ওদালগুৰি, 22 ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত 2নং গৰুৱাঝাৰত যোৱা নিশা হত্যা কৰা হৈছিল স্থানীয় ব্যৱসায়ী খাইৰুল হকক ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি যায় ব্যৱসায়ীজনক ৷ এই হতাকাণ্ডৰ পাচতেই শনিবাৰে খাইৰুল হকৰ ঘৰত উপস্থিত হয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । এই সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি এই ঘটনাৰ আৰত সাংসদ নৱ শৰণীয়া মানুহ আছে বুলি বিস্ফোৰক মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ জানিব পৰা মতে, মৃত খাইৰুল হক বিপিএফৰ এজন কৰ্মী আছিল ৷
বিটিচি প্ৰধানগৰাকীয়ে কয়, এনডিএফবিয়ে BTR চুক্তি দিনাই সকলো অস্ত্ৰ দি দিলে । এতিয়া বিটিচিত বড়ো সংগঠনৰ লগত অস্ত্ৰ নাই । এতিয়া কেৱল অস্ত্ৰ আছে ছিচ ফায়াৰত থকা নৱ (হিৰা) শৰণীয়াৰ মানুহৰ হাতত । এই ঘটনাত হিৰা শৰণীয়াৰ মানুহে জড়িত আছে ।
আনহাতে অবৈধ্য অস্ত্ৰ জব্দ কৰা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ প্ৰশ্নত মহিলাৰীয়ে কয়, মই পুলিছ নেকি ? মই প্ৰশাসনক অনুৰোধ কৰিছো এইটো প্ৰশাসনে চাব । মুঠতে এই ঘটনাত হিৰা শৰণীয়াৰ মানুহ প্ৰত্যক্ষ ভাৱে জড়িত আছে । এই সমগ্ৰ ঘটনাৰ উচিৎ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় হাগ্ৰামা মহিলাৰীয়ে ।
এই ঘটনা সংঘটিত হোৱাৰ পিচতে শনিবাৰে উত্তপ্ত হৈ পৰে গৰুৱাঝাৰ অঞ্চল । ঘটনা সংঘটিত হোৱা নোনাই নদীৰ দলঙৰ ওপৰত কেইবা শতাধিক মহিলাই অৱস্থান গ্ৰহণ কৰি ঘটনাত জড়িত সকলক কৰায়ক্ত কৰাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে ।