চেল ৰিপ’ৰ্টছত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৰ্ভৱতী মাতৃসকলৰ ক্ষেত্ৰত প্লেচেণ্টাত প্ৰদাহৰ লক্ষণ দেখা গৈছিল ৷ গৰ্ভৱতী মাতৃসকল সম্পূৰ্ণৰূপে লক্ষণহীন আছিল বা বেমাৰৰ সৰু লক্ষণত আক্ৰান্ত আছিল । অধ্যয়নটোৰ নেতৃত্ব দিছিল মাইক্ৰ'বায়’লজী, ইমিউন’লজি আৰু মলিকিউলাৰ জেনেটিক্স বিভাগৰ মুৰব্বী ইলহেম মেচুডিয়ে । "এই অধ্যয়নৰ আগতে, এনে ঘটনা কেৱল তীব্ৰ কৰ’ণাত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰতহে ঘটিব পাৰে বুলি ভবা হৈছিল" ৷
তেওঁ লগতে কয় যে এই অধ্যয়নৰ পিছত এতিয়া জনা গৈছে যে ৰোগীয়েও ধৰিব নোৱাৰা মৃদু সংক্ৰমণে মাতৃত্বৰ ওপৰত প্ৰভাৱ পেলায় । প্লেচেণ্টাত সংক্ৰমণ হোৱাৰ অতি স্পষ্ট লক্ষণ আছে । অৱশ্যে, যিহেতু প্লেচেণ্টাই বৰ্ধিত ভ্ৰূণক যিকোনো ধৰণৰ বীজাণু আৰু ভাইৰাছৰ পৰা সুৰক্ষিত কৰে, সেই গতিকে কৰ’ণা ভাইৰাছটো মাতৃৰ পৰা কেঁচুৱালৈ বিয়পি পৰাটো অতি বিৰল (covid19 pregnancy) ৷ কিন্তু মাতৃ এগৰাকীৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে কেনেদৰে ভাইৰাছৰ সৈতে যুঁজি আছে সেয়া ভ্ৰূণৰ বাবে এক ডাঙৰ বিপদাশংকা (Pregnancy risks during covid) ।
মেচুডিৰ মতে, যিহেতু প্লেচেণ্টাৰ প্ৰদাহে ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া আৰম্ভ কৰে, সেয়ে যদি প্ৰণালীটোৱে সঠিকভাৱে কাম নকৰে, ইয়াৰ ফলত প্ৰিটাৰ্ম প্ৰসৱ আৰু প্ৰিএকলেম্পচিয়াৰ দৰে সমস্যাও হ'ব পাৰে । ইয়াৰ উপৰিও, নৱজাতকে নিম্ন ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে । Single-cell RNA-sequencing আৰু multicolor flow cytometry ব্যৱহাৰ কৰি, দলটোৱে placenta tissue আৰু গৰ্ভৱতী মাতৃৰ ৰক্ত কোষৰ প্লেচেণ্টা কলা প্ৰতিৰোধী কোষ বিশ্লেষণ কৰে ।
ফলাফলবোৰে দেখুৱাইছিল যে তেওঁলোকৰ শৰীৰত ভাইৰাছটো সক্ৰিয় হোৱাৰ লগে লগে, টি-কোষবোৰো সক্ৰিয় হৈ পৰে আৰু তেওঁলোকৰ মেক্ৰোফেজ কোষৰ স্তৰ হ্ৰাস হ’বলৈ আৰম্ভ কৰে । প্লেচেণ্টা ৰোগ প্ৰতিৰোধ কোষবোৰো এনেদৰে "পুনৰ একত্ৰিত" কৰা হৈছিল যিয়ে কোষকলা বোৰক প্ৰদাহৰ প্ৰৱণতা প্ৰদান কৰিছিল ।
গৱেষকসকলে আশা প্ৰকাশ কৰে যে তেওঁলোকৰ গৱেষণাই মাতৃ আৰু কেঁচুৱাৰ ওপৰত কৰ’ণাৰ প্ৰভাৱৰ বিষয়ত ভৱিষ্যতৰ যিকোনো গৱেষণাত সহায়ক হ'ব ।
লগতে পঢ়ক: 30 বছৰৰ পিছত ছালৰ ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা