ওদালগুৰি, 20 নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা ওদালগুৰি ওৰাঙৰ গেলাবিলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ বাইহাটাৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এখন আৰটিগা বাহনে সংঘটিত কৰে দুৰ্ঘটনাটো ৷ মঙলদৈৰ পৰা বিয়াখাই তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত AS 12B 2022 নম্বৰৰ এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰে AS 12 V 9333 নম্বৰৰ এখন আৰটিগা বাহনে ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক সাবটি লয় আঠজনকৈ যাত্ৰীয়ে ৷ নিহত কেইজন ক্ৰমে, দিগন্ত শইকীয়া (মিছন চাৰিআলি), ৰিংকু শইকীয়া (তেজপুৰ মিলনপুৰ), ৰঞ্জিত ডেকা (ঠেলামাৰা), পাৰ্থ পুৰি (নতুন পাৰাৰ বাইলেন, তেজপুৰ), নাৰায়ণ দাস (দেউৰীগাঁও তেজপুৰ), টিংকু বৰা, (মিলনপুৰ তেজপুৰ), কমল দেৱনাথ (পৰুৱা তেজপু) ৷ নিহত এজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই ৷
লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ সৎকাৰ
ইপিনে, দুৰ্ঘটনাটোৰ পাচত বহু সময় ধৰি আৰটিগা বাহনখনৰ ভিতৰতে আবদ্ধ হৈ থাকে মৃত যাত্ৰীসকল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত গাড়ীখনৰ পৰা উলাই অনা হয় মৃতদেহ কেইটা ৷