ETV Bharat / sukhibhava

বিশেষভাৱে সক্ষম শিশুৰ অধিকাংশ মাতৃয়ে ভোগে হতাশাত

author img

By

Published : Aug 28, 2022, 7:11 PM IST

স্নায়বিক সমস্যা বা অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ(ASD)ৰ অৰ্থ হৈছে এক প্ৰকাৰৰ মস্তিষ্কৰ সমস্যা ৷ তথ্য মতে, এই সমস্যা থকা শিশুৰ অৰ্থাৎ বিশেষভাৱে সক্ষম শিশুৰ ৫০ শতাংশ মাতৃয়ে ভোগে হতাশাত (Autistic children mother suffer from depression)। চাওক এই বিষয়ত গৱেষকৰ মতামত কি ৷

autistic-children-mother-half-of-the-mothers-of-autistic-children-suffer-from-depression-says-study
বিশেষভাৱে সক্ষম শিশুৰ অধিকাংশ মাতৃয়ে ভোগে হতাশাত

স্নায়বিক সমস্যা বা অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাৰ(ASD)ৰ অৰ্থ হৈছে এক প্ৰকাৰৰ মস্তিষ্কৰ সমস্যা ৷ তথ্য মতে, এই সমস্যা থকা শিশুৰ মাতৃসকলে হতাশাত ভোগে (Autistic children mother suffer from depression)। বিগত ১৮ মাহত কৰা এক অনুসন্ধানত দেখা গৈছে যে, ASD (Autism spectrum disorder) অৰ্থাৎ বিশেষভাৱে সক্ষম শিশুৰ ৫০ শতাংশ মাতৃয়ে হতাশাত ভোগ কৰে । আনহাতে, স্নায়ু বা স্নায়বিক সমস্যা থকা শিশুৰ মাতৃৰ হাৰ আছিল ৬ ৰ পৰা ১৩.৬ শতাংশ । ২৬ আগষ্টত UCSF(University of California, San Francisco)ৰ দ্বাৰা প্ৰকাশিত এক গৱেষণাৰ পৰা এই কথা স্পষ্ট হৈছে ।

কিন্তু শিশুৰ মানসিক সুস্থতাৰ ওপৰত হতাশগ্ৰস্ত অভিভাৱকৰ প্ৰভাৱৰ বিষয়ে পূৰ্বতে অনুসন্ধান কৰা হৈছে ৷ আনহাতে, ইয়াৰ বিপৰীত অধ্যয়ন কৰা হৈছে, য’ত মাতৃসকলেও সন্তানৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত হতাশাত ভুগি আছে । ইউচিএছএফৰ মনোৰোগ আৰু আচৰণ বিজ্ঞান আৰু অধ্যয়নৰ সহকাৰী অধ্যাপিকা ডেনিয়েল ৰুবিনভে কয় , "আমি এই অধ্যয়নত দেখিলো যে মাতৃৰ উচ্চ মাত্ৰাৰ হতাশাই শিশুৰ আচৰণৰ সমস্যা বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিব পৰা নাছিল, আনকি অটিজিম ৰোগী শিশুৰ মাজতো যিসকল বহুত মানসিক চাপত আছিল এই তথ্যসমূহ আচৰিত আৰু আদৰণীয় আছিল" ।

মনোৰোগ আৰু আচৰণ বিজ্ঞান বিভাগৰ UCSFৰ অধ্যাপিকা তথা অধ্যয়নটোৰ জ্যেষ্ঠ লেখিকা এলিছা এপেলে কয় , "বিশেষভাৱে সক্ষম শিশুৰ অভিভাৱক হোৱাটো স্বাভাৱিকতে প্ৰতিদিনৰ এক কঠিন কাম । এইটো দীৰ্ঘদিনীয়া মানসিক চাপৰ এটা ক্লাছিক উদাহৰণ, যাৰ বাবে আমি অধ্যয়ন কৰা মাতৃসকল জড়িত আছিল ।" এপেলে লগতে কয়, "আমি এই নমুনাৰ পৰা জানো যে, যিসকল মাতৃৰ অধিক বিষণ্ণতা থাকে তেওঁলোকৰ সময়ৰ পূৰ্বে বয়স বৃদ্ধিৰ লক্ষণ দেখা যায়, যেনে বয়স বৃদ্ধি প্ৰতিৰোধী হৰম’ন ক্ল’থ’ৰ মাত্ৰা কম হোৱা আৰু বয়সস্থ ৰোগ প্ৰতিৰোধ ক্ষমতা কোষ । আমি জানিব বিচাৰিছিলো যে, তেওঁলোকৰ ডিপ্ৰেছনে তেওঁলোকৰ সন্তানক কেনেদৰে প্ৰভাৱিত কৰে ।"

অটিজিম স্পেকট্ৰম ডিছঅৰ্ডাৰৰ অৱস্থা যিয়েই নহওক কিয়, গৱেষকসকলে দেখিছে যে শিশুৰ আচৰণৰ সমস্যাই মাতৃসকলক জীৱনৰ পিছৰ কালছোৱাত হতাশাৰ প্ৰতি প্ৰৱণতা সৃষ্টি কৰে । ৰুবিন’ৱে কয় যে, মাতৃৰ হতাশাই শিশুৰ লক্ষণসমূহ আৰু বেয়া নকৰে বুলি জনাটো ASDত থকা শিশুৰ মাতৃসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ ই বহু মাতৃয়ে নিজৰ সন্তানৰ ৰোগ নিৰ্ণয় আৰু আচৰণৰ সমস্যাৰ বিষয়ে অনুভৱ কৰা বহুখিনি অপৰাধবোধক উপশম কৰাত সহায় কৰিব পাৰে ।

ৰুবিনভে কয়, "আমি আশা কৰোঁ যে, এই গৱেষণাই মাতৃসকলক আশ্বস্ত কৰিব যে শিশুৰ যত্ন লোৱাৰ সময়ত কিছু হতাশাৰ সন্মুখীন হোৱাটো স্বাভাৱিক, আৰু তেওঁলোকৰ হতাশাই তেওঁলোকৰ শিশুৰ আচৰণৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে লগতে কোনো সমস্যাই দেখা নিদিয়ে ।"

লগতে পঢ়ক : কম আয়ৰ অভিভাৱকে ক্ৰয় কৰে অস্বাস্থ্যকৰ খাদ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.