ETV Bharat / sukhibhava

সাতটা কম মূল্যায়ন কৰা উৎকৃষ্ট খাদ্য যি স্বাস্থ্যৰ বাবে উপকাৰী - স্বাস্থ্যৰ বাবে উপকাৰী

বৰ্তমান সময়ত সকলো লোকেই অধিক স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈ উঠিছে ৷ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত আৰু প্ৰতিবিধ খাদ্যই শৰীৰত কেনে প্ৰভাৱ পেলাই সেইয়া জুখি মাখি চাইহে আজিকালি মানুহে খোৱাৰ সামগ্ৰী বাছনি কৰে । আমি যি খাওঁ সেই সমূহে আমাৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলায় । এনে কিছুমান bite-sized খাদ্য আছে, যিবোৰে শৰীৰক ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে ৷ আনহাতে আন কিছুমানে আকৌ হজমশক্তি বৃদ্ধি আৰু শোষণত সহায় কৰে ( nutrition tips) ।

superfoods
স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য
author img

By

Published : Jun 8, 2022, 10:02 PM IST

প্ৰতিবিধ খাদ্যৰেই কিছুমান ভাল গুণ থাকে । কিন্তু তাৰ মাজতে কিছুমান খাদ্যৰ যথেষ্টখিনি ভাল গুণ থাকে, সেইবোৰক বিজ্ঞানৰ ভাষাত চুপাৰফুড অৰ্থাৎ অতি উৎকৃষ্ট বুলি কোৱা হয় । দুৰ্ভাগ্যবশতঃ আমি প্ৰায়ে এই চুপাৰফুডবোৰক বিশেষ গুৰুত্ব নিদিওঁ (What are superfoods) । আমি প্ৰায়ে পৰিহাৰ কৰা সাতটা চুপাৰফুডৰ বিষয়ে জানি থওঁ আঁহক যিসমূহ স্বাস্থ্যৰ বাবে অত্যন্ত উপযোগী (Nutrition tips) ৷

ফৰ্টিফাইড নিমখ(Fortified salt)

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ হঠাতে আপোনাৰ আহাৰত নিমখ গ্ৰহণ বন্ধ কৰাটো এক ভুল ধাৰণা । ইয়াৰ পৰিৱৰ্তে, আপুনি জিংক নতুবা সঠিক মাত্ৰাত থকা জিংকৰ সুদৃঢ় নিমখ ব্যৱহাৰ কৰক ৷ ই আপোনাৰ শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ জিংকে আঘাতৰ দ্ৰুত আৰোগ্য আৰু শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে (healthy food tips ) ৷

ৰঙালাওৰ গুটি(Pumpkin seeds)

ৰঙালাওৰ গুটিৰ এক মিঠা বাদামী সোৱাদ থাকে ৷ ৰঙালাওৰ গুটিত কেৰোটিনইড থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু আপোনাৰ চকু অতি স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে । এই বীজবোৰে আপোনাৰ স্মৃতিশক্তি, চিন্তা আৰু সাধাৰণ বোধগম্যতা বৃদ্ধি কৰাতো সহায় কৰে ।

নিকৰী(Fox nuts)

নিকৰী প্ৰ'টিন আৰু আঁহৰ ভাল উৎস । সেইবোৰত কেলৰি মজলীয়াভাৱে অধিক হয় (50 গ্ৰামে আপোনাক 175 কেলৰি দিয়ে) ৷ কিন্তু যিহেতু সেইবোৰ নিম্ন GI (গ্লাইচেমিক ইণ্ডেক্স) খাদ্য, সেয়েহে সেইবোৰ শৰীৰত লাহে লাহে হজম হয় । এইবোৰ গ্লুটেন-মুক্ত আৰু গ্লুটেন অসহিষ্ণু লোকৰ বাবে উৎকৃষ্ট । ফক্স নাটচ্ত যথেষ্ট পৰিমাণে এণ্টি-এজিং এণ্টিঅক্সিডেণ্ট থাকে ।

চীনা বাদাম(Peanuts)

ইয়াত কোনো সন্দেহ নাই যে চীনা বাদাম ভাল মানদণ্ডৰ প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস । ত্ৰিশ গ্ৰাম চীনা বাদামে আপোনাক বাদামৰ তুলনাত 160 কেলৰি আৰু সাত গ্ৰাম প্ৰ'টিন প্ৰদান কৰে । চীনা বাদাম ৰেচভেৰাট্ৰল সমৃদ্ধ যুক্ত, যি কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে আৰু বয়স বৃদ্ধিত সহায় কৰে ।

ৱাটাৰ চেষ্টনাট/সিংঘাৰা(Water chestnut/Singhara)

সিংঘাৰা চৰ্বি, কলেষ্টেৰল আৰু গ্লুটেনৰ পৰা মুক্ত আৰু ইয়াত ছডিয়ামৰ পৰিমাণ কমকৈ থাকে । সেইবোৰত কেলৰি কম আৰু সঠিক পৰিমাণৰ আঁহ থাকে । এইবোৰ পটাছিয়ামৰ এক উৎকৃষ্ট উৎস ৷ পটাছিয়াম এনে এক খনিজ পদাৰ্থ যি পানী বজাই ৰখাত সহায় কৰে আৰু ছডিয়ামৰ ভাৰসাম্য বজাই ৰাখি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ উপৰিও, এইবোৰে হাড় শক্তিশালী কৰা কেলচিয়াম, আয়ডিন আৰু মেংগানিজ (যি থাইৰইড গ্ৰন্থিৰ সঠিক কাৰ্যকলাপ বজাই ৰখাত সহায় কৰে) আৰু অন্যান্য খনিজ যেনে তাম, জিংক, ভিটামিন বি আৰু ভিটামিন ই প্ৰদান কৰে ৷ এই সকলোবোৰ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত অত্যাৱশ্যকীয় ।

চাত্তু(Sattu)

চাত্তু বা ভজা বেচনে তাৎক্ষণিক শক্তি প্ৰদান কৰে ৷ ই নিৰামিষভোজী সকলৰ বাবে ভাল মানদণ্ডৰ প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস (100 গ্ৰাম চাত্তুয়ে প্ৰায় 20 গ্ৰাম প্ৰ'টিন প্ৰদান কৰে)। প্ৰায় 22 গ্ৰাম আঁহযুক্ত চাত্তুৰ বেছিভাগ অদ্ৰৱণীয় আৰু ই পাকস্থলী পৰিষ্কাৰ কৰা আৰু শৰীৰক ডিটক্স কৰাত সহায় কৰে । গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যত ভুগি থকা সকলৰ বাবে এয়া এক আশ্চৰ্যকৰ খাদ্য ।

আমলখি(Amla)

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু ফ্লু, চৰ্দি আৰু আন বহুতো সংক্ৰমণৰ ভাইৰাছ দূৰত ৰাখিবলৈ ভিটামিন চি হৈছে উৎকৃষ্ট খাদ্য । আমলখি হৈছে ভিটামিন চি-ৰ আটাইতকৈ উৎকৃষ্ট উৎস ৷ ই এক শক্তিশালী এণ্টিঅক্সিডেণ্ট যুক্ত খাদ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী উৎকৃষ্ট ফল । আমলখিয়ে খাদ্যৰ পৰা লো আৰু কেলচিয়াম শোষণ উন্নত কৰাত সহায় কৰে । ডায়েবেটিছ ৰোগীসকলৰ বাবে ই উপকাৰী আৰু লগতে যকৃতো পৰিষ্কাৰ কৰে ৷

লগতে পঢ়ক: 30 বছৰৰ পিছত ছালৰ ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.