ETV Bharat / state

নাহিল 108 ! ঠেলাতে চিকিৎসালয়লৈ নিলে বৃদ্ধাক - টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ

এম্বুলেঞ্চ নাপাই টংলাত ঠেলাৰে কঢ়িয়াব লগা হ'ল ৰোগীক ৷ 108 সেৱাত কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ আনকি চিকিৎসালয়তো বৃদ্ধা মহিলা গৰাকীক উপেক্ষা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

Tangla tragic incident
নাহিল 108 ! ঠেলাতে চিকিৎসালয়লৈ নিলে বৃদ্ধা মহিলাক
author img

By

Published : May 6, 2020, 5:13 PM IST

ওদালগুৰি, 6 মে' : লক্ ডাউনৰ মাজতে টংলাত হৃদয় বিদাৰক ঘটনা ৷ এম্বুলেঞ্চ নাপাই ঠেলাৰে কঢ়িয়াব লগা হ'ল ৰোগীক ৷

ভুক্তভোগী ৰোগীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, টংলাৰ ৰূপাঘাটৰ জয়ন্তী দে নামৰ বৃদ্ধা গৰাকীয়ে দীৰ্ঘ দিনৰ পৰা শাৰিৰীক অসুস্থতাত ভুগি আছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে প্ৰায় 5 কিল'মিটাৰ দূৰত থকা টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আনিবৰ বাবে 108 সেৱাত যোগাযোগ কৰাত কোনো ধৰণৰ সহাৰি পোৱা নাছিল ৷ শেষত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে বৃদ্ধা গৰাকীক ঠেলাৰে চিকিৎসালয়লৈ আনিবলৈ বাধ্য হয় ৷ আনকি চিকিৎসালয়তো ৰোগী গৰাকীক ভালদৰে চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

নাহিল 108 ! ঠেলাতে চিকিৎসালয়লৈ নিলে বৃদ্ধা মহিলাক

আনহাতে চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়তো চিকিৎসালয়খনৰ পৰা কোনো ধৰণৰ এম্বুলেঞ্চ যোগাৰ কৰি দিব নোৱাৰাৰ বাবে ঠেলাৰে ঘৰলৈ উভতাই আনিবলৈ বাধ্য হয় বৃদ্ধা মহিলা গৰাকীক ৷

লগতে পঢ়ক : গোলাঘাটত কোৱাৰেন্টাইনৰ পৰা পলায়ন ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.