ETV Bharat / state

ওদালগুৰিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ ইউ পি পি এলৰ

ক্ৰমাৎ আকৰ্ষণীয় ৰূপ লৈছে বিটিচিৰ নিৰ্বাচনে ৷ বিটিচিৰ প্ৰায় ৪০টা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব ইউ পি পি এলে ৷ বৃহস্পতিবাৰে ওদালগুৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ এই কথা ঘোষণা কৰে ইউ পি পি এলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰমোদ বড়োয়ে ।

UPPL meeting attend by Pramod Bodo at Udalguri assam etv bharat news
নিৰ্বাচনী কুচকাৱাজ
author img

By

Published : Mar 5, 2020, 5:12 PM IST

ওদালগুৰি,5 মাৰ্চঃ ইউ পি পি এলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত বৃহস্পতিবাৰে ওদালগুৰিত প্ৰথমবাৰৰ বাবে এখন দলীয় সভাত উপস্থিত হয় প্ৰমোদ বড়ো । সভাখনৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ওদালগুৰি জিলাৰ নিৰ্বাচনী যুঁজলৈ দলটো সাজু হৈ উঠা বুলি ঘোষণা কৰে । বিটিচি-ৰ প্ৰায় ৪০টা সমষ্টিত নিৰ্বাচন খেলাৰ কথা প্ৰকাশ কৰি মিত্ৰতাৰ দুৱাৰ মুকলি ৰখাৰ কথা বড়োৱে প্ৰকাশ কৰে ।

UPPL meeting attend by Pramod Bodo at Udalguri assam etv bharat news
নিৰ্বাচনী কুচকাৱাজ আৰম্ভ

পৰিৱৰ্তনে ইউ পি পি এল-ৰ মূল লক্ষ্য বুলি উল্লেখ কৰি হাগ্ৰামাৰ টকাৰে নিৰ্বাচন খেলাৰ বিপৰীতে ইউ পি পি এলে ৰাইজক সাৰথি কৰি এইবাৰৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব ৷ লগতে পৰিষদ দখল কৰিব বুলি দাবী কৰে প্ৰমোদ বড়োৱে ৷ প্ৰসংগক্ৰমে এন ডি এফ বি-ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় প্ৰমোদ বড়োৱে । ইপিনে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰি অহা প্ৰমোদ বড়োৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত জানিব বিচৰাত ভাৰত চৰকাৰৰ সংবিধান অনুসৰি আগবঢ়াৰ কথা উল্লেখ কৰে ইউ পি পি এলৰ নেতাগৰাকীয়ে ৷

নিৰ্বাচনী সভাত অংশগ্ৰহণ প্ৰমোদ বড়োৰ

লগতে চাওকঃবস্তি অঞ্চলৰ শিশুৰ সপোন ৰচা মহিলা গৰাকী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.