ETV Bharat / sukhibhava

Beetroot: এবাৰ এনেদৰে খাওক বিটৰ এই চালাড; হ্ৰাস হ’ব ওজন সুৰক্ষিত হ’ব হৃদযন্ত্ৰ

বিট এবিধ অতি উপকাৰী পাচলি । আপুনি ইয়াক চালাড, চূপ বা বড় হিচাপেও খাব পাৰে, ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । সেয়ে আজি আমি বিটৰ পৰা এনে এবিধ চালাডৰ ৰেচিপি ক’বলৈ ওলাইছো যি কেৱল সোৱাদযুক্ত হোৱাই নহয় স্বাস্থ্যৰ বাবেও সমানে উপকাৰী ৷

Along with reducing weight, Moroccan beetroot salad also keeps the heart healthy, know how to make it
এবাৰ এনেদৰে খাওক বিটৰ এই চালাড; হ্ৰাস হ’ব ওজন সুৰক্ষিত হ’ব হৃদযন্ত্ৰ
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:17 PM IST

বহুলোকে বৰ্তমান অতি কম বয়সতে হৃদযন্ত্ৰ, যকৃত আৰু বৃক্ক সম্পৰ্কীয় সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাস ৷ এইক্ষেত্ৰত গুৰুত্ব দিলেহে আপুনি দীৰ্ঘসময়লৈ সুস্থ হৈ থাকিব পাৰিব ৷ যাৰবাবে খাদ্যত প্ৰ’টিন আৰু আঁহযুক্ত বস্তু অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী, ইয়াৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থকাই নহয় ওজনো নিয়ন্ত্ৰণত থাকে ৷

বিট স্বাস্থ্যৰ পক্ষে এবিধ অতি উপকাৰী পাচলি, কিন্তু কেতিয়াবা আমাৰ ইয়াক সাধাৰণভাৱে খাবলৈ মন নাযায়, গতিকে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক ইয়াৰ পৰা চালাডৰ ৰেচিপি বিষয়ে ক’বলৈ ওলাইছো ৷ যি কেৱল সোৱাদযুক্ত হোৱাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷

বিটৰ চালাডৰ ৰেচিপি

উপকৰণ- দৈ - ১ কাপ, জিৰা - ২ চামুচ মোটাকৈ পিহি লোৱা, নহৰু - ১-২ টা, লং মিহিকৈ কাটি ল’ব লাগে, ৰুচি অনুসৰি নিমখ, ৰুচি অনুসৰি থেতেলিয়াই লোৱা ক'লা জলকীয়া, ২ টা বিট কটা, ২৫০ গ্ৰাম সৰু পালেঙৰ পাত, ৭-১০ টা পদিনা পাত মোটাকৈ কাটি লোৱা, ২ চামুচ ধনিয়াৰ পাত কাটি লোৱা, ১/২ কাপ ভিনেগাৰ

তৈয়াৰৰ পদ্ধতি

  • মিশ্ৰণৰ বাবে-এটা বাটিত দৈ, জিৰা আৰু মিহিকৈ কটা নহৰু একেলগে মিহলাই লওক ৷ তাৰ পিছত তাত নিমখ আৰু জালুক দিব ৷ এই ড্ৰেছিং ফ্ৰীজত এঘণ্টা বা দুঘণ্টা ৰাখিব ৷
  • আন এটা বাটিত ভিনেগাৰ লৈ লওক ৷ তাৰ পিছত বিটখিনি একে আকৃতিত কাটি ভিনেগাৰত মিহলাই টছ কৰি ১০ মিনিট ঢাকি থৈ দিয়ক ৷ ইয়াৰ পিছত ভিনেগাৰৰ পৰা বিটখিনি উলিয়াই লওক ৷
  • আন এটা বাটিত বিটৰ টুকুৰা, কটা পালেং, কটা পদিনা আৰু ধনিয়া মিহলাই লওক ৷
  • পৰিবেশনৰ আগতে চালাডৰ ওপৰত মিশ্ৰণখিনি ঢালি পৰিবেশন কৰক ৷

বিট চালাডৰ উপকাৰিতা

বিট আঁহৰ এক উৎকৃষ্ট উৎস আৰু ইয়াত কেলৰিৰ পৰিমাণ অতি কম থাকে, গতিকে ই ওজন কমাবলৈ বহু পৰিমাণে সহায়ক কৰে ৷ ইয়াৰ উপৰিও ইয়াত আন বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে ফ’লেট (ভিটামিন বি ৯), মেংগানিজ, পটাছিয়াম, আইৰণ আৰু ভিটামিন চি আদিৰে সমৃদ্ধ ৷ লগতে দৈনিক বিট খালে শৰীৰত কেতিয়াও আইৰণৰ অভাৱ নহয় ৷

দৈনিক বিট খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷ যাৰবাবে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে ৷

লগতে পঢ়ক: Vinegar Onion Benefits: ৰেস্তোৰাঁত পৰিবেশন কৰা ভিনেগাৰত তিওৱা পিয়াঁজৰ অনেক উপকাৰিতা জানি হৈ পৰিব আচৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.