ETV Bharat / sukhibhava

Thyroid: সাৱধান! থাইৰইডৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক কেতিয়াও নকৰিব আওকাণ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:37 PM IST

বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত ৷ ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে, আজি এই বিষয়ে জানো আহক-

careful! These are early signs of thyroid disease
সাৱধান! থাইৰইডৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক কেতিয়াও নকৰিব আওকাণ

বৰ্তমান সময়ত বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত ৷ মেদবহুলতা, হৰম’নৰ ভাৰসাম্যহীনতা আৰু বেয়া জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মুখ্য কাৰণ ৷ থাইৰইড মূলত দুই প্ৰকাৰৰ ৷ থাইৰয়ড হৈছে ডিঙিৰ তলৰ অংশত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি। ই ট্ৰাইঅ’ড’থাইৰ’নিন (T3) আৰু থাইৰ’ক্সিন (T4) হৰম’ন নিঃসৰণ কৰে । ইয়াক থাইৰয়ড হৰম’ন বোলা হয় । ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰে, আজি এই বিষয়ে জানো আহক-

থাইৰইডৰ লক্ষণসমূহ

  • হাত-ভৰিৰ কঁপনি
  • চুলি সৰা আৰু পাতল হোৱা
  • টোপনিৰ অভাৱ
  • পেশীৰ বিষ আৰু দুৰ্বলতা
  • উদ্বিগ্নতা আৰু খিংখিঙীয়া ভাব
  • অত্যাধিক ঘাম ওলোৱা
  • দ্ৰুত হৃদস্পন্দন
  • বৰ্ধিত ভোক
  • ওজন হ্ৰাস
  • মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ

থাইৰইডৰ মূল কাৰণ কি ?

  • আনুবংশিক

থাইৰইড ৰোগো আনুবংশিক ৷ যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ এই ৰোগ আছে, তেনেহ'লে ই আপোনাৰ সংক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে ৷

  • স্বাস্থ্যকৰ আহাৰৰ অভাৱ

সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ পুষ্টিৰ অভাৱৰ বাবেও এই সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ থাইৰইড ভিটামিন-ডি, আয়ডিন, জিংক, চেলেনিয়াম আৰু অন্যান্য পুষ্টিৰ অভাৱৰ ফলতো থাইৰইড ৰোগে দেখা দিব পাৰে ৷

  • বয়স

বাঢ়ি অহা বয়সো এই ৰোগৰ মূল কাৰণ হ'ব পাৰে ৷ বিশেষকৈ বৃদ্ধ বয়সৰ মহিলাৰ ক্ষেত্ৰত এই সমস্যা যথেষ্ট বৃদ্ধি হোৱাৰ আশংকা থাকে ৷

  • পাৰিপাৰ্শ্বিক কাৰকসমূহ

কিছুমান পাৰিপাৰ্শ্বিক কাৰকো থাইৰইডৰ কাৰণ হ'ব পাৰে ৷এইসমূহৰ ভিতৰত বিকিৰণ, প্ৰদূষণ, নিকোটিন আৰু ৰাসায়নিক পদাৰ্থ অন্যতম ৷

  • হৰম’নৰ পৰিৱৰ্তন

গৰ্ভধাৰণ, ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ থাইৰইডৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷ সময় সলনি হোৱাৰ লগে লগে হৰমনৰ পৰিৱৰ্তনে এই ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷

কেনেদৰে সুৰক্ষিত থাকিব পাৰি ?

  • আহাৰত আয়ডিন অন্তৰ্ভুক্ত কৰিব

থাইৰইডৰ পৰা বাচি থাকিবলৈ আপুনি খাদ্য তালিকাত আয়ডিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে ৷ মিঠা আলু, সাগৰীয় ফল আপুনি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

  • নিয়মীয়া ব্যায়াম কৰিব

আপোনাৰ ৰুটিনত যোগ, প্ৰাণায়াম, ব্যায়াম, ধ্যান স্বাস্থ্যকৰ ব্যায়াম অন্তৰ্ভুক্ত কৰিব ৷ ই থাইৰইডৰ সমস্যাত যথেষ্ট সকাহ দিব ৷

  • দুগ্ধজাত সামগ্ৰী

এই ৰোগত যিমানদূৰ সম্ভৱ দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰাটো উচিত ৷ কাৰণ গাখীৰত প্ৰচুৰ পৰিমানে কেলচিয়াম, ভিটামিন, খনিজ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে, যাক থাইৰইড নিৰাময়ত অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক: Assamese Mah-prasad: আমি ব্যৱহাৰ কৰা মাহ প্ৰসাদৰ গুণাগুণ সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.