ETV Bharat / sukhibhava

স্তন কেন্সাৰৰ কাৰণ কি ? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? - Breast Cancer Risk Factors

Breast Cancer Prevention: স্তন কেন্সাৰৰ নাম শুনাৰ লগে লগে মহিলাসকলৰ হৃদয় কঁপি উঠে ৷ কাৰণ এই ৰোগৰ এতিয়ালৈকে কোনো ঔষধ ওলোৱা নাই ৷ গতিকে এই ৰোগ নহ’বলৈ নিজৰ কিছুমান বেয়া অভ্যাস এতিয়াই ত্যাগ কৰক, অন্যথা হ’ব পাৰে স্তন কেন্সাৰ ।

Breast cancer prevention: How to reduce Breast cancer risk
স্তন কেন্সাৰ প্ৰতিৰোধ
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:46 PM IST

Updated : Dec 11, 2023, 10:43 AM IST

স্তন কেন্সাৰ পুৰুষ বা মহিলা উভয়ৰে ক্ষেত্ৰত হ’ব পাৰে, কিন্তু মহিলাৰ ক্ষেত্ৰত ই বেছিকৈ হোৱা দেখা যায় । এই ৰোগত স্তন কোষত কেন্সাৰ হ’বলৈ আৰম্ভ কৰে । স্তন কেন্সাৰ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰাকৈ কোনো নিশ্চিত ঔষধ বা ভেকচিন নাই যদিও দৈনন্দিন জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰে । কিছুমান বেয়া অভ্যাসে স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । গতিকে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক ৷

স্তন কেন্সাৰৰ বিপদজনক কাৰক

১/ ধূমপান কৰা

মহিলাসকলে চিগাৰেট, হোঁকা, বিড়ি আৰু গাঞ্জাৰ দৰে সকলো নিচাজাতীয় বস্তুৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ ই স্তন কেন্সাৰৰ মূল কাৰণ হ’ব পাৰে ।

২/ সুৰাপান কৰা

মদ্যপান কৰা লোকৰ শৰীৰত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ সেয়েহে, ইয়াৰ পৰা বিৰত থাকিব লাগে ।

৩/ সন্তান জন্ম দিয়াত পলম হোৱা

সাধাৰণতে ৩০ বছৰ বয়সৰ পিচত যিসকল মহিলা মাতৃ হয়, তেওঁলোকৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে ।

৪/ স্তনপান কৰাব নোৱাৰা

আমি সকলোৱে জানো যে মাতৃৰ গাখীৰ শিশুৰ বাবে উত্তম, কিন্তু আপুনি জানেনে যে স্তনপান কৰোৱাটো মাতৃৰ বাবেও সমানেই উপকাৰী ৷ কিন্তু যিসকল মহিলাই নিজৰ সন্তানক স্তনপান কৰাব নোৱাৰে তেওঁলোকৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে ।

৫/ গৰ্ভনিৰোধক টেবলেট গ্ৰহণ কৰা

সন্তান জন্ম নিয়ন্ত্ৰণৰ বাবে গৰ্ভনিৰোধক টেবলেট গ্ৰহণ কৰা মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কিছু বৃদ্ধি পায় ।

৬/ মেদবহুলতা

অতিৰিক্ত ওজন হ’লে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

৭/ শাৰীৰিক কাৰ্যকলাপৰ অভাৱ

যদি আপুনি দিনটোৰ কিছু সময় ৱৰ্কআউট বা ব্যায়ামত কটাব নোৱাৰে তেন্তে স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

৮/ অস্বাস্থ্যকৰ খাদ্য

চৰ্বি আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে । যদি স্তন কেন্সাৰৰ ভয় থাকে তেন্তে দৈনন্দিন খাদ্যৰ তালিকাত সংযোগ কৰক সতেজ ফলমূল আৰু শাক-পাচলি ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: হাৰ্ট এটেকৰ পৰা প্ৰাণ ৰক্ষাৰ হেতুকে সমগ্ৰ দেশে শিকিব CPR

Last Updated : Dec 11, 2023, 10:43 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.