ৰৌতা, ২৯ নৱেম্বৰ : ওদালগুৰি জিলাৰ মাজবাটত মৃত্যুৰ কিৰিলি ৷ মঙলবাৰে মঙলৰ দশা ভাল নাছিল ওদালগুৰিৰ চাৰি যুৱকৰ (Road accident at Mazbat) ৷ অভিশপ্ত মঙলবাৰে সন্ধিয়া মাজবাটৰ তিনিটা ভিন্ন স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত মৃত্যু হয় চাৰি যুৱক-যুৱতী ৷
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত মাজবাট থানা এলেকাৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সমীপত ওৰাং-মাজবাট ৰূপা পথত এখন বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত শোনিতপুৰ জিলাৰ ৰাক্ষসমাৰী থানা এলাকাৰ ১নং চিবিয়াৰী গাঁৱৰ দেৰহাচাত বসুমতাৰী (২০) নামৰ যুৱতীগৰাকী থিতাতে মৃত্যু হয় ।
উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰিমি দৈমাৰী (১৮) আৰু ৰঞ্জন কিচকো (৩০) ৷ অতি সংকটজনক অৱস্থাত দুয়োকে মাজবাট আৰক্ষীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, নিহত দেৰহাচাত আৰু আহত ৰিমি মাজবাট মহাবিদ্যালয়ৰ ছাত্ৰী ৷
আনহাতে, প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীলৈ ৰাওনা হয় মাজবাট আৰক্ষীৰ এটা দল ৷ তেনে সময়তে বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এজন বাইক আৰোহীয়ে আৰক্ষীৰ বাহনত খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে থিতাতে নিহত হয় বাইক আৰোহী নিজম বসুমতাৰী (২৬) ৷
ইফালে, মঙলবাৰে মাজবাট-বেটেলী চাহ বাগিচা পথৰ মুৰকাটি গাঁৱৰ নিকটৱৰ্তী ৰে’ল গেটৰ ওচৰত এখন AS২৭C৪৫৩৬ নম্বৰৰ বলেৰো পিক-আপ ভানে মহতিয়াই নিলে দুজন বাইক আৰোহীক ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় বেটেলী চাহ বাগিচাৰ জীতেন প্ৰজা (১৯) আৰু ৰাকেশ ওৰাং ।
উল্লেখ্য যে মঙলবাৰে মাজবাটৰ ভিন্ন স্থানত দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা চাৰিও যুৱক-যুৱতীক মাজবাট আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মাজবাট থানাৰ মৰ্গত ৰাখে । মাজবাটৰ তিনিটা স্থানত দুৰ্ঘটনাত পতিত হৈ চাৰি যুৱক-যুৱতী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ।
লগতে পঢ়ক : Accident in Barpeta: বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এটি শিশু