ETV Bharat / sukhibhava

স্বাস্থ্যৰ বাবে এইসমূহ অলৌকিক উপকাৰিতা সাধন কৰে চজিনাৰ পাতে - চজিনাৰ পাতৰ উপকাৰিতা

Drumstick Leaf Benefits: চজিনা পাতক ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ এমিনো এচিডৰ ভাল উৎস বুলি গণ্য কৰা হয় । বাৰিষা এই পাতবোৰ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মেদবহুলতা হ্ৰাস পায়, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায় । ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

Amazing health benefits of Drumstick leaves; let's find out
স্বাস্থ্যৰ বাবে এইসমূহ অলৌকিক উপকাৰিতা সাধন কৰে চজিনাৰ পাতে
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:54 AM IST

আয়ুৰ্বেদত এনে বহুতো লাগতিয়াল উদ্ভিদৰ কথা উল্লেখ আছে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ তেনে এবিধ ঔষধি উদ্ভিদ হৈছে চজিনা ৷

আয়ুৰ্বেদত এই উদ্ভিদৰ গুটিয়েই নহয়, ইয়াৰ পাতবোৰো বছৰ বছৰ ধৰি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে ৷ চজিনা পাতক ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ এমিনো এচিডৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ কিন্তু ইয়াৰ সেউজীয়া পাতৰ সলনি শুকান পাত স্বাস্থ্যৰ বাবে অধিক ফলপ্ৰসূ বুলি বিবেচিত হয় ৷

বাৰিষাৰ সময়ত এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মেদবহুলতা হ্ৰাস পায়, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পাব পৰা যায় ৷ আহক চজিনা পাত খোৱাৰ অন্য উপকাৰিতাৰ বিষয়ে জানি লও-

চজিনা পাতৰ উপকাৰিতা

বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে: বিশেষজ্ঞসকলৰ মতে, চজিনা পাতত ৪০ প্ৰকাৰতকৈও অধিক এন্টিঅক্সিডেন্ট পোৱা যায় ৷ ইয়াৰ উপৰিও এই পাতবোৰত বেক্টেৰিয়া প্ৰতিৰোধী আৰু প্ৰদাহ নিবাৰণকাৰী গুণো থাকে, যাৰ ফলত বাৰিষাত বেক্টেৰিয়া আৰু সংক্ৰমণৰ বৃদ্ধিৰ সম্ভাৱনা হ্ৰাস পায় ৷ গতিকে বাৰিষাৰ সময়ত কোমল চজিনা পাত খাব পাৰি ৷

ঘাঁ ভাল হোৱাত সহায়ক: আয়ুৰ্বেদৰ মতে, চজিনা পাতক বেক্টেৰিয়া প্ৰতিৰোধী বুলি গণ্য কৰা হয় ৷ ইয়াৰ পাত ঘাঁ নিৰাময়ৰ বাবে অতি ফলপ্ৰসূ ৷ ইয়াৰ বাবে ইয়াৰ কোমল পাতৰ ৰস ঘাঁত লগাব পাৰে ৷ ইয়াৰ ফলত ঘাঁটো সোনকালে ভাল হোৱাই নহয়, ইয়াৰ দ্বাৰা দাগবোৰো কম কৰিব পৰা যায়৷

হাঁপানী ৰোগত ফলপ্ৰসূ: চজিনা পাত সেউজীয়া পাত হওক বা শুকান পাতেই সেৱন কৰিব লাগিব ৷ এই পাতবোৰ চোবাই খালে হাঁপানীৰ ফলত হোৱা সমস্যাবোৰ কমাব পৰা যায় ৷ ব্ৰংকিয়লৰ সংকোচন কমোৱাতো এই পাতবোৰ ফলপ্ৰসূ বুলি ধৰা হয় ৷ এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে হাওঁফাওঁত থকা মলিবোৰ আঁতৰি যায়, যাৰ ফলত উশাহ-নিশাহৰ সমস্যা কম হয় ৷

ৰক্তচাপ নিয়ন্ত্ৰণ: চজিনা কোমল পাতত উচ্চ ৰক্তচাপৰ লগত জড়িত সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ অলৌকিক গুণ আছে ৷ আপোনালোকক জনাই দিও যে, চজিনা পাতত নিয়াজিমিনিন আৰু আইছ’থাইঅ’চাইনেটৰ দৰে যৌগ থাকে, যাৰ ফলত ধমনীত ৰক্ত সঞ্চালন উন্নত হয় ৷ ইহঁতৰ নিয়মীয়া সেৱনে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায় কৰে ৷

চকু সুস্থ কৰি ৰাখে: চকু সুস্থ কৰি ৰাখিবলৈও চজিনা পাত খাব পাৰি ৷ এই পাতত পোৱা এন্টিঅক্সিডেন্ট গুণে চকুৰ লগত জড়িত সমস্যা কম কৰে ৷ ইয়াৰ উপৰিও ই কোষৰ আৱৰণ ঘন কৰাৰ লগতে ৰেটিনাৰ ক্ষতি ৰোধ কৰে ৷

লগতে পঢ়ক: যিকোনো বতৰতে শৰীৰক বিষমুক্ত কৰি ৰাখিবলৈ খাওক এই ৫ বিধ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.