ETV Bharat / sukhibhava

Daily Horoscope For 7th September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 7th September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰোৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল । তেওঁলোকৰপৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।

বৃষ ৰাশি: আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিয়ক । যি ক’ব ভাবি চিন্তি ক’ব, তেতিয়াহে তাৰ ফল পাব । প্ৰিয়জন আৰু ভাইভনীৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য । আপুনি আঁকোৰগোজ হৈ থাকিলে আপুনি প্ৰত্যাশিত এক অসাধাৰণ সুযোগ হেৰাই পেলাব পাৰে । আপুনি তথাপি আজি স্ববিৰোধিতাত ভুগিব । নতুনকৈ একো আৰম্ভ নকৰিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপুনি উজ্জ্বল এক আশা লৈ আৰম্ভ কৰিব । আপোনাৰ মুখৰ হাঁহি হেজাৰ হেজাৰ মানুহৰ অন্তৰক উজলাই তুলিব । আজি আপোনাৰ স্বাস্থ্য বৰ ভাল থাকিব, মনত এক আনন্দ বিৰাজ কৰিব, বন্ধুসকলৰ সৈতে বহুত ভাল কোনো পৰিকল্পনা গ্ৰহণ কৰিব । প্ৰাণৱন্ত পোছাক পিন্ধক, আনক দেখুওৱাৰ কাৰণে নহয় বৰঞ্চ নিজক ভাল লগাবলৈ এই পোছাক পিন্ধক । এপ্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আৰ্থিক দিশত ভালে । আজিৰ দিনটো বৰ সুন্দৰ আৰু সমৃদ্ধশালী । এনে দিনত মনলৈ নেতিবাচক ভাৱ আহিবলৈ নিদিব । ব্যয়বৃদ্ধি হ’ব ।

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ অনুকূল নহয় । আজি আপুনি উদ্বিগ্ন হৈ থাকিব । কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল যেন লাগিছে । আপোনাৰ ওচৰত এতিয়া বিভিন্ন ধৰণৰ কাম বা চাকৰীৰ প্ৰস্তাৱ আছে, তাৰে মাজত কোনটো ল’ব সেই সিদ্ধান্ত ল’ব লাগিব । নিজৰ স্বাস্থ্য বেয়া নকৰিব আৰু মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব । অপ্ৰত্যাশিত ঘটনাৰপৰা সাৱধানে থাকক ।

সিংহ ৰাশি: সিদ্ধান্তহীনতাই প্ৰবল হৈ থাকিব । নতুনকৈ কোনো কাম আৰম্ভ নকৰিব। অলপ সময় লৈ চিন্তা কৰক, আৰু আপোনাৰ সন্মুখত থকা বিকল্পসমূহক ভাবি-চিন্তি চাওঁক, কোনটো আপোনাৰ কাৰণে ভাল হ’ব । কোনো বান্ধৱীয়ে কফি খাবলৈ বা কোনো পাৰ্টিত যাবলৈ নিমন্ত্ৰণ কৰিলে সেই নিমন্ত্ৰণ গ্ৰহণ নকৰাকৈ নাথাকিব । এইবোৰ নিমন্ত্ৰণত গ’লে আপোনাৰ লাভ হ’ব পাৰে । ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত সময়টো সৌভাগ্যশালী ।

কন্যা ৰাশি: আজিৰ দিনটো সৌভাগ্যশালী, শুভ যোগাযোগ আৰু সুযোগৰ সম্ভাৱনা আছে ভাগ্যশালী কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে । কোনো কাম যদি আগৰেপৰা ৰৈ আছিল, সেয়া আজি সম্পন্ন হ’ব আৰু সকলোৱে গম পাব । বৃত্তিধাৰী, কাৰিকৰৰ কাৰণে পৰ্যাপ্ত সুযোগা আহিব । আপোনাৰ জীৱিকা আৰু ব্যৱসায়ক ইতিবাচক গতি দিব পৰা অংশীদাৰিত্ব, স্বীকৃতি, পদোন্নতি ইত্যাদি যি কোনো ধৰণৰ কাৰণৰ যোগ আছে । আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনালৈ কোনো লাভ কঢ়িয়াই আনিব । স্বাস্থ্য ভালে থাকিব । পাৰিবাৰিক, দাম্পত্য সম্পৰ্ক ৰঙিয়াল আৰু মৰমিয়াল হৈ থাকিব । স্বামী-স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ লগত আলোচনাত মিলিত হ'লে লাভদায়ক হ’ব । যি কোনো আমোলাতান্ত্ৰিক কাম অতি সহজতে সম্পন্ন হ’ব । চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে সময়টো ভাল ।

তুলা ৰাশি: সৃজনশীল, সাহিত্যিক আৰু বৌদ্ধিক কাম-কাজৰ বাবে আজিৰ দিনটো অনুকূল । আপোনাৰো আগ্ৰহ সেই দিশতে ধাৱিত হ’ব । গভীৰ বৌদ্ধিক আলোচনাৰ প্ৰয়োজন হ’বলগীয়া যি কোনো বস্তু আপোনাক উদ্যমী কৰি তুলিব । আপোনাৰ মনত যদি কোনো উদ্ভাৱনীমূলক চিন্তাধাৰা আপোনাৰ মনত বিমূৰ্ত হৈ থাকে, তেতিয়া হ’লে তাক ৰূপ আৰু আকাৰ দিয়াৰ বাবে আজিৰ সময়টো বৰ ভাল । স্বাস্থ্যক লৈ সজাগ থাকক । বন্ধুসকলৰ সৈতে তীৰ্থযাত্ৰাৰ উদ্যোগ ল’ব পাৰে, বা বিদেশৰপৰা ভাল খবৰ আহিব পাৰে ।

বৃশ্চিক ৰাশি: চাৰিও ফালৰপৰা প্ৰলোভন আহিব ৷ এতিয়া এইবোৰ প্ৰলোভনত নপৰিব, এইবোৰ প্ৰবৃত্তিৰপৰা দূৰত থাকক । ফেচবুক বন্ধুৰ সৈতে ফোন নম্বৰ আদান-প্ৰদান কৰাৰ সময়ত সাৱধান হওঁক বা নতুন কোনো আঁচনিত বিনিয়োগ কৰাৰ সময়ত সতৰ্ক থাকক । ক্ৰোধ নিয়ন্ত্ৰণ কৰক এইবোৰৰপৰা নিজক দূৰত ৰাখিবলৈ যোগ, ধ্যান বা প্ৰাৰ্থনা কৰক ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ উজ্জ্বল । আজি গোটেই দিনটো আপুনি উত্সাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব । বিদেশীসকলৰ সংগ উপভোগ কৰিব । বন্ধুসকলৰ সৈতে দৰ্শনীয় স্থান চাবলৈ যাব পাৰে । সাহিত্যিক কাৰ্যকলাপৰ বাবে আজিৰ দিনটো শুভ । অংশীদাৰী ব্যৱসায় আজি লাভদায়ক ।

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি তজবজীয়া হৈ থাকিব । আপোনাৰ পৰিয়ালক লৈ অপ্ৰত্যাশিত ঘটনাৰ ফলত আপুনি উদ্বিগ্ন হৈ থাকিব । অনিদ্ৰাই আপোনাক দিগদাৰ দিব পাৰে । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । আপোনাৰ সুনাম নষ্ট হ’ব পৰা ঘটনা ঘটিব পাৰে ।

কুম্ভ ৰাশি: আজি নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । আপুনি এতিয়াও সিদ্ধান্তহীনতাত ভুগি আছে । আপোনাৰ মনত স্ববিৰোধ থাকিবই থাকিব । আপুনি কোনো দৃঢ় অৱস্থানত উপনীত হ’ব নোৱাৰিব । এই ৰাশিক জাতিকাসকলে কোনো কথা কোৱাৰ আগতে সতৰ্ক থাকিব । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰি আপুনি উদ্দীপ্ত অনুভৱ কৰিব ।

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ অনুকূলত নাথাকিবও পাৰে । এই পৰিস্থিতিৰপৰা উদ্ধাৰ পাবলৈ আপুনি আশাবাদী হৈ থাকিব লাগিব । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া-বিবাদত লিপ্ত হৈ যাব পাৰে । যাৰ ফলত আপোনাৰ মন ভালে নাথাকিব, একো কৰিবলৈ ইচ্ছা নাথাকিব । নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, আৰু মন অস্থিৰ হৈ থাকিব, সেই দিশতো লক্ষ্য ৰাখক । আপুনি যদি অনিদ্ৰাত ভুগি আছে, তেতিয়া হ’লে বিশ্ৰাম, শৰীৰচৰ্চা বা ধ্যান কৰাৰ বাবে সময় উলিয়াওঁক । আপোনাৰ চাৰিওফালে থকা মহিলাসকলৰপৰা সাৱধানে থাকক । সামাজিক বা আৰ্থিক দিশত আপোনাৰ ক্ষতি হ’ব পাৰে । কৰ্মনিশ্চয়তা কম থকাৰ বাবে বৃত্তিধাৰীসকলে উদ্বিগ্ন হৈ থাকিব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.