ETV Bharat / state

ওৰাঙৰ গেলাবিল বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাৰ সবিশেষ - ওৰাঙৰ গেলাবিল বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাৰ সবিশেষ

যোৱা নিশা কামৰূপ জিলাৰ বাইহাটাত বিবাহ সম্পন্ন কৰি তেজপুৰলৈ উভটি অহাৰ সময়ত ওদালগুৰি জিলাৰ ওৰাং গেলাবিলত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত দৰাপক্ষৰ 8জনকৈ লোক থিতাতে নিহত হয় ৷ কেনেদৰে সংঘটিত হৈছিল উক্ত দুৰ্ঘটনাটো ৷ ঘটনাৰ সবিশেষ এই প্ৰতিবেদনত ৷

গেলাবিল বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনা
author img

By

Published : Nov 20, 2019, 7:13 PM IST

ওদালগুৰি, 20 নৱেম্বৰঃ ওদালগুৰি জিলাৰ ওৰাং গেলাবিলত মঙলবাৰে নিশা প্ৰায় 2:30 বজাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এখন আৰ্টিগা বাহন ৰৈ থকা ট্ৰাকৰ পিচফালে সোমাই যোৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় 8জনকৈ লোক ৷ নিহত আটাইকেইগৰাকী লোক বিবাহযাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ তেজপুৰৰ পৰা বাইহাটালৈ আহিছিল বিবাহ যাত্ৰীৰ বাহনখন ৷ দুৰ্ঘটনাত নিহত হোৱা আটাইকেইগৰাকী লোক দৰাৰ বন্ধু আছিল বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ ভাষ্য

লগতে পঢ়কঃ ওৰাঙৰ শোকাৱহ পথ দুৰ্ঘটনা,শোকস্তদ্ধ তেজপুৰ

তেজপুৰৰ ডেকাৰগাঁৱৰ পৰা বাইহাটা চাৰিআলিত বিবাহ সম্পন্ন কৰি তেজপুৰলৈ ওভটি যোৱাৰ সময়ত মঙলবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷ 15নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা আন এটা দুৰ্ঘটনাৰ বাবে সমগ্ৰ ঘাইপথটোত সৃষ্টি হৈছিল তীব্ৰ যান-জঁট ৷ যাৰ বিষয়ে জ্ঞাত নাছিল দৰাপক্ষৰ যাত্ৰী আহি থকা আৰ্টিগা গাড়ীখনৰ চালক ৷ ওৰাঙৰ গেলাবিলত ৰৈ থকা ট্ৰাকৰ পিচফালে আৰ্টিগাখন সম্পূৰ্ণৰূপে সোমাই যোৱাৰ ফলতেই ঘটনাস্থলীতে নিহত হয় দৰাপক্ষৰ 8জন লোক ৷

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াৰ ভাষ্য

লগতে পঢ়কঃ গেলাবিলৰ দুৰ্ঘটনাস্থলীৰ পৰা সাংবাদিক ধনদ্বীপ বৰাৰ প্ৰতিবেদন

ঘটনাৰ ফলত বাইহাটাৰ কইনাঘৰৰ লগতে তেজপুৰৰ দৰাঘৰ আৰু ওৰাং গেলাবিলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ নিশা কইনা ঘৰত ভাত পানী খাই দৰাক মাত লগাই ওলাই যোৱা এইকেইজন লোকৰ সেই বিদায় যে চিৰ বিদায় হৈ পৰিব সেয়া কোনেও কল্পনা কৰা নাছিল যদিও নিয়তিৰ খেলত হাৰ মানিলে 8 জনকৈ চফল ডেকাই । ইতিমধ্যে ঘটনাক লৈ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ দলে তদন্ত আৰম্ভ কৰাৰ লগতে নিহত লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ ওৰাঙত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত 8 গৰাকী

AS-12B-2022 নম্বৰৰ এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰে AS-12V-9333 নম্বৰৰ এখন আৰ্টিগা বাহনে ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক সাবটি লয় আঠজনকৈ যাত্ৰীয়ে ৷ নিহত কেইজন ক্ৰমে, দিগন্ত শইকীয়া (মিছন চাৰিআলি), ৰিংকু শইকীয়া (তেজপুৰ মিলনপুৰ), ৰঞ্জিত ডেকা (ঠেলামাৰা), পাৰ্থ পুৰি (নতুন পাৰাৰ বাইলেন, তেজপুৰ), নাৰায়ণ দাস (দেউৰীগাঁও,তেজপুৰ), টিংকু বৰা,(মিলনপুৰ তেজপুৰ), কমল দেৱনাথ (পৰুৱা, তেজপুৰ) ৷ নিহত এজন এতিয়াও চিনাক্ত কৰা হোৱা নাই ৷

Intro:important Byte & Visual of Orang Accident

ওদালগুৰিৰ ওৰাংৰ গেলাবিলত নিশা ২:৩০ বজাত ভয়াবহ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে আৰ্টিকাই । থিতাতে মৃত্যু আৰ্টিকাৰ থকা ৮ জন লোক। বাইহাটৰ পৰা তেজপুৰ অভিমুখ আছিল গাড়ী খন । বিবাহ যাত্ৰী আছিল গাড়ী খনৰ যাত্ৰী কেইজন।

Body:important Byte & Visual of Orang Accident

ওদালগুৰিৰ ওৰাংৰ গেলাবিলত নিশা ২:৩০ বজাত ভয়াবহ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে আৰ্টিকাই । থিতাতে মৃত্যু আৰ্টিকাৰ থকা ৮ জন লোক। বাইহাটৰ পৰা তেজপুৰ অভিমুখ আছিল গাড়ী খন । বিবাহ যাত্ৰী আছিল গাড়ী খনৰ যাত্ৰী কেইজন।

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.