ETV Bharat / sukhibhava

Camphor Health Benefits: পূজাৰ কৰ্পূৰ বহুত উপযোগী বস্তু; ই শৰীৰৰ এই সমস্যাবোৰ নিমিষতে সমাধান কৰিব পাৰে

author img

By

Published : May 28, 2023, 3:42 PM IST

আপুনি জানেনে যে কৰ্পূৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী? শৰীৰৰ বহু সমস্যা নিমিষতে শেষ কৰে কৰ্পূৰে ?

Benefits of camphor in several health and body related problems home remedies
পূজাত ব্যৱহাৰ কৰা কৰ্পূৰে সমাধান কৰিব পাৰে শৰীৰৰ ভিন্ন সমস্যা

হিন্দু ধৰ্মত কৰ্পূৰ জ্বলোৱাৰ বিশেষ গুৰুত্ব আছে । বিশেষকৈ পূজাৰ পৰা হাভানলৈকে প্ৰতিটো উপাসনাত কৰ্পূৰ ব্যৱহাৰ কৰা হয় (Camphor Health Benefits)। কৰ্পূৰ জ্বলাই ঘৰত সুখ আৰু শান্তি আনে বুলি বিশ্বাস কৰা হয় (Benefits of burning camphor in the house) ।

লগতে ঘৰৰ পৰিৱেশটো নিৰ্মল হৈ থাকে বুলি বিশ্বাস কৰা হয় (Health Benefits Of Camphor)। ইয়াৰ সুগন্ধিয়ে পোক-পৰুৱাক খেদি পঠিয়াই বেক্টেৰিয়া আৰু ভাইৰাছক নাশ কৰে । কৰ্পূৰ উপাসনাত ব্যৱহাৰ কৰিলে বহু উপকাৰ পোৱা যায় । কিন্তু আপুনি জানেনে যে কৰ্পূৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী ? শৰীৰৰ বহু সমস্যা নিমিষতে আঁতৰাব পাৰি?

উল্লেখ্য যে, কৰ্পূৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । আয়ুৰ্বেদত কৰ্পূৰৰ বহু উপকাৰৰ কথা উল্লেখ কৰা হৈছে । উপাসনাত ব্যৱহৃত এই সুগন্ধি পদাৰ্থই কি সমস্যাৰ পৰা স্বাস্থ্য ৰক্ষাৰ কাম কৰিব পাৰে জানো আহক ।

১) শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ

কৰ্পূৰত ডিকনজেষ্টিভ গুণ থাকে, যাৰ ফলত ডিঙিৰ পৰা হাওঁফাওঁলৈ ফুলা কমায় আৰু কাহৰ ওপৰত ক্ৰিয়া কৰে । শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰাও সকাহ দিব পাৰে।

২) বিষ কমায়

কৰ্পূৰ বিষ নিৰাময় হিচাবেও ব্যৱহাৰ কৰিব পাৰি । ঘাঁ বা আঘাতত কৰ্পূৰ প্ৰয়োগ কৰিলে বিষৰ পৰা উপশম পোৱা যায় । কেৱল এয়াই নহয়, ই পেশী আৰু গাঁঠিৰ বিষৰ পৰাও সকাহ দিয়ে । কৰ্পূৰ পানীত ভালদৰে মিহলাই বিষ বা আঘাত হোৱা ঠাইত লগাব লাগে । ইয়াৰ ফলত বিষ কমি যায় আৰু ঘাঁ সোনকালে ভাল হয় ।

৩) খজুৱতিৰ পৰা উপশম

শৰীৰৰ যিকোনো অংশত যদি অনবৰতে খজুৱতি অনুভৱ কৰি থাকে তেন্তে কৰ্পূৰৰ সহায়ত খজুৱতিৰ পৰা মুক্তি পাব পাৰি । ইয়াৰ বাবে কৰ্পূৰ নাৰিকল তেলত দি ভালদৰে মিহলাই দিব লাগে । তাৰ পিচত খজুৱতি হোৱা ঠাইত লগাব লাগে । এনে কৰিলে আপুনি খজুৱতিৰ সমস্যাৰ পৰা সোনকালে সকাহ পাব ।

৪) নিম্ন ৰক্তচাপ

নিম্ন ৰক্তচাপ থকা ৰোগীৰ বাবেও কৰ্পূৰ অতি উপকাৰী । চিষ্টোলিক ৰক্তচাপ আৰু ডায়েষ্টোলিক ৰক্তচাপ দুয়োটাৰে বাবে কৰ্পূৰ অতি উপকাৰী ।

৫) চুলিত উফি:

যদি আপোনাৰ চুলিত উফি থাকে তেন্তে কৰ্পূৰ ব্যৱহাৰ কৰি সেইবোৰৰ পৰা মুক্তি পাব পাৰি । নাৰিকল তেলত কৰ্ফূৰ মিহলাই মূৰটো মালিচ কৰিব লাগে । বাৰে বাৰে এনে কৰিলে অতি সোনকালে উফিৰ পৰা পৰিত্ৰাণ পাব ।

লগতে পঢ়ক: World Hunger Day 2023: কেনেকৈ হৈছিল বিশ্ব ক্ষুধা দিৱসৰ আৰম্ভণি, খাদ্য অপচয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.