ETV Bharat / sukhibhava

Chickpeas: আজিয়েই কাবুলি বুটক খাদ্য তালিকাৰ অংশ কৰি লাভ কৰক এই উপকাৰিতা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:05 PM IST

কাবুলি বুটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত বহু পৰিমাণে সহায় কৰে । তেন্তে আজি কাবুলি বুটৰ গুণাগুণৰ বিষয়ে জানো আহক-

Benefits of Chickpeas Kabuli Chana Chole
আজিয়েই কাবুলি বুটক খাদ্য তালিকাৰ অংশ কৰি লাভ কৰক এই উপকাৰিতা

দুৰ্বল জীৱনশৈলী, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু ভুল খাদ্যাভ্যাসৰ বাবেই সম্প্ৰতি অধিকাংশ লোক ৰুগীয়া হৈ পৰিছে ৷ যদি এই স্বাস্থ্য সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, তেনেহ'লে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ এতিয়া জ্যেষ্ঠসকলতো বাদেই, খুব কম বয়সীয়াসকলো উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে ৷

চিকিৎসকৰ মতে, উচ্চ ৰক্তচাপ হৈছে এক স্থিতি যিয়ে হৃদ আক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি কৰে । ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ফলত আন বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে । কিন্তু আপুনি আপোনাৰ খাদ্যাভাষ সলনি কৰিয়েই এই ভয়াৱহ সমস্যাসমূহৰ পৰা হাত সাৰি থাকিব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, কাবুলি বুটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত বহু পৰিমাণে সহায় কৰে । আজি কাবুলি বুটৰ গুণাগুণৰ বিষয়ে জানো আহক-

উচ্চ আঁহেৰে সমৃদ্ধ

কাবুলি বুটত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে ৷ উচ্চ আঁহৰ বস্তুবোৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । তদুপৰি, আঁহে মেদবহুলতা হ্ৰাস কৰে আৰু শিৰাবোৰত জমা হোৱা প্লেক হ্ৰাস কৰাত সহায় কৰে ৷ ফাইবাৰে শিৰাবোৰৰ অৱৰোধ বোৰ খুলিবলৈ সহায় কৰে, যি ৰক্ত সঞ্চালন উন্নত কৰে ৷এনে পৰিস্থিতিত, কাবুলি বুটে উচ্চ ৰক্তচাপৰ সমস্যাত যথেষ্ট সকাহ প্ৰদান কৰে ৷

মেগনেছিয়াম সমৃদ্ধ

মেগনেছিয়ামক শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও গণ্য কৰা হয় ৷ ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও, ই ৰক্তনলীবোৰ শিথিল কৰাত সহায় কৰে ৷ আহাৰত মেগনেছিয়াম যোগ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ এক কাপ কাবুলি বুটত প্ৰায় ৪৮ মিগ্ৰা মেগনেছিয়াম থাকে ৷

পটাছিয়াম সমৃদ্ধ

পটাছিয়ামে শৰীৰত ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ই শৰীৰত ছ’ডিয়ামৰ প্ৰভাৱ সন্তুলিত কৰাতো সহায়ক ৷ ছ’ডিয়ামে শৰীৰত ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷ একাপ ৰন্ধা কাবুলি বুট খালে শৰীৰে প্ৰায় ৪৭৭ মিগ্ৰা পটাছিয়াম লাভ কৰে ।

ছ’ডিয়াম

ছ’ডিয়ামক ৰক্তচাপৰ মুখ্য কাৰণ বুলিও গণ্য কৰা হয় ৷ সংশোধিত খাদ্যত ছ’ডিয়াম অধিক থাকে, যি শৰীৰত ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷একে সময়তে, কাবুলি বুটত কম পৰিমাণত ছ’ডিয়াম পোৱা যায় ৷ শৰীৰত ছ’ডিয়ামৰ স্তৰ হ্ৰাস কৰাৰ বাবে ইয়াক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য

কাবুলি বুটক কেৱল ৰক্তচাপৰ বাবেই নহয়, হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ইয়াত ভিটামিন-চি, ভিটামিন-ই আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে অক্সিডেটিভ চাপ আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ৷ অক্সিডেটিভ চাপ আৰু শৰীৰৰ প্ৰদাহে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে ৷এনে পৰিস্থিতিত, কাবুলি বুট হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

আহাৰত কেনেদৰে অন্তৰ্ভূক্ত কৰিব ?

  • আপুনি দাইলৰ হিচাপে কাবুলি বুট খাব পাৰে ৷ আপুনি ৰুটী বা ভাতৰ সৈতেও কাবুলি বুটৰ সোৱাদ ল'ব পাৰে ৷
  • কাবুলি বুট আপুনি সিজাইও খাব পাৰে ৷ আপুনি ইয়াত অলপ মচলা যোগ দি সোৱাদ দুগুণ কৰিব পাৰে ৷
  • আপুনি কাবুলি বুটক চালাড হিচাপে তৈয়াৰ কৰিও খাব পাৰে ।

লগতে পঢ়ক: Mobile in Toilet: শৌচাগাৰত ফোন ব্যৱহাৰৰ অভ্যাস কাল হ’ব পাৰে আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.