ETV Bharat / state

ওদালগুৰিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নতুন প্ৰশাসনিক ভৱন মুকলি - আধুনিকিকৰণ ওপৰত গুৰুত্ব

২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সপোন দেখিছে, সেই সপোনৰ বাস্তৱ ৰূপ দিবলৈ অসম চৰকাৰে কৃষিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিছে । মঙলবাৰে ওদালগুৰি জিলাৰ লালপুলত "ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ" ৰ প্ৰশাসনিক ভৱনৰ উদ্ধোধন কৰি মন্ত্ৰী অতুল বৰাই এই দৰে মন্তব্য কৰে ।

ওদালগুৰিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নতুন প্ৰশাসনিক ভৱন মুকলি মন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Feb 10, 2021, 7:40 AM IST

দৰং,10 ফেব্ৰুৱাৰীঃ মঙলবাৰে ওদালগুৰি জিলাৰ লালপুলত "ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ" ৰ প্ৰশাসনিক ভৱনৰ উদ্ধোধন । ভৱনটো উদ্ধোধন কৰে অসম চৰকাৰৰ কৃষি, উদ্যান, খাদ্য, পশুধন, পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । উদ্ধোধনী সভাত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় আৰু অসম চৰকাৰে কৃষক সকলক লাভৱান কৰাৰ উদ্দ্যেশ্যৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱগত কৰে ।

ওদালগুৰিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নতুন প্ৰশাসনিক ভৱন মুকলি

ইপিনে মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোন, সেই সপোনৰ বাস্তৱ ৰূপ দিবলৈ অসম চৰকাৰে কৃষিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিছে । একেটা অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ওদালগুৰি জিলাত ৯০ৰ পৰা ৯৫ শতাংশ লোকেই কৃষিজীৱি বুলি মন্তব্য কৰে ৷ লগতে জিলা খনৰ কৃষক সকলে মঙলবাৰে উদ্ধোধন কৰা এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা লাভান্বিত হ'ব বুলি সভাত মত প্ৰকাশ কৰে ।

উদ্ধোধনী অনুষ্ঠানত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা , ড° এ.কে ত্ৰিপাঠি , বিটিচি কাৰ্যবাহী সদস্য ড° নিলোড স্বৰ্গীয়াৰী, ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াকে প্ৰমূখ্যে কৰি বহু কেইগৰাকী বিষয়া আৰু বিশিষ্ট লোক উপস্থিত থাকে ।

অধিক খবৰৰ বাবে লগতে পঢ়কঃ তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.