শেহতীয়া অধ্যয়ন মতে, যেতিয়া কোনো এটা নিৰ্দিষ্ট স্থানৰ বাবে তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ 5 শতাংশ বেছিত উপনীত হয় বা সেয়া অতিক্ৰম কৰে তেতিয়া চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত ভিৰ কমেও 10 শতাংশ বৃদ্ধি হয় (hospital emergency rises when temperatures exceed 5 per cent) । আনহাতে, বৰ্ধিত তাপমাত্ৰাই মানসিক স্বাস্থ্যৰ সমস্যাত ভুগি থকা লোকসকলৰ ক্ষেত্ৰতো ইয়াৰ লক্ষণবোৰ বেয়া কৰি তুলিব পাৰে (Soaring temperatures make symptoms worse mental health conditions)। গ্ৰীষ্মপ্ৰৱাহৰ লগতে অন্যান্য বতৰৰ ঘটনা যেনে বানপানী আৰু জুইৰ সৈতে হতাশাগ্ৰস্ত লোকসকলৰ হতাশাৰ লক্ষণ বৃদ্ধি আৰু সাধাৰণ উদ্বেগ বিকাৰ (anxiety disorder) থকা লোকসকলৰ উদ্বেগৰ লক্ষণ বৃদ্ধি যিটো এক বিকাৰ য'ত মানুহে বেছিভাগ সময় উদ্বিগ্ন অনুভৱ কৰে সেয়া সম্পৰ্কিত ।
আত্মহত্যা আৰু আত্মহত্যাৰ প্ৰচেষ্টাৰ মাজতো দৈনিক উচ্চ তাপমাত্ৰাৰ এটা সম্পৰ্ক আছে । মোটামুটিভাৱে ক'বলৈ গ'লে, মাহিলি গড় উষ্ণতাত প্ৰতি 1 ডিগ্ৰী চেলচিয়াছ বৃদ্ধিৰ বাবে মানসিক স্বাস্থ্য সম্পৰ্কীয় মৃত্যু (mental health related deaths) 2.2 শতাংশ বৃদ্ধি হয় । আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ ফলত আত্মহত্যাৰ ঘটনাও অধিক হয় । মানৱ-সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱৰ্তন হোৱা আৰ্দ্ৰতা আৰু উষ্ণতা দুয়োটায়ে বাইপোলাৰ বিকাৰ থকা লোকসকলৰ উন্মত্ত ঘটনা বৃদ্ধিৰ সৈতে সম্পৰ্কিত । ৰোগৰ এই অৱস্থাই গুৰুত্বপূৰ্ণ ক্ষতি কৰে আৰু ইয়াৰ ফলত মনোৰোগ আৰু আত্মহত্যাৰ চিন্তাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'ব পাৰে ।
মানসিক ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত গুৰুত্বপূৰ্ণ ঔষধৰ (drugs used to treat psychiatric illness) কাৰ্যকাৰিতা গৰমৰ প্ৰভাৱে হ্ৰাস কৰিব পাৰে । ফলত অধিক সমস্যাৰ সৃষ্টি হয় । আমি জানো যে বহু ঔষধে তাপ-সম্পৰ্কীয় মৃত্যুৰ আশংকা বৃদ্ধি কৰে । উদাহৰণ স্বৰূপে এণ্টিচাইকোটিক, যি তৃষ্ণা দমন কৰিব পাৰে, যাৰ ফলত লোকসকল ডিহাইড্ৰেটেড হৈ পৰে (antipsychotics can suppress thirst resulting people becoming dehydrated) । কিছুমান ঔষধে শৰীৰৰ উষ্ণতা আৰু ব্যক্তিজন কিমান ডিহাইড্ৰেটেড তাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ ধৰণে কাম কৰিব পাৰে । যেনে লিথিয়াম, এক অতি শক্তিশালী আৰু বহুলভাৱে ব্যৱহৃত মেজাজ-স্থিৰকাৰী যাক বাইপোলাৰ বিকাৰ (bipolar disorder) থকা লোকসকলক সঘনাই দিয়া হয় ।
অস্পষ্ট চিন্তা, আক্ৰমণাত্মক আচৰণ (Fuzzy thinking, aggressive behaviour)
মানসিক স্বাস্থ্যৰ বিকাৰ নোহোৱা লোকসকলৰো মানসিক স্বাস্থ্য আৰু চিন্তা কৰাৰ সামৰ্থ্য আৰু কাৰণক গৰমে প্ৰভাৱিত কৰিব পাৰে (Heat can affect mental health) । গৱেষণাই দেখুৱাইছে যে মগজু খটুৱাবলগা জটিল কামবোৰ প্ৰস্তুত আৰু সমাধান কৰাৰ বাবে দায়বদ্ধ মগজুৰ ক্ষেত্ৰবোৰ তাপ-চাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় । বোষ্টনৰ শিক্ষাৰ্থীসকলৰ এক অধ্যয়নত দেখা গৈছে যে গ্ৰীষ্মপ্ৰৱাহৰ সময়ত শীত-তাপ নিয়ন্ত্ৰণ নোহোৱা কোঠাবোৰত থকাসকলে মগজু পৰীক্ষাত তেওঁলোকৰ সহকৰ্মীসকলৰ তুলনাত ১৩ শতাংশ বেয়া প্ৰদৰ্শন কৰে আৰু প্ৰতিক্ৰিয়াৰ সময় ১৩ শতাংশ লেহেম আছিল ।
যেতিয়া মানুহে গৰমৰ বাবে স্পষ্টভাৱে চিন্তা কৰিব নোৱাৰে, তেতিয়া তেওঁলোক হতাশ হোৱাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ ফলত আক্ৰমণাত্মক হ'ব পাৰে । হিংসাত্মক অপৰাধ বৃদ্ধিৰ সৈতে অত্যধিক গৰমৰ সম্পৰ্ক থকা যথেষ্ট প্ৰমাণ আছে । আনকি পৰিৱেশৰ তাপমাত্ৰা মাত্ৰ এক বা দুই ডিগ্ৰী চেলচিয়াছ বৃদ্ধিৰ ফলত আক্ৰমণাত্মক ভাব 3-5 শতাংশ বৃদ্ধি হ'ব পাৰে । অনুমান কৰা হৈছে যে 2090 চনলৈকে বিশ্বজুৰি সকলো অপৰাধ শ্ৰেণীত 5 শতাংশ লৈকে বৃদ্ধিৰ বাবে জলবায়ু পৰিৱৰ্তন দায়বদ্ধ হ'ব পাৰে (climate change responsible for increase all crime) । এই বৃদ্ধিৰ কাৰণবোৰত মানসিক, সামাজিক আৰু জৈৱিক কাৰকৰ এক জটিল আন্তঃক্ৰিয়া অন্তৰ্ভুক্ত থাকে । উদাহৰণ স্বৰূপে, অন্যান্য বস্তুৰ লগতে আক্ৰমণৰ স্তৰ নিয়ন্ত্ৰণত ৰখা চেৰোটনিন নামৰ এক মগজুৰ ৰাসায়নিক পদাৰ্থ (brain chemical serotonin) উচ্চ তাপমাত্ৰাৰ দ্বাৰা প্ৰভাৱিত হয় ।
গৰমৰ দিনবোৰে পৰিৱেশ-উদ্বেগ বৃদ্ধি কৰিব পাৰে (Hot days can exacerbate eco-anxiety) । আমেৰিকাত জৰীপ কৰা 60 শতাংশ যুৱক-যুৱতীয়ে কয় যে তেওঁলোক জলবায়ু পৰিৱৰ্তনৰ বিষয়ে যথেষ্ট চিন্তিত বা অত্যন্ত চিন্তিত । প্ৰশ্ন কৰাসকলৰ ৪৫ শতাংশতকৈও অধিকেই কয় যে জলবায়ু সম্পৰ্কীয় অনুভূতিয়ে তেওঁলোকৰ দৈনন্দিন জীৱনক প্ৰভাৱিত কৰিছিল । জলবায়ু পৰিৱৰ্তন বিশেষকৈ গ্ৰীষ্মপ্ৰৱাহৰ প্ৰভাৱ আৰু মানসিক স্বাস্থ্যৰ মাজত জটিল আন্তঃক্ৰিয়া আৰু তাৰ ফলত উদ্ভাৱন হোৱা পৰিস্থিতিৰ বিষয়ে আমি এতিয়াও বহুতে বুজি পোৱা নাই । কিন্তু আমি নাজানো যে আমাৰ নিজৰ গ্ৰহটোৰ সৈতেই এক বিপজ্জনক খেল খেলি আছোঁ ।
গ্ৰীষ্মপ্ৰৱাহ আৰু আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত সেইবোৰৰ প্ৰভাৱ (Heatwaves effects on our mental health) সন্দৰ্ভত গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া কথাটো হৈছে যে আমি নিজকে আৰু ভৱিষ্যত প্ৰজন্মক সহায় কৰিবলৈ সৰ্বশ্ৰেষ্ঠ কামটো হ'ল জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা (By Laure: Departmental Lecturer University of Oxford & Eileen NeumannPostdoctoral Research Associate, Neuroscience, University of Zurich; as appeared in The Conversation)।
লগতে পঢ়ক : Smart Ring: আপোনাৰ হাতৰ আঙুলিতেই পাব স্বাস্থ্যৰ সকলো বতৰা