ওদালগুৰি, ৮ মেঃ ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী টোকানকাটাত বুধবাৰে বিয়লি ডাম্পাৰৰ খুন্দাত পল্লৱী শৰ্মা নামৰ এগৰাকী ২২ বছৰীয়া যুৱতী থিতাতে নিহত হয় ৷ মঙলদৈ-ভূটিয়াচাং পথত শিল-বালি কঢ়িওৱা এখন ডাম্পাৰে আবেলি প্ৰায় ৪-৩০ বজাত টংলাৰ দিশৰ পৰা আহি থকা অৱস্থাত টংলাৰ নিকটৱৰ্তী টোকানকাটা পকী দলঙত সংঘটিত কৰে দুৰ্ঘটনাটো ৷
ডাম্পাৰখন দেখা পাই দলঙৰ মাজত বাইক ৰখাই ডাম্পাৰখনক পাৰ হ'বলৈ দিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ সেই সময়ত বাইকৰ কাষত ৰৈ থকা পল্লৱী শৰ্মা নামৰ যুৱতীগৰাকীক ডাম্পাৰখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় যুৱতীগৰাকী ৷ আনহাতে ঘটনাৰ ফলত পুষ্পদেৱ গোস্বামী নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনে পলায়ন কৰে যদিও আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় ৷ মৃত্যু হোৱা যুৱতীগৰাকীৰ ঘৰ টংলা থানাৰ অন্তৰ্গত মাজগাঁৱত বুলি জানিব পৰা গৈছে ৷