ওদালগুৰি, 1 ডিচেম্বৰঃ হায়দৰাবাদৰ 27 বছৰীয়া পশু চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ পিছতে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে ওদালগুৰি চহৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হাতত মম লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে ।
উল্লেখ্য যে,বিগত 28 নৱেম্বৰত হায়দৰাবাদৰ চামছাবাদৰ টলপ্লাজাৰ ওচৰত পশু চিকিৎসক গৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিছিল ধৰ্ষণকাৰীয়ে ।
আৰু পঢ়কঃ মাজুলীত মৎস্য চিকাৰৰ আনন্দ