ETV Bharat / state

"বহাগত পাতক বিয়া" - ৰিহণ দৈমাৰী

কোনজন মন্ত্ৰীয়ে দিলে এনে বিধান ?

"বহাগত পাতক বিয়া"
author img

By

Published : Mar 4, 2019, 9:29 PM IST

ওদালগুৰি,৪ মাৰ্চ: আপুনি বাৰু বিয়াবাৰুৰ কথা চিন্তা কৰিছে নেকি? যদি কৰিছে, তেন্তে অলপ ৰৈ দিয়ক অথবা পিচুৱাই দিয়ক আপোনাৰ বিয়াৰ তাৰিখ । বহাগত পাতক বিয়া ।
এয়া আমাৰ কথা নহয় । এই পৰামৰ্শ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ । পাচে, কোনজন মন্ত্ৰীয়ে আৰু কিয় দিলে এনে পৰামৰ্শ ?

"বহাগত পাতক বিয়া"

এই পৰামৰ্শ দিয়া মন্ত্ৰীগৰাকী হৈছে ৰিহণ দৈমাৰী আৰু পৰামৰ্শৰ কাৰণ হৈছে অসম চৰকাৰে শেহতীয়াকৈ বাজেটত ঘোষণা কৰা অৰুন্ধতী আঁচনি । এই আঁচনিৰ জড়িয়তে দুখীয়া পৰিয়ালৰ কইনাই বিবাহৰ বাবে অসম চৰকাৰৰ পৰা লাভ কৰিব ১ তোলাকৈ সোণ । কিন্তু বাজেটৰ নিয়ম অনুসৰি , অহা এপ্ৰিল মাহৰ পৰাহে প্ৰযোজ্য হ'ব এই আঁচনি । যাৰ বাবে এপ্ৰিলৰ পূৰ্বে বিবাহ হোৱা কইনাই লাভ নকৰিব এই আঁচনিৰ অধীনত সোণ । সেয়েহে দলঙৰ আধাৰশিলা স্থাপন কৰিব আহি মন্ত্ৰীজনে সোণ লাভ কৰাৰ স্বাৰ্থত এই পৰামৰ্শ আগবঢ়াইছে ৰাইজক ।

উল্লেখ্য যে, আজি চন্দনা আৰু কাৰদঙা নদীৰ ওপৰত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কাবিৰালী আৰু কাদমতলাত উপস্থিত হয় মন্ত্ৰী ৰিহণ দৈমাৰী । স্বাধীনতাৰ সত্তৰ বছৰ পাচতো পকী দলং লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল অঞ্চলটোৰ লোকসকল । যাৰ ফলত চন্দনা নদীৰ মাজেৰে কোনোমতে এখন বাহন পাৰ হোৱা শ্লুইচ গেটেৰে আহ-যাহ কৰি আছিল কাবিৰালীলৈ অহা লোকসকলে । আনহাতে কাদমতলাটো কাৰদঙা নদীৰ ওপৰত থকা বাঁহৰ দলঙখনে আছিল অঞ্চলবাসীৰ এক মাত্ৰ সাৰথি । সোমবাৰে আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো , বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰিৰ লগতে অংশ গ্ৰহণ কৰে আন বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ।

undefined

Intro:বিয়া পিছুৱাই দিয়ক। বহাগৰ পাতক বিয়া।
অসমৰ এজন মন্ত্ৰীৰ পৰামৰ্শ এইয়া। কিন্তু কিয় এই পৰামৰ্শ দিলে এই মন্ত্ৰী জনে ?

Body:

কোনোবাই যদি বিয়া পাতিব ঠিক থাক কৰিছে তেন্তে অলপ পিছুয়াই দিয়ক বিয়াৰ তাৰিখ। বহাগৰ পাতক বিয়া। এই পৰামৰ্শ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ । এই মূল্যবান পৰামৰ্শ দিয়া মন্ত্রী জন হল ৰিহণ দৈমাৰী। কিন্তু কিয় এই পৰামৰ্শ মন্ত্ৰী জনৰ। পৰামৰ্শৰ কাৰণ হল অসম চৰকাৰে শেহতীয়াকৈ বাজেটত ঘোষণা কৰা ----- আঁচনি । এই আঁচনিৰ জড়িয়তে দুখীয়া পৰিয়ালৰ কন‍্যাই বিবাহৰ বাবে অসম চৰকাৰ পৰা লাভ কৰিব ১ তোলাকৈ সোণ। কিন্তু বাজেট নিয়ম অনুসৰি অহা এপ্ৰিল মাহৰ পৰাহে প্ৰযোজ্য হব এই আঁচনি। যাৰ বাবে এপ্ৰিলৰ পূৰ্বে বিবাহ হোৱা কইনাই লাভ নকৰিব এই আঁচনিৰ সোন। সেয়েহে দলঙৰ আধাৰশিলা স্থাপন কৰিব আহি মন্ত্ৰী জনে সোন লাভ কৰাৰ স্বাৰ্থত এই পৰামৰ্শ আগ বঢ়াই ৰাইজক । উল্লেখ যে আজি দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কাবিৰালী আৰু কাদমতলাত উপস্থিত হৈছিল মন্ত্ৰী জন। চন্দনা আৰু কাৰদঙা।নদীৰ ওপৰত দলং দুখন নিৰ্মাণৰ বাবে অঞ্চল বাসীয়ে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল যদিও স্বাধীনতাৰ ৭০ বছৰ পিছতো পকী দলং লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল অঞ্চলটোৰ লোকে। যাৰ ফলত চন্দনা নদীৰ মাজেৰে বা কোনোমতে এখন বাহন পাৰ হোৱা চুইছ গোটেৰে আহ যাহ কৰি আছিল কাবিৰালীলৈ অহা লোক সকলে। আনহাতে কাদমতলাটো কাৰদঙা নদীৰ ওপৰত থকা বাঁহৰ দলঙ খনে আছিল অঞ্চল বাসীৰ এক মাত্ৰ সাৰথি। আজি আধাৰশিলা স্থাপন কৰা এই দলং কেইখন সম্পূৰ্ণ হলে অঞ্চলটোলৈ এম্বুলেঞ্চ , চাৰি চকীয়া বাহন আদি সহজতে যোৱাৰ লগতে এই পথটোৰে পোনপটীয়াকৈ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথলৈ কম সময়ৰ ভিতৰত যাব পাৰিব অঞ্চলটোৰ ৰাইজ। আজিৰ এই অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো , বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰিৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.