ETV Bharat / state

Broken bridge:চাৰণপাৰত গেৰুৱা নদীৰ ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা - ওদালগুৰি

ভাগি গ’ল দলং, এতিয়া যান-বাহনটো দূৰৰে কথা পথচাৰীৰো অৱস্থা বৰ্ণনা কৰিব নোৱাৰা হৈ পৰিছে ৷

People are suffering due to broken bridge in udalguri
ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:46 PM IST

ভঙা দলঙে বিঘ্নিত কৰিছে যাতায়ত ব্যৱস্থা

ওদালগুৰি, 2 ছেপ্টেম্বৰ : ওদালগুৰি জিলাৰ চাৰণপাৰাৰ গেৰুৱা নৈৰ ওপৰত থকা পকী দলংখন ভাগি গ’ল ৷ বিগত বৰ্ষৰ বানে দলংখন ভাঙি পেলোৱাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ বিগত বৰ্ষৰ বান হোৱাৰ সময়তে দলংখন আচলতে বিধ্বস্ত হৈ পৰিছিল ৷ আজি প্ৰায় দুটা বছৰেই হ’ল অঞ্চলটোৰ প্ৰায় আঠ নখন গাঁৱৰ ৰাইজে যাতায়ত ব্যৱস্থাৰ নামত জীয়াতু ভুগিছে ৷

ওদালগুৰি জিলাৰ চাৰণপাৰাৰ গেৰুৱা নৈৰ ওপৰত থকা পকী দলংখন বিগত বৰ্ষৰ বানে বিচ্ছিন্ন কৰি পেলোৱাৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজৰ স্বাভাৱিক যাতায়াত ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বিটিচিৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰণপাৰা গাঁৱত গেৰুৱা নৈৰ ওপৰত থকা পকী দলংখনেৰে টংলা-মহলীয়াপাৰা পথৰ পৰা চাৰণপাৰা হৈ খৈৰাবাৰীলৈ যোৱাৰ সু-ব্যৱস্থা হৈছিল আৰু বৃহত্তৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক লোকে এই পথটোৰে দৈনিক যাতায়াত কৰি আহিছিল ৷

বিগত বৰ্ষৰ বানপানীৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা খহনীয়াৰ ফলত দলংখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু এই বছৰৰ বানত দলংখন বিচ্ছিন্ন হৈ পৰাত সম্প্ৰতি আন যান-বাহনটো দূৰৰে কথা নৈখনৰ পানী বৃদ্ধি পালেই সাধাৰণ পথচাৰীয়ে খোজকাঢ়িও অহা-যোৱা কৰিব নোৱাৰা হৈ পৰিছে ৷ কাষতে থকা চাৰণপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নেৰানেপেৰা বৰষুণ দিলেই বৃদ্ধি পোৱা নৈৰ পানী পাৰ হৈ যাব নোৱাৰাৰ বাবে পাঠদানৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে ৷

আনহাতে চাৰণপাৰাবাসীৰ বেমাৰ-আজাৰ হ’লে জৰুৰীকালীন সেৱাৰ এম্বুলেন্স এখনো পোনপটীয়াকৈ অঞ্চলটোলৈ যাব নোৱাৰাৰ বাবে সময়োপযোগী চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে ৷ উপায়ন্তৰ হৈ গাঁওখনৰ একাংশ সচেতন ৰাইজে ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত নহ’বলৈ আৰু সাধাৰণ পথচাৰী চলাচল কৰিব পৰাকৈ দান-বৰঙণিৰে এখন বাঁহৰ দলং সাজি দিছে যদিও সেইখনো সঘনাই মেৰামতি কৰি থাকিব লাগে ৷ গেৰুৱা নৈৰ ওপৰত থকা ভঙা পকী দলঙখনৰ ঠাইত নতুন পকী দলং এখন নিৰ্মাণ কৰি অঞ্চলবাসীৰ যাতায়াত সুচল কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈ জনপ্ৰতিনিধিৰ সুদৃষ্টিৰ পৰা বঞ্চিত হৈ আছে চাৰণপাৰাবাসী ৰাইজ ৷

লগতে পঢ়ক : Biswanath Naharani river:বিধায়কে কলগছ পুতি দলং হ’ব বুলি কোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.