ETV Bharat / state

কিস্তিত বাহন কিনি বিপদত যুৱক - ফাইনেন্স কোম্পানী

ফাইনেন্স কোম্পানীয়ে নাই মনা নেকি চৰকাৰী নিয়ম ? 2020 চনৰ লকডাউনৰ সময়ত বহনৰ চাৰিটা কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিপদত যুৱক ৷

installment
কিস্তিত বাহন কিনি বিপদত যুৱক
author img

By

Published : Nov 7, 2021, 6:59 PM IST

ওদালগুৰি, 7 নবেম্বৰ : সাধাৰণ এখন অ'টো ৰিক্সা ক্ৰয় কৰি বিপদত পৰিল দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক । যুৱকজনৰ নাম আইনুল হক, ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰা গাঁৱৰ দৰিদ্ৰ তথা নিবনুৱা যুৱকজনে ২০১৭ বৰ্ষৰ জুলাই মাহত Amar Shakti Commerce & Industries Ltd নামৰ কোম্পানীটোৰ পৰা ঋণ লৈ ৬৪২০ টকাকৈ মুঠ ৪৮টা কিস্তিত এখন অ'টো ৰিক্সা ক্ৰয় কৰিছিল ।

কিস্তিত বাহন কিনি বিপদত যুৱক

সেইমতে প্ৰতি মাহৰ ৩০ তাৰিখে নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰি গৈ আছিল যুৱকজনে ৷ কিন্তু, ২০২০ বৰ্ষৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰে ঋণ লোৱা লোক সকলক কিছু সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ বাবেই ৩৩,৩৪ আৰু ৩৫ নম্বৰ কিস্তি পৰিশোধ কৰা নাছিল তেওঁ । বৰ্তমান যুৱকজনে ৪৭টা কিস্তি সময়মতে পৰিশোধ কৰি ক্লিয়াৰেন্স চাৰ্টিফিকেট ল’বলৈ যাওঁতে উৰহি গছৰ ওৰ ওলাই পৰে ।

Amar Shakti Commerce & Industries Ltd নামৰ কোম্পানীটোৱে ভূতৰ ওপৰত দানহ পৰাদি মাত্ৰ ৪টা কিস্তি সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে তিনিগুণ সূতসহ ৯৪ হাজাৰ ৩শ টকা জৰিমনা বিহাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যুৱকজনে ।

অ'টো ৰিক্সাখনেৰে ভাড়া মাৰি কোনোমতে ঘৰখন চলোৱা যুৱকজনে বিশাল জৰিমনাৰ পৰিমাণ দেখি আচৰিত হৈ পৰে । এই সন্দৰ্ভত যুৱকজনে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰ তথা RBI য়ে ঋণ লোৱা ব্যক্তিসকলক সূতৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ কথা গুৱাহাটীস্থিত কোম্পানীটোৰ কাৰ্যালয়ৰ সৈতে আলোচনা কৰে ৷ কিন্তু ওলোটাই দাবী ধমকিৰে তিনিগুণ সূতসহ জৰিমনা লোৱা হ'ব বুলি কোম্পানীয়ে জনোৱাৰ অভিযোগ কৰিছে যুৱকজনে ।

সেইমতে ৪ হাজাৰ ৬শ টকাকৈ জৰিমনাৰ ধন যুৱকজনক পৰিশোধ কৰিবলৈ কোৱা হয় । অন্যহাতে কোম্পানীটোৰ পৰা নিযুক্তিপ্ৰাপ্ত EMI কালেক্টৰ জনেও মাত্ৰ চাৰিটা কিস্তিৰ বাবত এই পৰিমাণৰ জৰিমনাৰ কথা জানিব পাৰি আচৰিত হৈ পৰে আৰু এই বিষয়ে তেওঁ অজ্ঞতা প্ৰকাশ কৰে ।

উপায়হীন হৈ এতিয়া নীতি নিৰ্দেশনাক কেৰেপ নকৰি ঋণৰ নামত গ্ৰাহকক টেটুচেঁপা দিয়া বুলি কোম্পেনীটোৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে যুৱকজনে । অৱশ্যে গাড়ীৰ গৰাকীজনে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কোম্পানীটোৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও উচিত তদন্ত পিছতহে প্ৰকৃত সত্য উদ্ঘাটন হ'ব ।

লগতে পঢ়ক : ‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.