তামুলপুৰ, 8 ছেপ্টম্বৰ: বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) ৰাজ্যৰ বাবে কোনো নতুন কথা নহয় ৷ দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ ৰাইজে সমুখৰ পৰা ভুগি আহিছে এই সংঘাতৰ কুফল ৷
হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত বহু লোকৰ মৃত্যু হৈছে ৷ শেহতীয়াকৈ তামুলপুৰৰ জিলাৰ ভাৰত- ভূটান সীমান্তত গণেশগুৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক (Elephant menace in Tamulpur) ৷ নিহত লোকজন কালিপুৰৰ চেগুনবাৰীৰ বাসিন্দা নান টিমা বান্দো বুলি জানিব পৰা গৈছে (Man killed in wild Elephant attack) ৷
খাদ্যৰ সংকটৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰায়ে ত্ৰাস সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে (Elephant menace in Tamulpur) ৷ ইয়াৰ লগতে হাতীৰ এটা বৃহৎ জাকে খেতিপথাৰৰ শষ্য অনিষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে বহু ঘৰ-দুৱাৰ (Wild elephant persecution in Tamulpur) ৷
লগতে পঢ়ক: হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু