ওদালগুৰি, 18 আগষ্টঃ পৰিৱৰ্তনকামী বিজেপি চৰকাৰ আৰু হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ বাস্তৱ ক্ষেত্ৰত যেন কোনো প্ৰভাৱ পৰা নাই বিটিচিৰ বিভিন্ন অঞ্চলত । উন্নয়নে ঢুকি নোপোৱা ওদালগুৰিৰ মাজৰ চুবা গাঁৱৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক৷ কেইবাবাৰো আবেদন কৰাৰ পিছতো স্থানীয় জনপ্ৰতিনিধিয়ে গাঁও বাসীৰ সমস্যাক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ । ফলত গাঁওখনৰ প্ৰতিঘৰ লোকৰ পৰা ৫০০ টকাকৈ তুলি ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিলে গাওঁখনৰ মাজেৰে যোৱা আমগুৰী-চিকাৰীবাঙাৰ পথটো।
আনহাতে দুখনকৈ চৰকাৰ থকাৰ পিছতো নিজৰ টকাৰে পথটো বনাব লগা হোৱাত ক্ষোভৰ সৃষ্টি হৈছে গাওঁবাসীৰ মাজত । অনাগত দিনত এই পথটোৰ উন্নয়নত গুৰুত্ব নিদিলে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিক উচিত শিক্ষা দিয়াৰো হুংকাৰ গাঁওবাসীৰ৷