ETV Bharat / sukhibhava

Summer cold symptoms: কেৱল শীতকালতে নহয়, গ্ৰীষ্মকালতো আমনি কৰিব পাৰে জ্বৰ-চৰ্দিয়ে - গ্ৰীষ্মকালৰ জ্বৰ চৰ্দিৰ পৰা পৰিত্ৰাণৰ উপায়

বহুসময়ত মানুহে গ্ৰীষ্মকালত হোৱা জ্বৰ-চৰ্দিক এলাৰ্জী বুলি ভাবিবলৈ লয় ৷ ই একেবাৰে এটা ভুল ধাৰণা । জাৰকালিৰ দৰে গৰমকালিও হ’ব পাৰে আপোনাৰ পানীলগা জ্বৰ (Summer cold symptoms) ৷

Summer cold symptoms
গ্ৰীষ্মকালতো আমনি কৰিব পাৰে জ্বৰ-চৰ্দিয়ে
author img

By

Published : Mar 29, 2022, 1:45 PM IST

সাধাৰণতে মানুহে ভাবে যে পানীলগা জ্বৰ-চৰ্দি কেৱল শীতকালতে হয়, ই আচলতে এটা ডাঙৰ ভ্ৰম । গ্ৰীষ্মকালত কিছুমান পৰিস্থিতি আৰু বেক্টেৰিয়া বা ভাইৰাছৰ বাবে মানুহ চৰ্দি জ্বৰত আক্ৰান্ত হয় । শীতকালত অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ বাবে মানুহৰ ক্ষেত্ৰত চৰ্দি-জ্বৰে দেখা দিয়ে । কিন্তু গ্ৰীষ্মকালতো এই চৰ্দি-জ্বৰৰ সমস্যাই মানুহক যথেষ্ট আমনি কৰা দেখা যায় (Summer cold symptoms) !

চণ্ডীগড়ৰ জেনেৰেল ফিজিচিয়ান ডাঃ সত্যেন্দ্ৰ নাৰাঙে কৈছে কিয় চৰ্দি-জ্বৰৰ সমস্যাই গ্ৰীষ্মকালতো মানুহক আমনি কৰে ৷ তেওঁ জানিবলৈ দিয়া কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল-

ডাঃ সত্যেন্দ্ৰ নাৰাঙে কৈছে যে প্ৰখৰ গৰম পৰাৰ সময়ত মানুহৰ জ্বৰ-চৰ্দি হয় (Fummer cold fever reasons) ৷ দৰাচলতে, সেই সময়খিনিত গৰমৰ পৰা সকাহ পাবলৈ মানুহে অধিক পৰিমাণত ফ্ৰিজৰ পানী, শীতল পানীয়, আইচক্ৰীম বা বৰফ ঢালি দিয়া ফল-মূলৰ ৰস সেৱন কৰে যাৰ ফলত মানুহৰ সাধাৰণ জ্বৰ-চৰ্দি হোৱাৰ আশংকা বৃদ্ধি হয় । ইয়াৰ বাহিৰেও গৰমৰ পৰা সুৰক্ষিত পাবলৈ মানুহে বহুসময় ধৰি এচি বা দ্ৰুত গতিত চলি থকা ফেন ব্যৱহাৰ কৰে যাৰ ফলত জ্বৰ-চৰ্দি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ৷

গৰমৰ দিনত ৰাস্তাৰ কাষত মুকলিকৈ ৰৈ থকা ফলমূলৰ ৰস বিক্ৰী কৰা দোকানসমূহ আচলতে বেমাৰৰ বাহক ৷ নাৰাঙে কৈছে এনে স্থানসমূহৰ পৰাই বেমাৰৰ সংক্ৰমণ হয় ৷ গ্ৰীষ্মকালত জ্বৰ-চৰ্দি হোৱাৰ ইয়ো এটা মুখ্য কাৰণ ৷ মানুহে গৰমৰ দিনত এই স্থানসমূহৰ পৰাই বৰফ মিহলি ফলৰ ৰস, আধা কাটি থোৱা ফল ইত্যাদি সেৱন কৰে ৷

ইয়াৰ উপৰিও ইতিমধ্যেই জ্বৰ চৰ্দিত আক্ৰান্ত হৈ থকা ব্যক্তি এজনৰ সংস্পৰ্শলৈ আহিলেও জ্বৰ-চৰ্দি হোৱাৰ আশংকা বৃদ্ধি হয় (Fever can catch people during summer)। ডাঃ নাৰাঙে আঙুলিয়াই দিয়ে যে সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকল এইধৰণৰ সংস্পৰ্শৰ ফলত জ্বৰ-চৰ্দিত আক্ৰান্ত হয় ৷

এণ্টেৰ’ভাইৰাছ (Enterovirus)

বতৰ লাগিলে যেনেকুৱাই নহওক কিয় জ্বৰ-চৰ্দি সৃষ্টি কৰিব পৰাকৈ প্ৰায় 200 ত কৈয়ো অধিক প্ৰকাৰৰ ভাইৰাছ আছে । গ্ৰীষ্মকালীন জ্বৰ-চৰ্দিৰ বাবে সচৰাচৰ ওপৰত উল্লেখিত কাৰণবোৰৰ উপৰিও এণ্টেৰ’ভাইৰাছক বহুত ক্ষেত্ৰত মুখ্য কাৰণ হিচাপে গণ্য কৰা হয় । শৰীৰত এণ্টেৰ’ভাইৰাছৰ প্ৰভাৱৰ বিষয়ে ক’বলৈ গ’লে সাধাৰণ জ্বৰ-চৰ্দিৰ উপৰিও মানুহ এজনৰ ক্ষেত্ৰত ছালত দাগ, হাত-ভৰিত দাগ, ডিঙি-মুখত ফোঁহা আৰু চকু ৰঙা পৰা আদি সমস্যা হ'ব পাৰে ।

ডাঃ নাৰাঙে জনাইছে যে শীতকালৰ দৰেই গ্ৰীষ্মকালত হোৱা পানীলগা জ্বৰৰ পৰা ব্যক্তি এজন প্ৰায় 7 ৰ পৰা 10 দিনৰ ভিতৰত নিজে নিজে আৰোগ্য হয় । কিন্তু বহুসময়ত কেতিয়াবা কিছুমান পৰিস্থিতি আৰু ৰোগীৰ বয়স তথা শাৰীৰিক অৱস্থাৰ বাবে এই সাধাৰণ পানীলগা জ্বৰে ব্যক্তি এজনক দীৰ্ঘসময় ধৰি আমনি কৰিব পাৰে (Fever cold can happen in summer) । এনে পৰিস্থিতিত কিন্তু লগে লগে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় ৷

ডাঃ নাৰাঙে গ্ৰীষ্মকালৰ জ্বৰ-চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান কথা উপায়ৰ কথা উল্লেখ কৰিছে (Remedy to cure summer cold and fever)-

1. প্ৰখৰ ৰ’দত ক’ৰবাৰ পৰা আহিয়েই তৎক্ষণাত বৰফযুক্ত পানী নতুবা অন্যান্য শীতল পানীয় নেখাব ৷

2. অতি চোকা ৰ’দত ঘূৰা ফুৰা কৰি আহি পোনপটীয়াকৈ এ চি নতুবা ফেনৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক ৷

3. পুষ্টি সমৃদ্ধ পাতল আৰু হজম কৰিব পৰা খাদ্য খাব, যাতে ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰে । পুষ্টিযুক্ত খাদ্যই যিকোনো প্ৰকাৰৰ সংক্ৰমণৰ প্ৰভাৱত পৰাৰ আশংকা হ্ৰাস কৰি ৰাখে ৷

4. দোকানত মুকলিকৈ বিক্ৰী কৰা ফলমূলৰ ৰস বা অন্যান্য খাদ্য খোৱা পৰিহাৰ কৰক ৷

5. জ্বৰ-চৰ্দিত আক্ৰান্ত হৈ থকা লোকৰ সংস্পৰ্শলৈ নাহিব ৷

6. বাহিৰৰ ধূলি-মাকতি তথা বীজাণুৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াকৈ বাহিৰৰ পৰা ঘৰলৈ আহি চাবোনেৰে হাত ধোৱক ৷

7. হাত নোধোৱাকৈ খাদ্য খোৱা পৰিহাৰ কৰক ।

8. বায়ুৰ চলাচল মুকলিকৈ নোহোৱা স্থানত অধিক সময় ৰৈ নাথাকিব ৷

9. শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব । গ্ৰীষ্ম ঋতুত যথেষ্ট পৰিমাণে পানী তথা পৰিষ্কাৰ আৰু সতেজ পানীয় খাব ।

10. প্ৰখৰ ৰ'দত বাহিৰলৈ যাওঁতে সদায়ে টুপী বা ছাতি ব্যৱহাৰ কৰিব ।

লগতে পঢ়ক: Home remedies for heat rashes: ঘামচি আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.