰস, বাটাৰ মিল্ক, লাচ্চি খাওক ৷

সকলো নিচাজাতীয় দ্ৰব্য সেৱন পৰিহাৰ কৰক, যিহেতু এইবোৰ গাখীৰ উৎপাদনত ঋণাত্মক প্ৰভাৱ পেলায় ৷

চকলেট খোৱা বন্ধ কৰক বা খালেও অতি কম পৰিমাণত খাওক ৷ চকলেটত থিঅব্ৰোমিন থাকে, যি হৈছে এক নিচাজাতীয় দ্ৰব্য ৷ চকলেট খাই থকা মাতৃৰ স্তনপান কৰা শিশু ভৱিষ্যতে অস্থিৰ আৰু উচ্ছৃংখল হোৱাৰ সম্ভাৱনা থাকে ৷

লগতে পঢ়ক: Walking reduces risk of Diabetes: খোজকঢ়া অভ্যাসে হ্ৰাস কৰে ডায়বেটিছৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.