ETV Bharat / state

আকৌ হাতী-মানুহৰ সংঘাত : নিহত এজন - হাতী - মানুহৰ সংঘাত

ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতে পুনৰ প্ৰাণ কাঢ়ি নিলে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিত্ৰ ৰঞ্জন দৈমাৰী (৫৫) নামৰ লোকজনৰ । পুৱা খেতি পথাৰত ব্যস্ত থকাৰ সময়তে পিছফালৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন ।

অব্যাহত হাতী - মানুহৰ সংঘাত : নিহত এজন
author img

By

Published : May 17, 2019, 2:12 PM IST

ওদালগুৰি, ১৭ মে': ওদালগুৰি জিলাৰ ভাৰত - ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বুধবাৰে পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হৰিশিঙা থানাৰ অন্তৰ্গত ১ নং আমজুলিৰ চিত্ৰ ৰঞ্জন দৈমাৰী (৫৫) নামৰ এজন লোকৰ মৃত্যু হয় । তথ্য অনুসৰি, পুৱা দৈমাৰীয়ে নিজৰ জলকীয়াৰ খেতিত কাম কৰি থকাৰ সময়তে পিছফালৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় লোকজনে ।

অব্যাহত হাতী - মানুহৰ সংঘাত : নিহত এজন

পিছত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, জিলা খনত বিগত কেইটামান বছৰৰ পৰা হাতী - মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ ।

ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত হাতী মানুহৰ সংঘাত।
আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত  ১ নং আমজুলিত পুনৰ মৃত্যু হ'ল এজন লোকৰ। হাতীৰ আক্ৰমণত  মৃত্যু হোৱা লোক জনৰ নাম চিত্ৰ ৰঞ্জন দৈমাৰী (৫৫)।  জানিব পৰা মতে পুৱা দৈমাৰীয়ে নিজৰ জলকীয়াৰ খেতি দৰাত কাম কৰি থকাৰ সময়তে পিছ পিনৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি লৈ লোক জনে। পিছত ঘটনস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰিক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ যে জিলা খনত বিগত কেইটামান বছৰৰ পৰা হাতী মানুহত সংঘাতে ভয়াৱহ ৰূপ ধাৰন কৰিছে যদিও ইয়াত ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.