ETV Bharat / sukhibhava

সাৱধান! বিকট শব্দই হ্ৰাস কৰিব পাৰে আপোনাৰ শ্ৰৱণ শক্তি

পৰিসংখ্যা অনুযায়ী সমগ্ৰ বিশ্বত ৪৬৬ মিলিয়ন মানুহে শ্ৰৱণ শক্তি নোহোৱাকৈ কাম কৰে; যি বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ৬.১ শতাংশ । বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে, ২০৫০ চনৰ ভিতৰত আৰু ১.১ বিলিয়ন অল্প বয়স্ক লোক (১২বছৰৰ পৰা ৩৫বছৰৰ ভিতৰত) শব্দ প্ৰদূষণৰ স্বীকাৰ হৈ শ্ৰৱণ শক্তি হেৰুওৱাৰ দিশে গতি কৰিছে ।

সাৱধান! বিকট শব্দই হ্ৰাস কৰিব পাৰে আপোনাৰ শ্ৰৱণ শক্তি
সাৱধান! বিকট শব্দই হ্ৰাস কৰিব পাৰে আপোনাৰ শ্ৰৱণ শক্তি
author img

By

Published : Mar 5, 2021, 7:15 PM IST

প্ৰতি বছৰে মাৰ্চ মাহৰ ৩ তাৰিখে বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয় ৷ যাতে শ্ৰৱণ শক্তি হ্ৰাস হোৱা আৰু বধিৰ অৱস্থাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টি কৰিব পাৰি। অন্য বৰ্ষৰ দৰে বৰ্ষটো শ্ৰৱণ দিৱসৰ বিষয় আছিল "সকলোৰে বাবে শ্ৰৱণ সেৱা, নিৰ্ধাৰণ, পুনঃ সংস্থাপন আৰু সজাগ কৰা"। পৰিসংখ্যা অনুযায়ী সমগ্ৰ বিশ্বত ৪৬৬ মিলিয়ন মানুহে শ্ৰৱণ শক্তি নোহোৱাকৈ কাম কৰে; যি বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ৬.১ শতাংশ । বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ মতে, ২০৫০ চনৰ ভিতৰত আৰু ১.১ বিলিয়ন অল্প বয়স্ক লোক (১২বছৰৰ পৰা ৩৫বছৰৰ ভিতৰত) শব্দ প্ৰদূষণৰ স্বীকাৰ হৈ শ্ৰৱণ শক্তি হেৰুওৱাৰ দিশে গতি কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থা( WHO) ৰ দ্বাৰা আয়োজিত ২০২১ চনৰ বিশ্ব শ্ৰৱণ দিৱসৰ প্ৰধান বাৰ্তা সমূহ হৈছে এনে ধৰণৰ:

  • শ্ৰৱণ শক্তিহীন লোকসকল বিনা চিকিৎসাই থকাটো অনস্বীকাৰ্য ৷
  • শ্ৰৱণ শক্তিহীনতা ৰোধ কৰাৰ বাবে সময় মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ৷
  • কম খৰচী ব্যৱস্থাৰ প্ৰৱৰ্তন, যিয়ে এই লোক সকলক সহায় কৰি সমাজৰ উন্নতি সাধিব পাৰে ।
  • কাণ আৰু শ্ৰৱণ শক্তিৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় আৰু সৰ্বব্যাপি বিভিন্ন যোজনা প্ৰস্তুত কৰণ।

সাধাৰণ মানুহৰ বাবে:

শুদ্ধ শ্ৰৱণ শক্তি আৰু শুদ্ধ যোগাযোগ (communication) আমাৰ জীৱনৰ সকলো স্তৰতে নিত্যান্তই প্ৰয়োজন । বিকট শব্দ প্ৰদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কৰ্ণ কুহৰৰ সঠিক যত্ন লৈ শ্ৰৱণ শক্তি হীনতা ৰোধ কৰিব পাৰি। সঠিক সময়ত ইয়াক নিৰ্ধাৰণ কৰিব পাৰিলে শ্ৰৱণ শক্তি হীনতা ৰোধ কৰাতো সম্ভৱ । শ্ৰৱণ শক্তি হীনতাত থকা লোক সকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

শ্ৰৱণ শক্তি হীনতা আৰু বধিৰতা:

বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে দুয়োটা ৰোগৰ মাজত পাৰ্থক্য নিৰূপণ কৰে এনে ধৰণে… Heard hearing মানে সেই সকল লোক, যি সকলৰ শুনিবলৈ কষ্ট হয়; কিন্তু ভাষাৰ ব্যৱহাৰৰ জৰিয়তে ক'ব পাৰে আৰু কুহেলাৰ ইমপ্লাণ্ট বা আন যন্ত্ৰৰ সহায় ল'ব পাৰে । আনহাতে বধিৰতা মানে হ'ল সেই সকল লোক যিয়ে একেবাৰে নুশুনে আৰু তেওঁলোকে মনৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰায়েই চিহ্ন ভাষাৰ ব্যবহাৰ কৰে।

শ্ৰৱণ শক্তি হীনতাৰ প্ৰকাৰ :

১) কণ্ডাক্টিভ শ্ৰৱণ শক্তি হীনতা: য'ত শব্দ সমূহে কৰ্ণ কুহৰত সোমাওঁতে বাধা পায়। এনে প্ৰকাৰৰ শ্ৰৱন শক্তি হীনতাক ঔষধৰ সহায়ত আৰোগ্য কৰিব পাৰি।

২) সেঞ্চিৰিনিউৰেল শ্ৰৱন শক্তি হীনতা: য'ত কৰ্ণ কুহৰৰ অন্তৰ্ভাগত স্নায়ুৰ অসুবিধাৰ বাবে সৃষ্টি হয় ।

৩) মিস্কড হিয়াৰিং লষ্ট: উপৰোক্ত দুয়োবিধ কাৰণত ইয়াৰ সৃষ্টি হয়।

৪) অদিটোৰি নিউৰিপেথি স্পেক্ট্ৰাম দিচ'ৰ্ডাৰ: য'ত শব্দ কাণত সোমাই; কিন্তু ভিতৰ ভাগত থকা স্নায়ু জনিত সমস্যাৰ বাবে মগজুৰ বাবে বুজি পোৱাত বাধাৰ সৃষ্টি হয়।

শ্ৰৱন শক্তি হীনতা বিভিন্ন জনৰ কাৰণে বিভিন্ন প্ৰকাৰৰ হব পাৰে । ই সকলোৰে বাবে ভিন ভিন । ই স্থায়ী হ'ব পাৰে অথবা সময় সাপেক্ষে ভাল বা বেয়া হ'ব পাৰে । ই জন্মগতও হ'ব পাৰে বা জীৱনৰ শেষ স্তাৰতো দেখা দিব পাৰে ।

কেনেকৈ শ্ৰৱণ শক্তি হীনতা ৰোধ কৰিব পাৰিব :

  • শব্দ প্ৰদূষণ যেনে মটৰ চাইকেল, ফেক্টৰী, কৰ্মস্থলীত থকা যন্ত্ৰ, ফটকা আদিৰ পৰা দূৰৈত অৱস্থান কৰিব ।
  • ইয়েৰ ফোন বা হেডফোনেও শ্ৰৱন শক্তিত প্ৰভাৱ পেলাব পাৰে । সেয়ে সংগীত শুনোতে কম ভলিয়ামত শুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।
  • বেছি সময় ধৰি ইয়েৰ ফোন বা হেড ফোন ব্যৱহাৰ কৰিব নালাগে ।
  • কনচাৰ্ট সমূহত লাউড স্পিকাৰৰ পৰা দূৰৈত থাকিব লাগে ।
  • টিভি অথবা ৰেডিঅ'ৰ ভলিয়াম কম কৰি ।
  • কিছুমান ঔষধ ব্যৱহাৰ কৰাৰ আগতে তাৰ আনুসংগিক প্ৰভাৱৰ বিষয়ে জানি লব লাগে।
  • কানৰ অসুখ হলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে ।
  • কিছুমান বেমাৰেও শ্ৰৱন শক্তি হ্ৰাস কৰিব পাৰে। সেয়ে শিশু সকলক সময় মতে ভেকচিন প্ৰদান কৰিব লাগে।
  • কানৰ ভিতৰত কেতিয়াও তীক্ষ্ণ চোকা সামগ্ৰী সুমুৱাব নালাগে আৰু যিকোনো তেল বা জুলীয়া পদাৰ্থ চিকিৎসকৰ পৰমৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.