ETV Bharat / state

34 বছৰীয়া সংগ্ৰামী যাত্ৰাৰ পৰিসমাপ্তি....!! - আনুষ্ঠানিকভাৱে সমাপ্তি NDFB

বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ স্বাৰ্থত বিটিচিৰ পৰিষদীয় ৰাজনীতিত অংশ লোৱা কথা ঘোষণা কৰে । অনুষ্ঠানৰ উপস্থিত থাকি ধীৰেন বড়োই বড়ো জাতিৰ হকে সদায় কাম কৰি যাব বুলি উল্লেখ কৰি বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে । আনহাতে ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত ধীৰেন বড়োক প্ৰশ্ন কৰাত বিষয়টো এৰাই চলাৰ চেষ্টা কৰে ।

আনুষ্ঠানিকভাৱে সমাপ্তি ঘটিল এন ডি এফ বিৰ

author img

By

Published : Mar 9, 2020, 10:58 PM IST

ওদালগুৰি, 9 মাৰ্চ : অৱশেষত আনুষ্ঠানিকভাৱে সমাপ্তি ঘটিল এন ডি এফ বিৰ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ । সোমবাৰে ওদালগুৰিৰ সোণাইগাঁওস্থিত এনডিএফবি ৰঞ্জন দৈমাৰী গোটৰ ডেজিগনেটেড শিৱিৰত এনডিএফবি (আৰ) এনডিএফবি (এছ) আৰু এনডিএফবি (ডি) গোট একত্ৰিত হৈ সংগঠনটোৰ পতাকা অৱতৰণ কৰি সংগঠন কেইটা আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে । সংগঠন কেইটাৰ হৈ পতাকা অৱতৰণ কৰে এনডিএফবি (ডি)ৰ সভাপতি ধীৰেণ বড়ো, এনডিএফবি (এছ)ৰ সভাপতি চৌৰাইগৌৰা আৰু এনডিএফবিৰ (আৰ)ৰ সাধাৰণ সম্পাদক বি অনজালুৱে । অনুষ্ঠানৰ মাজতে এনডিএফবিৰ (এছ)ৰ সভাপতি চৌৰাইগৌৰা আবেগিক হৈ পৰাও পৰিলক্ষিত হয় ।

ইয়াৰ মাজতে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত নেতাজনে বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ স্বাৰ্থত বিটিচিৰ পৰিষদীয় ৰাজনীতিত অংশ লোৱা কথা ঘোষণা কৰে । অনুষ্ঠানৰ উপস্থিত থাকি ধীৰেন বড়োই বড়ো জাতিৰ হকে সদায় কাম কৰি যাব বুলি উল্লেখ কৰি বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে । আনহাতে ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত ধীৰেন বড়োক প্ৰশ্ন কৰাত বিষয়টো এৰাই চলাৰ চেষ্টা কৰে ।

আনুষ্ঠানিকভাৱে সমাপ্তি ঘটিল এন ডি এফ বিৰ

লক্ষণীয়ভাৱে আজি এনডিএফবিয়ে যৌথভাৱে আয়োজন কৰা সংগঠন ভংগ অনুষ্ঠানত গোবিন্দ বসুমতাৰীৰ নেতৃত্বধীন এনডিএফবি প্ৰগতিশীলে অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । এনডিএফবি চৌৰাইগৌৰা গোটৰ সম্পাদক বি ফেৰেংগাও এই অনুষ্ঠানত উপস্থিত থকা দেখা নগ'ল । যি সময়ত বি ফেৰেংগাই ইউপিপিএলত যোগদান কৰিব বুলি চৰ্চা চলিছে তেনে সময়তে গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত ফেৰেংগাৰ অনুপস্থিয়ে তাৎপৰ্য বহন কৰিছে । অৱশ্যে বি ফেৰাংগাই শাৰিৰীক অসুস্থতাৰ বাবেহে অনুষ্ঠানত উপস্থিত থকা নাই বুলি চৌৰাইগৌৰাই সাংবাদিকক জানিব দিয়ে ।

ফেৰেংগা ইউপিপিএলত যোগদান কৰিব বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা সন্দৰ্ভতো চৌৰাইগৌৰাই এইয়া সংবাদ মাধ্যমৰহে প্ৰচাৰ হৈ আছে বুলি মন্তব্য কৰে । ইপিনে জেলত বন্দী হৈ থকাৰ বাবে আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব নোৱাৰা এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীক মুকলি কৰিবলৈ এনডিএফবিৰ তিনিটা গোটে আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.