ETV Bharat / sukhibhava

শীতকালত কমলা খোৱাৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:24 PM IST

নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে ৷ কমলাত যথেষ্ট পৰিমাণে ভিটামিন চি থকাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে ৷ আহক আজি ইয়াৰ অন্য উপকাৰিতা সমূহ জানি লও-

Amazing Health Benefits of Orange during the winter season
শীতকালত কমলা খোৱাৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক

শীতকালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা ৷ সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ ক্ষেত্ৰত কমলা টেঙা খুবেই জনপ্ৰিয় এবিধ ফল ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এই ফলবিধ খাবলৈ ভাল পায় ৷ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে ৷ কমলাত যথেষ্ট পৰিমাণে ভিটামিন চি থকাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে ৷

সেয়ে শীতকালৰ সময়ত প্ৰচুৰ পৰিমাণে কমলা খাই স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা কৰিব পাৰি ৷ বৈজ্ঞানিক বিশ্লেষণ অনুসৰি প্ৰতি ১০০ গ্ৰাম কমলা ৰসত ০.৭ গ্ৰাম প্ৰ’টিন, ২৬ মিলিগ্ৰাম কেলচিয়াম , ১,১০৪ মাইক্ৰ’গ্ৰাম ভিটামিন এ আৰু ৩০ মিলিগ্ৰাম ভিটামিন চিৰ উপৰি থাকে যথেষ্ট পৰিমাণে কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ, মিনাৰেল আদি ৷ কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ ৷ কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে ৷ কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে ৷ তেজত কলেষ্টেৰল অতিৰিক্তভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে ৷ শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰাৰ উপায় হ’ল কমলা খোৱা ৷

কমলাৰ ৰসে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে ৷ তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল কোষ্ঠকাঠিন্য ৷ পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ’ল কোষ্ঠকাঠিন্য ৷ কমলা খালে কোষ্ঠকাঠিন্য দুৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি ৷ পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধিকে ধৰি পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে ৷ নিতৌ পুৱা কমলাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায় ৷ সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা তিনি দিনমান খালে উপশম পোৱা যায় ৷

শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয় ৷ ভাৰতীয় সমাজত আজিও এনিমিয়া এক ডাঙৰ সমস্যা হৈ আছে ৷ কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি ৷ বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে ৷ কমলাৰ ৰসে মুখ-জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰিব পাৰে ৷ বৰ্তমান প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায় ৷

কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷ হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে ৷ পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী ৷ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায় ৷ অৰ্থাৎ শিশুৰ বাবে কমলা হ’ব পাৰে অন্যতম খাদ্য ৷ শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে ৷

লগতে পঢ়ক: হাঁপানী কি ? ইয়াৰ লক্ষণ, নিদান আৰু চিকিৎসা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.