ওদালগুৰি, 16 অক্টোবৰ : ওদালগুৰিৰ ৰৌতাত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিজু শংকৰ ৰাভাৰ সমৰ্থনত প্ৰচাৰ চলোৱা সাংসদগৰাকীয়ে নিৰ্বাচনী সভাত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৷ তেওঁৰ সৈতে এই সভাত অংশগ্ৰহণ কৰে ব্ৰজেন মহন্তয়ো ৷
সভাত তেওঁ কয় যে,বিপিএফ দল নিজৰ ভুলৰ বাবে নিঃশেষ হৈ গ'ল ৷ দলটোৱে উন্নয়নৰ পৰিৱৰ্তে দুৰ্নীতিহে কৰিছে ৷ অবড়োৰ ভোট লৈ অবড়োৰ বাবে একো নকৰিলে বিপিএফে ৷ বিপিএফে চৰকাৰ গঠন কৰিব নোৱাৰে,কেৱল চাইড এক্টৰহে হ'ব পাৰিব । এই সভাতে নৱ শৰণীয়াই বিজেপি দলকো তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক : SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান