ETV Bharat / sukhibhava

Heparin spray to fight Covid-19:প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে

ক'ভিড প্ৰতিৰোধৰ বাবে বিশ্ববাসীয়ে প্ৰতিষেধক গ্ৰহণ কৰি আছে । ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ গৱেষকসকলে উদ্ভাৱন কৰিছে নাকৰ স্প্ৰে (Australian researchers developed nasal spray against covid-19)। ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আন এক নতুন আহিলা । পিছে ক'ভিডৰ বিৰুদ্ধে এই নাকৰ স্প্ৰে কেনেদৰে কাম কৰিব ? ফলপ্ৰসূ হ'বনে নাকৰ স্প্ৰে ?

author img

By

Published : Dec 30, 2021, 4:59 PM IST

Heparin spray
প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে বিশ্বৰ বিজ্ঞানীসকলে ক'ভিড প্ৰতিৰোধৰ বিভিন্ন ঔষধ বা আহিলা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে । ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষেধক আৰু টেবলেটৰ পাছত এইবাৰ নাকৰ স্প্ৰে উদ্ভাৱন কৰিছে বিজ্ঞানীয়ে (Nasal spray to fight covid-19)। অষ্ট্ৰেলিয়াৰ গৱেষকসকলে এইবাৰ এই নতুন ক'ভিড প্ৰতিৰোধী নাকৰ স্প্ৰে প্ৰস্তুত কৰিছে (Australian researchers developed nasal spray against covid-19)।

ইতিমধ্যে তেজ গোট মৰাৰ চিকিৎসা হিচাপে বহুলভাৱে ব্যৱহৃত হেপাৰিন হৈছে এই নতুন স্প্ৰে । যাক অতি সহজে ব্যৱহাৰ কৰিব পৰা যাব । মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ লাং হেল্থ ৰিচাৰ্ছ চেণ্টাৰৰ সঞ্চালক অধ্যাপক গেৰী এণ্ডাৰছনৰ মতে, স্প্ৰেটো ব্যৱহাৰ কৰিবলৈ সহজ হ'ব । প্ৰতিটো নাকত দুবাৰকৈ স্প্ৰে কৰিব লাগিব লগতে ইয়াক দিনত তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিব ।

এণ্ডাৰছনৰ মতে ক'ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত এই নাকৰ স্প্ৰে ফলপ্ৰসূ হ'ব । তেওঁৰ দাবী কৰা মতে ক'ভিড-১৯ প্ৰথমে নাকৰ কোষবোৰত সংক্ৰমিত হয় আৰু ইয়াৰ বাবে ভাইৰাছটোৱে নাকৰ আৱৰণ তৈয়াৰ কৰা কোষবোৰৰ পৃষ্ঠত হেপাৰেন ছালফেটৰ সৈতে বান্ধ খায় । কিন্তু হেপাৰিন স্প্ৰে'ত থকা বিশেষ উপাদানে হেপাৰেন ছালফেটৰ বিৰুদ্ধে ডিকোয় হিচাপে কাম কৰিব আৰু ভাইৰাছৰ স্পাইক প্ৰ'টিনৰ চাৰিওফালে মেৰিয়াই ধৰিব । ইয়াৰ ফলত এজন ব্যক্তি সংক্ৰমিত হোৱা বা আনলৈ ভাইৰাছটো সংক্ৰমণ হোৱাত বাধা দিব ।

এণ্ডাৰছনে দাবী কৰা মতে, এই নাকৰ স্প্ৰে ক'ভিডৰ সকলো প্ৰকাৰৰ বাবে কাৰ্যকৰী হ'ব কিয়নো সংক্ৰমণৰ বাবে হেপাৰেন ছালফেট বাইণ্ডিং ছাইট অত্যাৱশ্যকীয় । হেপাৰিনে (Heparin spray) বৰ্তমান বিশ্বজুৰি বিয়পি থকা অ'মিক্ৰণ প্ৰকাৰৰ বিৰুদ্ধেও কাৰ্যকৰী হৈছে ।

উল্লেখ্য যে এই উদ্ভাৱনৰ নেতৃত্বত আছে নৰ্ডাৰ্ণ হেল্থ মেডিকেল ডিভিজনেল ডাইৰেক্টৰ ডন কেম্পবেল । ক'ভিড সংক্ৰমণৰ আৰম্ভণিৰ দিনবোৰত ডন কেম্পবেলয়ে ভাইৰাছৰ বিৰুদ্ধে এই স্প্ৰে কাৰ্যকৰী হ'ব বুলি দাবী কৰিছিল । ইতিমধ্যে মেলবৰ্ণ, মোনাছ আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী গৱেষকে নিশ্চিত কৰিছে যে হেপাৰিনে ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিব । এই নাকৰ স্প্ৰে ২০২২ চনৰ প্ৰথম কেইমাহ মানৰ ভিতৰতে ক্লিনিকেল টেষ্টৰ বাবে যোৱাৰ সম্ভাৱনা আছে ।

এণ্ডাৰছনে কোৱা মতে ইয়াৰ কেইবাটাও পৰ্যায়ত পৰীক্ষণ অতি দৰকাৰ । যদিহে পৰীক্ষাত প্ৰমাণিত হয় যে ই ক'ভিডৰ বিৰুদ্ধে কাৰ্যকৰী হ'ব তেনেহ'লে বৃদ্ধ, গৰ্ভৱতী মহিলা, ৰোগাক্ৰান্ত লোক আদিৰ ক্ষেত্ৰত এই হেপাৰিন স্প্ৰে অধিক গ্ৰহণযোগ্য হ'ব । তেওঁ উল্লেখ কৰা মতে ক'ভিড যোদ্ধা যেনে স্বাস্থ্য কৰ্মচাৰী আদিৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব এই স্প্ৰে । প্ৰতিষেধকৰ সমান্তৰালকৈ হেপাৰিন স্প্ৰে ব্যৱহাৰ কৰিব পৰা যাব যদিও প্ৰতিষেধক লোৱাটো সকলোৰে বাবে প্ৰয়োজন ।

লগতে পঢ়ক :শেহতীয়াকৈ অনুমোদন লাভ কৰা নতুন ক'ভিড প্ৰতিষেধক আৰু টেবলেট সম্পৰ্কে কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.