ETV Bharat / state

আৰক্ষীৰ জালত প্ৰৱঞ্চক চক্ৰ - ETV BHARAT

বিগত কিছুদিনৰ পৰা ডুমডুমাত গ্ৰাম্য অঞ্চলৰ একাংশ সহজ-সৰল মহিলাৰ এটিএম কার্ডৰ পৰা লাখ লাখ টকা হৰলুকি কৰি আহিছে এটা প্ৰৱঞ্চকৰ চক্ৰই ৷ সোমবাৰে ডুমডুমা আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চক চক্ৰটোৰ ৩ জন অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ।

FRAUDS APPREHENDED
author img

By

Published : Mar 12, 2019, 3:29 PM IST

তিনিচুকীয়া, ১২ মাৰ্চ: তিনিচুকীয়া জিলাত দিনক দিনে হত্যা-হিংসাৰ লগতে ঠগ-প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাই অহাৰ ফলত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ।

FRAUDS APPREHENDED
বিগত কিছুদিনৰ পৰা ডুমডুমাত গ্ৰাম্য অঞ্চলৰ একাংশ সহজ-সৰল মহিলাৰ এটিএম কার্ডৰ পৰা লাখ লাখ টকা হৰলুকি কৰি আহিছে এটা প্ৰৱঞ্চকৰ চক্ৰই ৷ সোমবাৰে ডুমডুমা আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চক চক্ৰটোৰ ৩ জন অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ।

অভিযোগ অনুসৰি, চাহ বাগিচা আৰু গাঁৱৰ সহজ-সৰল মহিলা সকলক লক্ষ্য কৰি টকা ওলোৱা অজুহাতেৰে এটিএমত প্ৰৱেশ কৰে আৰু মহিলা সকলৰ সহায় কৰাৰ প্ৰস্তাৱ দিয়ে । তাৰ পাছত এটিএম পিনকোড সংগ্ৰহ কৰি অন্য এখন কার্ড মহিলা সকলক ঘুৰাই দি পঠায় । শেষত সেই এটিএমেৰে টকা হৰলুকী কৰে । এইদৰে চক্ৰটোৱে হেলাৰঙে ২৫/৩০ গৰাকী লোকৰ পৰা লাখ লাখ টকা হৰলুকী কৰি অৱশেষত ডুমডুমা আৰক্ষীৰ জালত পৰিছে৷ প্ৰৱঞ্চকৰ দলটোৰ পৰা 25 খনকৈ এটিএম কার্ড উদ্ধাৰ কৰিছে ডুমডুমা আৰক্ষীয়ে ।

From:-Prasanta Khatowal
Date: 12-03-2019

Slug:-A_TSK_12MAR_801_ATM_VICTIMS_ARESST_PRASANTA_KHATOWAL

STORY:-ATM বদলিৰে লাখ লাখ টকা হৰলুকি কৰা প্ৰৱঞ্চকৰ চক্ৰ আৰক্ষীৰ জালত

OC/VO:-তিনিচুকীয়া জিলাৰ চাহ নগৰি ডুমডুমাত দিনক দিনে অপৰাধ প্ৰৱনতা বৃদ্ধি পাবলৈ ধৰিছে। হত্যা-হিংসাৰ লগতে ঠগ-প্ৰৱঞ্চনাৰে অতিষ্ঠ কৰি তুলিছে নগৰবাসীক৷ বিগত কিছুদিনৰ পৰা ডুমডুমাত গ্ৰাম্য অঞ্চলৰ একাংশ সহজ-সৰল মহিলাৰ ATM কার্ডৰ পৰা লাখ লাখ টকা হৰলুকি কৰি আহিছে এটা প্ৰৱঞ্চকৰ চক্ৰই৷ সোমবাৰে ডুমডুমা আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চক চক্ৰটোৰ ৩জন অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে।  অভিযোগ অনুসৰি নগৰ খনত থকা ATM সমূহত প্ৰৱঞ্চকৰ দলটোৱে ভূমুকি’ মাৰি চাহ বাগিচা আৰু গাওঁৰ সহজ-সৰল মহিলা সকলক লক্ষ্য কৰি লৈছিল।  ATM ত ভিৰৰ সুযোগ গ্ৰহণ কৰি চক্ৰটোৰ এজন সদস্য বাহিৰত থকাৰ বিপৰীতে দুজনে মহিলা সকলৰ মাজত প্রৱেশ কৰি ATM ৰ পৰা টকা ওলোৱা অজুহাতেৰে সহজ - সৰল মহিলা সকলক সহায় কৰাৰ প্ৰস্তাৱ দি মহিলা সকলৰ ATM লোৱা পিছত তেওঁলোকক Pin Code মাৰিবলৈ দিয়ে। Pin code মৰা সময়ত  যুৱক দুজনে  ভালদৰে লক্ষ্য কৰি লোৱা’ পিছত একেধৰণৰ অন্য এটা ATM কার্ড মহিলা সকলক ঘুৰাই দি পঠাই দিয়ে। তাৰ পিছত মহিলা সকলৰ পৰা বদলি কৰি লোৱা ATM কার্ড দি তেওঁলোকৰ একাউণ্টৰ পৰা টকা উলিয়াই হৰলুকী  কৰি আহিছিল। বহু অশিক্ষিত মহিলাৰ মোবাইলত মেছেজ আহিলেও তেওলোকে গুৰুত্ব নিদিয়াৰ ফলত এটা এটা একাউণ্টৰ পৰা 3/4 দিন ধৰি  70/80 হাজাৰ টকা পৰ্যন্ত উলিয়াই নিয়াৰ কথা পোহৰলৈ আহিছে। এইদৰে  চক্ৰটোটোৱে হেলাৰঙে 25/30 গৰাকী লোকৰ পৰা লাখ লাখ টকা হৰলুকী কৰি অৱশেষত ডুমডুমা আৰক্ষীৰ জালত পৰিছে৷ প্ৰৱঞ্চকৰ দলটোৰ পৰা 25 খন ATM কার্ড উদ্ধাৰ কৰিছে ডুমডুমা আৰক্ষীয়ে।  

BYET:- মনিমোহন কোঁচ,OC,

Byte : ভুক্তভোগী মহিলা৷

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.