ETV Bharat / state

"অসমীয়া জাতি ধ্বংস হ’লে অসমত বাস কৰা হিন্দু বঙালীসকলো ধ্বংস হ’ব"-শিলাদিত্যদেৱ

author img

By

Published : Sep 29, 2019, 12:01 AM IST

এন আৰ চিক নেছনেল পপুলেছন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰি নতুনকৈ এন আৰ চি প্ৰস্তুতৰ দাবী শিলাদিত্যৰ । বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ পৰা অসমক বচাবলৈ হিন্দু বঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আহ্বান বিধায়ক শিলাদিত্যৰ ৷

নতুনকৈ এন আৰ চি প্ৰস্তুতৰ দাবী শিলাদিত্যৰ

ওদালগুৰি, 28ছেপ্টেম্বৰঃ "অসমীয়া জাতি ধ্বংস হ’লে অসমত বাস কৰা হিন্দু বঙালীসকলো ধ্বংস হ’ব ৷ সেয়ে অসমখনক জেহাদী সমৰ্থনপুষ্ট বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু বঙালীসকলেও নিজৰ কৰ্তব্য পালন কৰিব লাগিব ৷ অসমত আশ্ৰয় দিয়াৰ বাবে সকলো অসমীয়াৰ প্ৰতি কৃতজ্ঞতা জনাই হিন্দু বঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দি অসমত দুৰ্গা পূজা,বিহু আদি একেলগে উদযাপন কৰিবলৈ বঙালীসকলে আগভাগ লওঁক ৷"- শনিবাৰে ওদালগুৰিৰ টংলা নগৰৰ তিনি নং খণ্ডৰ গোবিন্দ মন্দিৰ প্ৰাংগণত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি কমল চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ৷

নতুনকৈ এন আৰ চি প্ৰস্তুতৰ দাবী শিলাদিত্যৰ

এন আৰ চি খনক নেচনেল পপুলেচন ৰেজিষ্টাৰ ৰূপে ৰূপান্তৰ কৰি ১৯৫১ চনক ভিত্তি বৰ্ষ ৰূপে লৈ নাগৰিক পঞ্জী নতুনকৈ প্ৰস্তুত কৰাৰ দাবী হোজাই বিধায়ক শিলাদিত্যদেৱৰ । বিধায়ক শিলাদিত্য দেৱে এই দাবী জনোৱাৰ লগতে বাংলাদেশী মুছলমানৰ নাম সন্নিবিষ্ট নকৰাকৈ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিলেহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ’ব বুলি মত প্ৰকাশ কৰে ৷
ইপিনে শিলাদিত্য দেৱে লগতে কয় যে অসমীয়া জাতি ধ্বংস হ’লে অসমত বাস কৰা হিন্দু বঙালীসকলো ধ্বংস হ’ব ৷ সেয়ে অসমখনক জেহাদী সমৰ্থনপুষ্ট বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু বঙালীসকলেও নিজৰ কৰ্তব্য পালন কৰিব লাগিব ৷ আনহাতে যিদিনাৰ পৰা হিন্দু বঙালীসকলেও অসমীয়াৰ নামঘৰত শান্তি বিচাৰি প্ৰাৰ্থনাত মিলিত হ’ব,সেইদিনাৰ পৰাই হিন্দুত্ববাদীৰ শক্তি বৃদ্ধি পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক শিলাদিত্যদেৱে ৷

Intro:এন আৰ চিক নেছনেল পপুলেছন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰি নতুনকৈ এন আৰ চি প্ৰস্তুতৰ দাবী শিলাদিত্যৰ।

বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা অসমক বচাবলৈ হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আহ্বান শিলাদিত্যৰ
Body:

এনআৰচি খনক নেচনেল পপুলেচন ৰেজিষ্টাৰ ৰূপে ৰুপান্তৰ কৰি ১৯৫১ চনক ভিত্তি বৰ্ষৰূপে লৈ নাগৰিক পঞ্জী নতুনকৈ প্ৰস্তুত কৰাৰ দাবী হোজাই বিধায়ক শিলাদিত্যদেৱৰ। আজি ওদালগুৰি জিলাৰ টংলা নগৰৰ তিনি নং খণ্ডৰ গোবিন্দ মন্দিৰ প্ৰাংগনত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি কমল চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে এই দাবী জনোৱাৰ লগতে বাংলাদেশী মুছলমানৰ নাম সন্নিবিষ্ট নকৰাকৈ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিলেহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ’ব বুলি মত প্ৰকাশ কৰে ৷
শিলাদিত্য দেৱে লগতে কয়- অসমীয়া জাতি ধ্বংস হ’লে অসমত বাস কৰা হিন্দুু বাঙালীসকলো ধ্বংস হ’ব ৷ সেয়ে অসমখনক জেহাদী সমৰ্থনপুষ্ট বাংলাদেশী মুছলমানৰ অগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু বাঙালীসকলেও নিজৰ কৰ্তব্য পালন কৰিব লাগিব ৷ অসমত আশ্ৰয় দিয়াৰ বাবে সকলো অসমীয়াৰ প্ৰতি কৃতজ্ঞতা জনাই হিন্দু বাঙালীসকলে নিজকে অসমীয়া বুলি পৰিচয় দি অসমত দুৰ্গা পূজা, বিহু আদি একেলগে উদ্‌যাপন কৰিবলৈ বাঙালীসকলে আগভাগ লওঁক ৷
শিলাদিত্যই লগতে কয় বৃহত্তৰ হিন্দু সমাজে একত্ৰভাৱে বাংলাদেশী মুছলমানৰ অগ্ৰাসন, সত্ৰৰ মাটি বেদখলকাৰী, অসমীয়া তথা হিন্দু মহিলাৰ প্ৰতি বেয়া দৃষ্টি দিয়াসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’ব লাগিব ৷ কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিগে কৰি ষড়যন্ত্ৰৰ বাবেই হিন্দু বাঙালীসকল যুগ যুগ ধৰি বঞ্চণাৰ বলি হৈ আহিছে ৷ যিদিনাৰ পৰা হিন্দু বাঙালীসকলেও অসমীয়াৰ নামঘৰত শান্তি বিচাৰি প্ৰাৰ্থনাত মিলিত হ’ব, সেইদিনাৰ পৰাই হিন্দুত্ববাদীৰ শক্তি বৃদ্ধি পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আজিৰ এই সভাত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ তিনিটা গোটৰে সভাপতিৰ লগতে শীৰ্ষ নেতা সকলে অংশ গ্ৰহণ কৰে।

বাইট- শিলাদিত্যConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.